Rongali Bihu Wishes: বিহুটি আহিলে ৰমকে জমকে… আপোনজনক এইদৰে জনাওক বিহুৰ শুভেচ্ছা

Rongali Bihu Wishes in Assamese: প্ৰকৃতিৰ ৰূপ সলাই চ'তে মাতিছে ব’হাগক। ব’হাগ বিহুটি অসমীয়া মান। অসমীয়াৰ তিনিটা বিহুৰ ভিতৰত প্ৰধান ৰঙালী বিহু। চ’তৰ সংক্রান্তিৰ পৰা আৰম্ভ হৈ ব’হাগৰ ছয় দিনলৈ পালন কৰা হয় ব’হাগ বিহু বা ৰঙালী বিহু। এই বিশেষ দিনকেইটাত আপোনজনলৈ প্ৰেৰণ কৰক শুভেচ্ছা বাৰ্তা।

Rongali Bihu Wishes:  বিহুটি আহিলে ৰমকে জমকে... আপোনজনক এইদৰে জনাওক বিহুৰ শুভেচ্ছা

ৰঙালীৰ ৰঙত ৰঙীন ৰাজ্য

Published: 

13 Apr 2025 | 06:30 AM

পদূলি মুখত হেঁপাহৰ ৰঙালী । বিহু বুলি ক’লেই উলাহে নধৰা হয় প্ৰতিজন অসমীয়াৰ মন । বিহু অসমীয়াৰ চিনাকি, অসমীয়া জাতিৰ আয়ুস ৰেখা । জাতি-বৰ্ণ-ভাষা নিৰ্বিশেষে সকলোৱে বিহু উদযাপন কৰিব পৰাৰ বাবেই বিহুক লোক সংস্কৃতিৰ দপোন তথা অসমীয়া সংস্কৃতিৰ শ্ৰেষ্ঠতম সম্পদ বুলি অভিহিত কৰে ।

এইবাৰ ১৪ এপ্ৰিল সোমবাৰে অসমীয়াই পালন কৰিব হেঁপাহৰ গৰু বিহু। সেইদিনাৰ পৰা আৰম্ভ হ’ব সাত বিহুৰ পৰম্পৰা। গৰু বিহুৰ দিনা গাঁৱৰ কৃষকসকলে তেওঁলোকৰ গোহালিৰ পৰা গৰু, ম’হ উলিয়াই নৈ বা জান-জুৰিৰ ঘাটলৈ নি নোৱাই ধুৱাই এই বিহু উদযাপন কৰে। এই বিহুত আপোনজনক এইদৰে জনাওক বিহুৰ শুভেচ্ছা…

  • ৰঙালীৰ ৰঙেৰে ভৰি পৰক দেহা-মন, আগন্তুক দিনবোৰ হৈ পৰক ৰঙালীৰ দৰেই ৰঙীণ আৰু সুখ শান্তিৰে পৰিপূৰ্ণ, তাৰেই আন্তৰিক কামনাৰে সকলোকে ৰঙালীৰ শুভেচ্ছা জনালোঁ।
  • সমূহ অসমবাসী ৰাইজলৈ অসমীয়াৰ আনন্দৰ প্ৰতীক , হেঁপাহৰ ৰঙালী বিহুৰ লগতে অসমীয়া নৱ বৰ্ষৰ এই পৱিত্ৰ ক্ষণত মান্যানুসাৰে শ্ৰদ্ধা , স্নেহ আৰু আন্তৰিক শুভেচ্ছা জনালোঁ ।
  • হেঁপাহৰ ৰঙালীৰ ওলগ জনালো। ৰঙালীৰ প্ৰাকক্ষণত সকলোৰে মংগল কামনা কৰিলো।
  • অসমীয়াৰ আয়ুসৰেখা ব’হাগ বিহুৰ প্ৰীতি আৰু শুভকামনা ।
  • সমূহ অসমবাসী ৰাইজক বিহুৰ আন্তৰিক শুভেচ্ছা জনালো। এই বিহুৱে প্ৰতিটো পৰিয়ালৰ বাবে কঢিয়াই আনক সুখ আৰু শান্তিৰ বতৰা।
  • ‘অতিকৈ চেনেহৰ ব’হাগৰ বিহুটি, তাতোকৈ চেনেহৰ বিহু , তাতোকৈ চেনেহৰ বহাগৰ বিহুটি, নাপাতি কেনেকৈ থাকো’ সকলো অসমবাসীক চেনেহৰ ৰঙালীৰ আন্তৰিক শুভেচ্ছা জনালো।
  • ৰঙালী বিহু আৰু অসমীয়া নববৰ্ষৰ হিয়াভৰা শুভেচ্ছা জনালোঁ, এই বিহুৱে তোমাৰ জীৱনলৈ নতুন আশা, নতুন দিশ, নতুন উদ্যম আৰু সাফল্যৰ বতৰা
ৰাতিপুৱা কিয় ৰ'দ ল'ব লাগে ? ইয়াৰ পাঁচটা বিশেষ উপকাৰিতা জানক
হৃদৰোগৰ পৰা আঁতৰি থাকিব বিচাৰেনে? তৎক্ষণাত ত্যাগ কৰক এই তিনিটা অভ্যাস
জিভাৰ ৰঙে দিব আপোনাৰ দেহত নীৰৱে বাঢ়ি অহা সমস্যাৰ সংকেত! জানিলে হ’ব পাৰিব সাৱধান
আহিব দুখ-দুৰ্দশা! ঘৰৰ সন্মুখত নাৰাখিব এই বস্তু...
মুম্বাই বিমান বন্দৰত দেখা গ'ল বিৰাট কোহলিক...
এলিভেটেড ক'ৰিডৰৰ বিৰোধিতা গৌৰৱ গগৈৰ...
হেঁপাহৰ ভোগালীঃ বজাৰত মাছৰ উজান...
বুকুত মুখ্যমন্ত্ৰীৰ ছবি আঁকিলে অনুৰাগীয়ে...