সঘনাই চেলুনলৈ যায় নেকি? হ’ব পাৰে ষ্ট্ৰোকৰ কাৰণ! জানক সকলো…

চুলি কাটিবলৈ প্ৰায়ভাগ মানুহে চেলুনলৈ যায়। কিন্তু এই সময়খিনিত মানুহে কিছুমান দিশত গুৰুত্ব দিয়া ভাল। অন্যথা আপোনাৰ বিপদ আহিব পাৰে। আনকি ষ্ট্ৰোকৰ আশংকা বৃদ্ধি পাই বুলি একাংশই কয়।

সঘনাই চেলুনলৈ যায় নেকি? হব পাৰে ষ্ট্ৰোকৰ কাৰণ! জানক সকলো...

চেলুন

Published: 

13 Oct 2025 | 06:36 PM

প্ৰায়ভাগ মানুহে চেলুনত চুলি কাটে। কিন্তু চেলুনলৈ যোৱাৰ সময়ত কিছুমান কথাত গুৰুত্ব দিয়া প্ৰয়োজন। শেহতীয়াকৈ এক অধ্যয়নত প্ৰকাশ পাইছে যে চেলুনত চুলি ধোৱাৰ সময়ত ডিঙিৰ ভুল অৱস্থান আৰু দীৰ্ঘ সময় ধৰি ডিঙি ওলোমাই ৰাখিলে এয়া ষ্ট্ৰোকৰ কাৰণ হ’ব পাৰে। ইয়াক বিউটি পাৰ্লাৰ ষ্ট্ৰ’ক চিণ্ড্ৰম (BPSS) বুলি কোৱা হয়। অৱশ্যে সকলো সময়তে এনে নহয়। ইয়াৰ আশংকা থাকিব পাৰে। এই ডাঙৰ দাবী কৰিছে আমেৰিকান জাৰ্নেল অৱ ইমাৰ্জেন্সি মেডিচিনত প্ৰকাশিত এক গৱেষণাত।

জানিব পৰা মতে, ষ্ট্ৰোকৰ ২২ গৰাকী ৰোগী পৰীক্ষা কৰাৰ অন্তত এই খবৰ পোহৰলৈ আহিছে। কোৱা হৈছে, চেলুনত ডিঙিৰ ভুল অৱস্থানৰ বাবে এনে হ’ব পাৰে। মহিলাৰ ক্ষেত্ৰত ইয়াৰ আশংকা বেছি।

চুলি ধোৱাৰ সময়ত বহু সময় মূৰটো পিছলৈ হেলনীয়া কৰি ৰাখিব লাগে। এনে অৱস্থাত ডিঙিত স্নায়ুৰ চাপ পৰে, যাৰ ফলত মগজুলৈ তেজৰ সোঁত বন্ধ হৈ পৰে এনেবোৰ কাৰণত ষ্ট্ৰোক হব পাৰে।গৱেষণাৰ তথ্য অনুসৰি, এই অধ্যয়নত ৮০ শতাংশ ৰোগী আছিল মহিলা। বেছিভাগ ক্ষেত্ৰতে চুলি ধোৱাৰ সময়ত বা কিছুদিন পাছত ষ্ট্ৰোকৰ লক্ষণে দেখা দিয়ে।

আশংকা কিমান

দিল্লীৰ জি বি পন্ত হাস্পতালৰ স্নায়ুচাৰ্জাৰী বিভাগৰ প্ৰাক্তন এইচ অ’ ডি ডাঃ দলজীত সিঙে কয় যে, এনে ৰোগী বিৰল। কিন্তু ডিঙি দীৰ্ঘসময় ধৰি এনেকৈ ৰখা ভাল নহয়। যাৰ বাবে ষ্ট্ৰোক হ’ব পাৰে। গতিকে সাৱধানতা অৱলম্বন কৰা প্ৰয়োজন। চুলি ধোৱাৰ সময়ত বেছিকৈ মূৰটো পাছফালে হেলনীয়া কৰি ৰখা বন্ধ কৰক। ইয়াৰ লগত টাৱেল বা গাৰু ব্যৱহাৰ কৰিব পাৰে।

লক্ষণ

  • মূৰ ঘূৰোৱা
  • দৃষ্টিশক্তি ম্লান হোৱা
  • শৰীৰৰ এটা অংশত দুৰ্বল অনুভৱ কৰা
  • ভাৰসাম্য হেৰুৱাই পেলোৱা
  • এনে লক্ষণে দেখা দিলে বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে।

 

অন্য খবৰ পঢ়কঃ হাত-ভৰিত দেখা দিছে নেকি এই লক্ষণ? হ’ব পাৰে এই গুৰুতৰ ৰোগৰ সংকেত, জানক বিশেষজ্ঞৰ পৰা…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...