কোনসকল পুৰুষৰ প্ৰ’ষ্টেট কেন্সাৰ হোৱাৰ সম্ভাৱনা বেছি? জানক…

প্ৰ'ষ্টেট কেন্সাৰ পুৰুষসকলৰ মাজত হোৱা এক বিপদজনক ৰোগ। ডাঙৰ কথা এয়াই যে এই ৰোগ হ'লে বিশেষ কোনো লক্ষণে দেখা নিদিয়ে। গতিকে জনা দৰকাৰ, কোনসকল লোকৰ এই ৰোগৰ সম্ভাৱনা বেছি।

কোনসকল পুৰুষৰ প্ৰষ্টেট কেন্সাৰ হোৱাৰ সম্ভাৱনা বেছি? জানক...

প্ৰটেষ্ট কেন্সাৰৰ লক্ষণ

Edited By: 

Raj Saikia | Updated On: 30 Aug 2025 | 04:09 PM

পুৰুষসকলে নিজৰ স্বাস্থ্যৰ প্ৰতি প্ৰায়ে সতৰ্ক হৈ থকা দেখা যায়। কিন্তু তাৰ পাছতো বহু স্বাস্থ্যজনিত সমস্যাই দেখা দিয়ে। পুৰুষসকলৰ মাজত দেখা দিয়া এনে এক ৰোগ হ’ল প্ৰ’ষ্টেট কেন্সাৰ। পুৰুষৰ ক্ষেত্ৰত এই ৰোগ লাহে লাহে বিপদজনক হৈ পৰে। ইয়াৰ লক্ষণ লাহে লাহে দেখা দিয়ে আৰু ই বিপদজনক হৈ পৰে। এই ৰোগ পুৰুষসকলৰ মাজত বেছিকৈ হোৱা দেখা যায়। গতিকে প্ৰশ্ন হয়, কোনসকল পুৰুষৰ এই কৰ্কট ৰোগৰ আশংকা বেছি? ইয়াৰ ক্ষেত্ৰত কি কি লক্ষণে দেখা দিয়ে?

প্ৰ’ষ্টেট কেন্সাৰ কি

প্ৰ’ষ্টেট কেন্সাৰ হৈছে এক প্ৰকাৰৰ গ্ৰন্থি যি পুৰুষৰ মূত্ৰাশয়ৰ তলত আৰু মূত্ৰনলীৰ চাৰিওফালে থাকে। এই গ্ৰন্থিৰ পৰা বীৰ্য উৎপন্ন হয়। ই প্ৰজননত সহায় কৰে। যেতিয়া এই গ্ৰন্থিৰ কোষবোৰ অস্বাভিৱকভাৱে বৃদ্ধি হয় তেতিয়া এই ৰোগ হয়। কোষবোৰ বৃদ্ধি হোৱাৰ ফলত টিউমাৰ গঠন কৰি শৰীৰৰ বাকী অংশলৈ বিয়পি পৰে। ইয়াৰ ফলত প্ৰ’ষ্টেট কেন্সাৰ হয়।

কোনবোৰ পুৰুষৰ এই ৰোগৰ আশংকা বেছি

বয়সৰ প্ৰভাৱ-  যিসকল পুৰুষৰ বয়স ৪০-৪৫ ৰ ওপৰত তেনে লোকসকলৰ এনে ৰোগৰ সম্ভাৱনা বৃদ্ধি পায়। ৬০ বছৰ বয়সৰ পিছত ইয়াৰ সম্ভাৱনা আৰু বৃদ্ধি পায়। অৰ্থাৎ বয়স বৃদ্ধিৰ লগে লগে প্ৰ’ষ্টেট কেন্সাৰৰ সম্ভাৱনাও বৃদ্ধি পায়।

পৰিয়ালৰ ইতিহাস (Genetics)- যদি পৰিয়ালৰ কোনো লোক এই ৰোগত আক্ৰান্ত হয় তেন্তে পৰিয়ালৰ অন্য সদস্যৰ ক্ষেত্ৰতো এই ৰোগৰ সম্ভাৱনা বৃদ্ধি পায়।

জীৱনশৈলী– অত্যধিক জাংক ফুড, তেলীয়া খাদ্য, মদ আৰু ধূমপান খোৱাৰ অভ্যাস থকা পুৰুষৰ ক্ষেত্ৰতো এই বিপদ বেছি। মেদবহুলতা, শাৰীৰিক কাৰ্যকলাপৰ অভাৱৰ ফলতো এই ৰোগ হ’ব পাৰে।

হৰম’নৰ পৰিৱৰ্তন– টেষ্টষ্টেৰন হৰম’নৰ মাত্ৰা ভাৰসাম্যহীন হোৱা পুৰুষৰ প্ৰ’ষ্টেট কোষৰ অস্বাভাৱিক বৃদ্ধিৰ হোৱাৰ আশংকা থাকে। এই অৱস্থাত এই ৰোগ হোৱাৰ সম্ভাৱনা আছে।

প্ৰথম অৱস্থাত লক্ষণ দেখা নাযায়

প্ৰ’ষ্টেট কেন্সাৰৰ প্ৰাৰম্ভিক লক্ষণসমূহ সাধাৰণতে ধৰা নপৰে। ই লাহে লাহে বাঢ়ি গৈ থাকে। কিছুমান লক্ষণ-

  • সঘনাই প্ৰস্ৰাৱ হোৱা,
  • জলা-পোৰা,
  • প্ৰস্ৰাৱত সমস্যা আদি ইয়াৰ লক্ষণ হব পাৰে,
  • কেতিয়াবা বিষৰ দৰে অনুভৱ হব পাৰে,
  • যেতিয়া কেন্সাৰ অধিক বৃদ্ধি পাই তেতিয়া এই লক্ষণবোৰ দেখা দিয়ে।

প্ৰতিৰোধ কৰা সম্ভৱনে?

বিশেষজ্ঞসকলৰ মতে, এই ৰোগৰ সম্পূৰ্ণ প্ৰতিৰোধ সম্ভৱ নহয়। কিন্তু জীৱনশৈলী বা খাদ্যভাস পৰিবৰ্তন কৰি এই ৰোগৰ পৰা হাত হাৰিব পাৰে। ইয়াৰ বাবে সুষম খাদ্য গ্ৰহণ কৰক।  অধিক পৰিমাণৰ সেউজীয়া শাক-পাচলি, ফল-মূল আৰু ফাইবাৰ থকা সামগ্ৰী খাওক।। ধূমপান আৰু মদৰ পৰা আঁতৰি থকা দৰকাৰ। ইয়াৰোপৰি ওজনৰ ওপৰত নিয়ন্ত্ৰণ ৰখা দৰকাৰ।

 

অন্য খবৰ পঢ়কঃ Liver infection symptoms: যকৃতৰ সংক্ৰমণ হ’লে শৰীৰে দিয়ে ৬ টা সংকেত,জানক চিকিৎসকৰ পৰা…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...