Paneer: পনিৰ খালে শৰীৰৰ কি কি সমস্যা ঠিক হয়? জানক সকলো…

Paneer: প্ৰায় সকলোৱে কম বেছি পৰিমাণে পনীৰ খায়। নিৰামিষভোজীসকলৰ বাবে ই এক অন্যতম বিকল্প। পনিৰৰ বহু উপকাৰী গুণ আছে। গতিকে পনিৰ খালে কিয় ভাল আৰু কি কি উপকাৰ হয় ইয়াৰ বিষয়ে জনা দৰকাৰ।

Paneer: পনিৰ খালে শৰীৰৰ কি কি সমস্যা ঠিক হয়? জানক সকলো...

পনিৰ

Published: 

18 Jan 2026 | 10:27 PM

নিৰামিষভোজীসকলৰ বাবে পুষ্টিকৰ খাদ্যৰ ভিতৰত পনীৰ (Paneer) অন্যতম। পনীৰৰ বহু উপকাৰী গুণ আছে। ইয়াত থকা প্ৰটিন, কেলছিয়াম, ফচফৰাচ, ভিটামিন বি ১২, ভাল চৰ্বি আদিকে ধৰি বহু পুষ্টিকৰ উপাদান থাকে। গতিকে আপুনি জানেনে পনীৰে শৰীৰৰ কি কি উপকাৰ সাধন কৰে আৰু এটা দিনত কিমান পনীৰ খাব পাৰি? এই লেখাটোত এই সন্দৰ্ভত সবিশেষ উল্লেখ কৰা হ’ল-

উপকাৰিতা

পেশী শক্তিশালীঃ পনীৰত প্ৰচুৰ পৰিমাণে প্ৰটিন থাকে, ইপেশীৰ বাবে উপকাৰী। ই পেশী ৰিকোভাৰী আৰু মজবুত কৰাত সহায় কৰে। যিসকলে জিম যায় বা ঘৰত ৱাৰ্কআউট কৰে সেইসকলৰ পনীৰ প্ৰতিদিনে খাব পাৰে।

হাড়ঃ পনীৰত কেলছিয়াম আৰু ফচফৰাচ থাকে। গতিকে ই হাড় মজবুত কৰাত সহায় কৰে। শিশুৰ বিকাশ, জ্যোষ্ঠসকলৰ হাড় মজবুত কৰিবলৈ পনীৰ উপকাৰী বুলি গণ্য কৰা হয়।

ওজন নিয়ন্ত্ৰণঃ সীমিত পৰিমাণত পনীৰ খালে ওজন নিয়ন্ত্ৰণত থাকে। কিয়নো পনীৰত প্ৰটিন থাকে। যি দীৰ্ঘ সময়লৈ পেট পূৰ কৰিব ৰাখে। এনে অৱস্থাত অন্য বস্তু বেছি খাবলৈ মন নাযায়। খাদ্যৰ পৰিমাণ কম হ’লে ওজন নিয়ন্ত্ৰণ হয়।

পেটঃ পেটৰ বাবে পনীৰ ভাল। পনীৰত লেক্ট’জ কম আৰু প্ৰ’বায়’টিক বেছি থাকে। গতিকে ই অন্ত্ৰ পৰিষ্কাৰ কৰি পেটৰ লগত জড়িত সমস্যাৰ পৰা সকাহ দিব পাৰে। পেটৰ সমস্যাৰ লগত জড়িতসকলে পনীৰ খাব পাৰে।

কিমান খাব?

স্বাস্থ্য বিশেষজ্ঞৰ মতে, এটা দিনত এজন ব্যক্তিয়ে ১০০ গ্ৰাম পনীৰ খাব পাৰে। যদি ইয়াতকৈ বেছি খাই তেন্তে শৰীৰৰ ক্ষতি হ’ব পাৰে। অৱশ্যে আপোনাৰ যদি কোনো স্বাস্থ্য সম্পৰ্কীয় সমস্যা আছে তেন্তে যিকোনো বস্তু খোৱাৰ আগত বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে।

 

অন্য খবৰ পঢ়কঃ কোনে খাব নালাগে অমিতা? কাৰ বাবে বেয়া, জানক…

এইবোৰ ভিটামিনৰ অভাৱৰ ফলত দুৰ্বল হৈ পৰে লিভাৰ, জানক...
প্ৰস্ৰাৱত আহে নেকি তেজ? কি ৰোগৰ লক্ষণ জানক...
জীৱনলৈ বেয়া দিন অহাৰ পূৰ্বে তুলসী গছে দিয়ে এই সংকেত...
হৃদৰোগৰ শংকা দূৰ কৰে নেকি নিৰামিষ খাদ্যই? জানিবলৈ চাওক এতিয়াই
হেঁপাহৰ ভোগালীঃ বজাৰত মাছৰ উজান...
বুকুত মুখ্যমন্ত্ৰীৰ ছবি আঁকিলে অনুৰাগীয়ে...
শ্বহীদ স্মাৰকত নৃত্য কৰি ভাইৰেল যুৱতী...
বাজপেয়ী ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শ্ৰদ্ধাঞ্জলি