নিশাৰ সময়ত বাৰে বাৰে প্ৰস্ৰাৱ আহে নেকি? পুৰুষসকলে নল’ব সহজভাৱে! জানক কাৰণ…

Prostate Cancer Symptoms: মানুহৰ স্বাস্থ্যজনিত সমস্যা দেখা দিলে শৰীৰে বিভিন্ন ইংগিতে দেখা দিয়ে। কিন্তু সাধাৰণ বুলি মানুহে এইবোৰ আওকান কৰি চলে। কিন্তু এইবোৰৰ প্ৰতি গুৰুত্ব দিয়া ভাল।

নিশাৰ সময়ত বাৰে বাৰে প্ৰস্ৰাৱ আহে নেকি? পুৰুষসকলে নলব সহজভাৱে! জানক কাৰণ...

প্ৰ'ষ্টেট কৰ্কট

Published: 

28 Sep 2025 19:16 PM

পুৰুষসকলৰ মাজত হোৱা কৰ্কট ৰোগৰ ভিতৰত সবাতোকৈ সাধাৰণ হ’ল প্ৰ’ষ্টেট কৰ্কট ৰোগ। আমেৰিকাৰ কেন্সাৰ ছোচাইটি অনুসৰি, প্ৰতি ৮ জনৰ ১ জন পুৰুষৰ প্ৰ’ষ্টেট কেন্সাৰ হোৱাৰ সম্ভাৱনা থাকে। বিশেষকৈ ৫০ বছৰৰ ওপৰৰ লোকসকলৰ এই কৰ্কট ৰোগ হোৱা দেখা যায়। এই ৰোগ অতি বিপদজনক। কিয়নো প্ৰথম অৱস্থাত ইয়াৰ কোনো লক্ষণে দেখা নিদিয়ে। কেতিয়াবা লক্ষণে দেখা দিয়ে যদিও বহুতে আওকান কৰে। যেতিয়া এই ৰোগ বাঢ়ি যায় তেতিয়া ইয়াৰ বিষয়ে ৰোগীয়ে জানিব পাৰে। কিন্তু তেতিয়া বহু পলম হৈ পৰে। গতিকে ইয়াৰ লক্ষণসমূহৰ বিষয়ে জনা দৰকাৰ।

বিশেষজ্ঞৰ মতে, যিকোনো লক্ষণ যদি ২ সপ্তাহতকৈ ওপৰত থাকে তেন্তে ই বিপদজনক হ’ব পাৰে। এনে ক্ষেত্ৰত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে। প্ৰষ্টেট কৰ্কট ৰোগৰ কিছুমান লক্ষণ তলত উল্লেখ কৰা হ’ল-

প্ৰস্ৰাৱঃ যদি আপোনাৰ প্ৰস্ৰাৱৰ আৰম্ভণি আৰু ৰখোৱাত অসুবিধা হয়, প্ৰস্ৰাৱৰ প্ৰবাহ কম হয়, ৰখি ৰখি আহে তেন্তে ই ভয়ংকৰ লক্ষণ হ’ব পাৰে। ইয়াৰোপৰি বাৰে বাৰে প্ৰস্ৰাৱ লাগিব পাৰে, বিশেষকৈ ৰাতিৰ ভাগত এই সমস্যা হয়। লগতে হঠাতে জোৰকৈ প্ৰস্ৰাৱ অহা, প্ৰস্ৰাৱ ধৰি ৰাখিব নোৱাৰা এই কৰ্কট ৰোগৰ লক্ষণ হ’ব পাৰে।

যৌন জীৱনঃ এই কৰ্কট ৰোগৰ প্ৰভাৱ যৌন জীৱনতো পৰিব পাৰে। হঠাতে ইৰেকচনত অসুবিধা হোৱা বা বীর্যপাতৰ সময়ত বিষ হ’ব পাৰে। ইয়াৰোপৰি প্ৰস্ৰাৱ বা বীৰ্যৰ সময়ত বিষ বা তেজ আহিব পাৰে।

বিষঃ এই কৰ্কট ৰোগ হ’লে শৰীৰৰ বিভিন্ন অংশত বিষ হ’ব পাৰে। কঁকাল, পেল্বিছ, উৰু আদিত অনবৰত বিষ হ’ব পাৰে। বহাৰ সময়ত অসুবিধা হ’ব পাৰে।

পৰিত্ৰাণৰ উপায়

  • ধূমপান পৰিহাৰ কৰা।
  • মদ্যপানৰ পৰা আঁতৰি থাকক।
  • সদায় ব্যায়াম কৰক।
  • ওজন নিয়ন্ত্ৰণত ৰাখক।
  • সুৰক্ষিত যৌন সম্পৰ্ক।
  • ৰাসায়নিক পদাৰ্থৰ ব্যৱহাৰ কম আদি।

 

উল্লেখ্য যে, বহু সময়ত প্ৰস্ৰাৱৰ সংক্ৰমণৰ সময়তো এই লক্ষণে দেখা দিয়ে। কেতিয়াবা ই প্ৰ’ষ্টেট কৰ্কট ৰোগৰ লক্ষণ হ’ব পাৰে। গতিকে এই ক্ষেত্ৰত বিশেষজ্ঞৰ পৰা পৰামৰ্শ গ্ৰহণ কৰা ভাল।

 

অন্য খবৰ পঢ়ক- প্ৰ’ষ্টেট কৰ্কট ৰোগৰ লক্ষণ কি? কোনসকল পুৰুষ বেছিকৈ আক্ৰান্ত হয়, জানক সকলো…

কেতিয়াও আনৰ পৰা বিনামূলীয়াকৈ নল'ব এই ৫ বিধ বস্তু! বাস্তু শাস্ত্ৰৰ পৰা জানক...
খাদ্য খোৱাৰ পিছত এই ৫টা কাম কৰা মানেই বিপদ মতা! জানি লওক এতিয়াই
দিনটোৰ কোনখিনি সময় মগু খোৱাৰ বাবে আটাইতকৈ উপযুক্ত! জানেনে এই বিষয়ে?
ধনবান হোৱাৰ সহজ উপায়! চাণক্যৰ নীতিৰ পৰা জানক...