Narendra Modi Birthday: ৪ ঘন্টা টোপনি, সন্ধিয়া ৬ বজাৰ পিছত গ্ৰহণ নকৰে খাদ্য…৭৫ বছৰ বয়সত কেনেকৈ ফিট আৰু সুস্থ হৈ আছে নৰেন্দ্ৰ মোদী ?

বেছিভাগ মানুহেই কয় যে, তেওঁলোকৰ সময়সূচী অতি ব্যস্ত আৰু ইয়াৰ বাবে শাৰীৰিক ক্ৰিয়া-কলাপ বা খাদ্যৰ ৰুটিন অনুসৰণ কৰিবলৈ অসুবিধা হয়। কিন্তু প্ৰধানমন্ত্ৰী মোদীয়ে ইমান ব্যস্ত থকাৰ পিছতো স্বাস্থ্য আৰু ফিটনেছক অগ্ৰাধিকাৰ দিয়ে।

Narendra Modi Birthday: ৪ ঘন্টা টোপনি, সন্ধিয়া ৬ বজাৰ পিছত গ্ৰহণ নকৰে খাদ্য...৭৫ বছৰ বয়সত কেনেকৈ ফিট আৰু সুস্থ হৈ আছে নৰেন্দ্ৰ মোদী ?

প্ৰধানমন্ত্ৰী মোদী

Updated On: 

17 Sep 2025 | 09:03 AM

শক্তিশালী ব্যক্তিত্বৰ বাবেও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পৰিচিত। তেওঁ বিশ্বৰ জনপ্ৰিয় নেতাসকলৰ ভিতৰত অন্যতম। তেওঁ প্ৰতিটো দিন অত্যন্ত ব্যস্ততাত কটায়। কাৰণ দেশৰ প্ৰধানমন্ত্ৰী হোৱাৰ বাবে তেওঁ বহু দায়িত্বত বান্ধ খাই থাকে। কিন্তু ইয়াৰ পিছতো ৰাতিপুৱা শুই উঠাৰ পৰা খাদ্য আৰু শাৰীৰিক কাৰ্যকলাপলৈকে তেওঁৰ জীৱনশৈলীত যথেষ্ট গুৰুত্ব দিয়ে। তেওঁ যুৱক-যুৱতীসকলক ফিট হৈ থাকিবলৈও অনুপ্ৰাণিত কৰে আৰু এই কাৰণেই তেওঁ ফিট ইণ্ডিয়া মুভমেণ্টো আৰম্ভ কৰিছে, যাৰ লক্ষ্য হৈছে মানুহক দৈনন্দিন কাম-কাজত শাৰীৰিকভাৱে সক্ৰিয় কৰি ৰখা আৰু খাদ্যৰ প্ৰতি সচেতন কৰা। প্ৰধানমন্ত্ৰী মোদীৰ ৭৫ সংখ্যক জন্মদিন উপলক্ষে জানক তেওঁ ফিট হৈ থাকিবলৈ কি কৰে?

আজিৰ সময়ত মানুহে কম বয়সতে বহু ধৰণৰ ৰোগত আক্ৰান্ত হৈছে। ইয়াৰ আঁৰৰ কাৰণ বেয়া ৰুটিন। বেছিভাগ মানুহেই কয় যে, তেওঁলোকৰ সময়সূচী অতি ব্যস্ত আৰু ইয়াৰ বাবে শাৰীৰিক ক্ৰিয়া-কলাপ বা খাদ্যৰ ৰুটিন অনুসৰণ কৰিবলৈ অসুবিধা হয়। কিন্তু প্ৰধানমন্ত্ৰী মোদীয়ে ইমান ব্যস্ত থকাৰ পিছতো স্বাস্থ্য আৰু ফিটনেছক অগ্ৰাধিকাৰ দিয়ে।

প্ৰধানমন্ত্ৰীৰ ৰাতিপুৱাৰ ৰুটিন

বহু ধৰণৰ বৈঠক, সমাৱেশৰ বাবে বহু সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে মাজনিশালৈকে অনিদ্ৰাৰে কটাবলগীয়া হয়, কিন্তু ইয়াৰ পিছতো তেওঁ পিছদিনাৰ ৰুটিনক অনিয়মিত নকৰে। খবৰ অনুসৰি, পুৱা চাৰি বজাত নৰেন্দ্ৰ মোদী সাৰ পায়। মুখ্যমন্ত্ৰী হৈ থকাৰ সময়ৰ পৰাই এয়া তেওঁৰ ৰুটিন। এইদৰে তেওঁ প্ৰায় তিনি-চাৰি ঘণ্টা টোপনি পায়। ৰাতিপুৱা সাৰ পোৱাৰ পিছত কিছু সময় খোজ কাঢ়ে। ইয়াৰ বাহিৰেও সূৰ্য নমস্কাৰ আৰু যোগাসন,  ধ্যান তেওঁৰ দৈনন্দিন কাম-কাজৰ অংশ। যিয়ে তেওঁক শক্তিশালী কৰি ৰখাত সহায় কৰে।

পুষ্টিকৰ উপাদানৰে সমৃদ্ধ খাদ্য

প্ৰধানমন্ত্ৰী মোদীয়ে এক সাক্ষাৎকাৰত কৈছিল যে, তেওঁ খাদ্যৰ প্ৰতি বৰ বেছি আকৰ্ষিত নহয়, গতিকে তেওঁ য’তেই যায় তাতেই সাধাৰণ খাদ্য খাই ভাল পায়। প্ৰধানমন্ত্ৰী মোদীৰ খাদ্যাভ্যাস অতি সহজ যদিও পুষ্টিৰে ভৰপূৰ। ৰাতিপুৱা আদাৰ চাহ খায়। ইয়াৰ বাহিৰেও ব্ৰেকফাষ্টত সিজোৱা বা পোৰা বস্তু থাকে, অৰ্থাৎ প্ৰধানমন্ত্ৰীয়ে খাদ্যত তেল অতি কম গ্ৰহণ কৰে। এবাৰ তেওঁ উল্লেখ কৰিছিল যে, তেওঁ মৰিংগা বা ড্ৰামষ্টিক পৰঠাও নিজৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰে।

উপবাস পালন

প্ৰধানমন্ত্ৰী মোদীয়ে কমেও ৫ দশক অৰ্থাৎ ৫০ বছৰতকৈও অধিক সময় ধৰি নৱৰাত্ৰিত উপবাস পালন কৰি আহিছে। তেওঁ নিজেই এটা সাক্ষাৎকাৰত এই কথা উল্লেখ কৰি কয় যে, তেওঁৰ বাবে ই এক অনুশাসনতকৈও কম নহয়। উপবাসৰ সময়ত তেওঁ দিনটোত এবাৰহে ফল-মূল খায়। আটাইতকৈ বিশেষ কথাটো হ’ল, তেওঁ ন দিনত বেলেগ বেলেগ ফল নাখায়, বৰঞ্চ যদি প্ৰথম দিনাই অমিতা খাইছে, তেন্তে প্ৰতিদিনে অমিতা খাই থাকে।

সন্ধিয়া ৬ বজাৰ পিছত খাদ্য খোৱাৰ পৰা বিৰত থাকে

প্ৰধানমন্ত্ৰী মোদীয়ে আগতীয়াকৈ ৰাতিৰ আহাৰ গ্ৰহণ কৰে আৰু সন্ধিয়া ৬ বজাৰ পিছত খাদ্য খোৱাৰ পৰা বিৰত থাকে। আমাৰ আয়ুৰ্বেদতো কোৱা হৈছে যে, ৰাতি সূৰ্যাস্তৰ পিছত একো খাব নালাগে। ইয়াৰ ফলত পাচনতন্ত্ৰ সুস্থ হৈ থাকে আৰু আপোনাৰ সমগ্ৰ শৰীৰে খাদ্যৰ সঠিক উপকাৰ লাভ কৰে। এইদৰে খাদ্যাভ্যাস সুষম কৰি ৰাখি আৰু দৈনন্দিন জীৱনত কিছু পৰিৱৰ্তন কৰি আপুনিও সুস্থ হৈ থাকিব পাৰে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব