শীতকালত মূলা খালে কি লাভ হয় জানেনে? জানক বাবা ৰামদেৱৰ পৰা…

শীতকালত বজাৰত বিভিন্ন শাক-পাচলি ওলায়। ইয়াৰ ভিতৰত মূলা অন্যতম। কিন্তু আপুনি জানেনে, মূলাৰ বিভিন্ন উপকাৰী গুণ আছে। মূলাই ১০০ ৰো অধিক ৰোগ নিৰাময় কৰাত সহায় কৰে।

শীতকালত মূলা খালে কি লাভ হয় জানেনে? জানক বাবা ৰামদেৱৰ পৰা...

মূলাৰ উপকাৰ

Published: 

06 Nov 2025 | 01:08 PM

বৰ্তমান শীতকাল পৰিছে। বতৰৰ পৰিৱৰ্তনৰ লগে লগে খাদ্য, জীৱনশৈলী আদিও সলনি হয়। এই সময়চোৱাত বজাৰত ওলোৱা বিভিন্ন শাক-পাচলিৰ ভিতৰত মূলা অন্যতম। বহুতে ইয়াক চালাড হিচাপে খায়। ইয়াৰোপৰি কিছুমানে ভাজি বা আন প্ৰকাৰে খায়। পিছে জানেনে, শীতকালত মূলা খালে বিশেষ উপকাৰ পোৱা যায়।? স্বাস্থ্যৰ ক্ষেত্ৰত ই বহু ভাল। এই সন্দৰ্ভত সবিশেষ জনাইছে পতঞ্জলিৰ প্ৰতিষ্ঠাপক বাবা ৰামদেৱে।

বাবা ৰামদেৱৰ মতে, মূলা স্বাস্থ্যৰ বাবে আশীৰ্বাদ স্বৰূপ। মূলাত থকা পুষ্টিকৰ উপাদানে ১০০টাৰো অধিক ৰোগ নিৰাময় কৰিব পাৰে। এই সন্দৰ্ভত ৰামদেৱে সামাজিক মাধ্যমত এটা ভিডিঅ’ পোষ্ট কৰিছে।

পুষ্টিকৰ উপাদান

মূলা পুষ্টিকৰ উপাদানেৰে ভৰপুৰ। ইয়াত ভিটামিন চি, ফ’লেট, পটাছিয়াম, মেগনেছিয়াম, ভিটামিন বি ৬ আদি পুষ্টিকৰ উপাদান থাকে। ইয়াৰোপৰি মূলাৰ পৰা ফাইবাৰ, এন্টিঅক্সিডেন্ট, গ্লুক’চিনোলেট আদি পোৱা যায়। যাৰ বাবে ই ভাল। অৱশ্যে নিশা মূলা খোৱা পৰিহাৰ কৰিব লাগে। কিয়নো মূলাৰ উষ্ণ আৰু শীতল দুয়োটা প্ৰভাৱ থাকে। বিশেষকৈ চৰ্দি হৈ থাকিলে নিশা মূলা খাব নালাগে।

উপকাৰ

ৰামদেৱে কয়, যদি কোনো ব্যক্তিয়ে ২-৩ মাহ নিয়মীয়াকৈ মূলা খাই তেন্তে তেওঁ কেতিয়াও বেমাৰত নপৰে। মূলা খালে যকৃত, বৃক্ক, অন্ত্ৰ, হাওঁফাওঁ, হৃদযন্ত্ৰ, আৰু হজম শক্তিৰ সামগ্ৰিক স্বাস্থ্য উন্নত হয়। ইয়াৰোপৰি মূলাই ওজন নিয়ন্ত্ৰণ কৰাত সহায় কৰে। মূলা খালে গেছৰ পৰা পৰিত্ৰাণ পোৱা যায় লগতে পেটৰ অন্য সমস্যা, উচ্চৰ ৰক্তচাপ, ডায়েবেটিছ আদি নিয়ন্ত্ৰণ কৰিব পাৰে।

চৰ্বি কমাই

ৰামদেৱে কয় যে, মূলাই চৰ্বি হ্ৰাস কৰাত সহায় কৰে। ই হজম শক্তি উন্নত কৰে। পুৱা খালী পেটত মূলা খালে পাচনতন্ত্ৰ ভাল হয়। যদি খালী পেটত মূলা খাব নোৱাৰে তেন্তে ইয়াক যিকোনো সময়তে খাব পাৰে।

 

উল্লেখ কৰা প্ৰয়োজন যে, ইয়াত কিছুমান সাধাৰণ দিশৰ কথা উল্লেখ কৰা হৈছে। কিন্তু মনত ৰখা ভাল যে কিছুমান ৰোগত মূলা বেয়া। গতিকে যদি আপুনি কোনো ৰোগত ভুগি আছে তেন্তে এই ক্ষেত্ৰত বিশেষজ্ঞৰ পৰামৰ্শ লোৱা ভাল।

 

অন্য খবৰ পঢ়কঃ খাদ্যৰ পৰা বিচনাখনলৈ সকলোতে পৰুৱা নেকি? তেন্তে জানক ইয়াক খেদাৰ ৪টা সহজ আৰু ঘৰুৱা উপায়…

 

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...