শীতকালত প্ৰতিদিনে মটৰ খালে কি কি ৰোগৰ আশংকা কম হয়? জানক সকলো…

Peas Benefits: মটৰৰ বহু উপকাৰী গুণ আছে। শীতকালত বজাৰত অতি সহজে মটৰ পোৱা যায়। গতিকে প্ৰতিদিনে সেউজীয়া মটৰ খালে শৰীৰে কি কি লাভ পাই জানেনে? ই কি কি ৰোগৰ আশংকা কম কৰে সেয়া জনা দৰকাৰ।

শীতকালত প্ৰতিদিনে মটৰ খালে কি কি ৰোগৰ আশংকা কম হয়? জানক সকলো...

মটৰ

Published: 

11 Dec 2025 17:12 PM

শীতকালত বজাৰ বিভিন্ন প্ৰকাৰৰ শাক-পাচলিৰে ভৰি পৰে। ইয়াৰ ভিতৰত মটৰ অন্যতম। সেউজীয়া মটৰ সহজলভ্য আৰু ইয়াক চুপাৰফুড বুলি কোৱা হয়। ইয়াত প্ৰ’টিন, ফাইবাৰ আৰু বিভিন্ন প্ৰকাৰৰ ভিটামিন থাকে। স্বাস্থ্য বিশেষজ্ঞৰ মতে সেউজীয়া মটৰ খালে শৰীৰৰ বিভিন্ন লাভ হয়। ই কলেষ্টেৰলৰ মাত্ৰা কম কৰাত সহায় কৰে আৰু হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত কৰে। গতিকে শীতকালত মটৰ খালে কি কি ৰোগ আশংকা কম হয় সেয়া তলত উল্লেখ কৰা হ’ল।

কিয় খাব লাগে

সেউজীয়া মটৰত বিভিন্ন প্ৰকাৰৰ পুষ্টিকৰ উপাদান থাকে। মটৰত ভিটামিন চি, কেলছিয়াম, আয়ৰণ, ফোলেট, ফাইবাৰ, মেগনেছিয়াম, ফচফৰাচ, পটেছিয়াম আদি গুৰুত্বপূৰ্ণ উপাদান থাকে। ইয়াৰোপৰি পৰ্যাপ্ত পৰিমাণৰ প্ৰ’টিন থাকে। ইমানেই নহয়, মটৰত অমিনা এচিড পোনা যায়। নিৰামিষভোজীসকলৰ বাবে মটৰ প্ৰটিনৰ এক ভাল উৎস। গতিকে প্ৰতিদিনে মটৰ খালে শৰীৰত প্ৰটিনৰ অভাৱ হোৱাৰ সম্ভাৱনা কম হয়।

কি কি ৰোগত ভাল

হৃদযন্ত্ৰঃ মটৰত পটেছিয়াম ভৰপুৰ পৰিমাণে খাকে। ইয়াৰোপৰি ইয়াৰ পৰা ফাইবাৰ পোৱা যায়। ই বেয়া কলেষ্টেৰল কম কৰাত সহায় কৰে। এনে স্থলত ই হৃদযন্ত্ৰ সুস্থ কৰি ৰাখে। গৱেষণা অনুসৰি, মটৰ খালে বেয়া কলেষ্টেৰল কম হয়।

হাড়ঃ মটৰত কেলছিয়াম, মেগনেছিয়াম, ভিটামিন কে থাকে। যি হাড় মজবুত কৰাত সহায় কৰে। বয়স বৃদ্ধি হ’লে হাড়বোৰ দুৰ্বল হৈ পৰে। কিন্তু মটৰ খালে এই সমস্যা কম হ’ব পাৰে।

পাচনতন্ত্ৰঃ মটৰত বহু পৰিমাণে ফাইবাৰ থাকে। যি পাচনতন্ত্ৰৰ বাবে ভাল। প্ৰতিদিনে মটৰ খালে পেটৰ লগত জড়িত বিভিন্ন সমস্যা কম হ’ব পাৰে।

ওজন কমঃ মটৰত ফাইবাৰ আৰু প্ৰ’টিন থাকে। যিয়ে ভোক নিয়ন্ত্ৰণ কৰে। এনেস্থলত দীৰ্ঘসময় পেট ভৰি থকাৰ দৰে লাগে। এনে অৱস্থাত অতিৰিক্ত খোৱাৰ পৰা সহায় পাই আৰু ওজন নিয়ন্ত্ৰণত থাকে।

গতিকে মটৰে কেৱল খাদ্যৰ সোৱাদ বৃদ্ধিয়েই নকৰে, ই স্বাস্থ্যৰ উপকাৰো সাধন কৰে। কিন্তু আপোনাৰ যদি কোনো বিশেষ ৰোগ আছে তেন্তে যিকোনো খাদ্য গ্ৰহণ কৰাৰ পূৰ্বে বিশেষজ্ঞৰ পৰামৰ্শ লোৱা ভাল।

 

অন্য খবৰ পঢ়কঃ প্ৰতিদিনে পুৱা খোজ কাঢ়িলে কি কি ৰোগ ঠিক হয়? জানক…

স্তনৰ কৰ্কট ৰোগ কিয় হয়? প্ৰধান কাৰণসমূহ জানক...
এই ৫টা অভ্যাসে অকালতে বৃদ্ধ কৰে মহিলাসকলক! জানক...
পেটত আলচাৰ হোৱাৰ ৩ টা প্ৰধান কাৰণ কি কি ? প্ৰতিৰোধৰ উপায়...
টোপনিৰ সমস্যা বাঢ়িছে নেকি? কি কি কাৰণত অনিদ্ৰা সমস্যা হ'ব পাৰে? জানক
জুবিন গাৰ্গ হত্যাকাণ্ডৰ অভিযুক্তক মৃত্যুদণ্ডৰ দাবী...
এগৰাকী আইতাৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা...
শিৱসাগৰত পথাৰত ঘাঁহ কাটিবলৈ যাওঁতেই এজনক গঁড়ৰ আক্ৰমণ...