আঁঠু আৰু ভৰিৰ বিষ হ’ব পাৰে এই গুৰুতৰ ৰোগৰ লক্ষণ, জানক চিকিৎসকৰ পৰা…

Knee pain: আজিকালি বহু মানুহে আঁঠু আৰু ভৰি বিষৰ সমস্যাত ভোগে। কেতিয়াবা এই বিষ সাধাৰণ আৰু কেতিয়াবা ই কোনো ৰোগৰ লক্ষণ হ'ব পাৰে। গতিকে এই বিষয়ে জনা দৰকাৰ।

আঁঠু আৰু ভৰিৰ বিষ হব পাৰে এই গুৰুতৰ ৰোগৰ লক্ষণ, জানক চিকিৎসকৰ পৰা...

আঁঠুৰ বিষ

Published: 

08 Jun 2025 20:17 PM

আজিকালি বহু লোকৰে আঁঠু আৰু ভৰিৰ বিষৰ সমস্যাত ভোগা দেখা যায়। আগতে এই সমস্যা কেৱল বৃদ্ধসকলৰ মাজত দেখা গৈছিল। কিন্তু এতিয়া যুৱক-যুৱতীসকলৰ মাজতো এই সমস্যা বৃদ্ধি পাইছে। এই বিষ কেতিয়াবা সাধাৰণ হ’ব পাৰে, কিন্তু কেতিয়াবা গুৰুতৰ ৰোগৰ লক্ষণো হ’ব পাৰে। এনে পৰিস্থিতিত লক্ষণসমূহ আওকান কৰা উচিত নহয়। কিয়নো সময়ৰ লগে লগে ই আপোনাৰ সমস্যা বৃদ্ধি কৰিব পাৰে। আঁঠু আৰু ভৰিৰ বিষৰ লক্ষণ কোনটো গুৰুতৰ ৰোগৰ লক্ষণ হব পাৰে, তলত উল্লেখ কৰা হ’ল।

সৰ্বোদয় চিকিৎসালয়ৰ অস্থিৰোগ বিভাগৰ ডাঃ আঞ্চল উপ্পলে কয় যে, আঁঠু আৰু ভৰিৰ বিষৰ কাৰণ বিভিন্ন হ’ব পাৰে। ভাগৰুৱা, অত্যাধিক খোজ কঢ়া, কেতিয়াবা আভ্যন্তৰীণ ৰোগ বা পেশীৰ দুৰ্বলতা আদিৰ বাবেও এই বিষ হোৱাৰ সম্ভাৱনা থাকে।

অষ্টিঅ’আৰ্থাইটিছ

ই এক সাধাৰণ ৰোগ, যিয়ে বয়স বৃদ্ধিৰ লগে লগে হাড় আৰু গাঁঠিৰ ক্ষয়-ক্ষতিৰ ফলত হয়। ইয়াৰ ফলত আঁঠুৰ বিষ, ফুলা আৰু খোজ কঢ়াত অসুবিধা আদি হ’ব পাৰে। এই বিষ ক্ৰমান্বয়ে বাঢ়ি যায়। ই বিশেষকৈ পুৱা বেছি হয়।

বাত বিষ

এইটো এটা অটোইম্যুন ৰোগ, য’ত শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাই নিজৰ গাঁঠিবোৰক আক্ৰমণ কৰে। ইয়াৰ ফলত আঁঠু, ভৰি আৰু অন্যান্য গাঁঠিবোৰ ফুলা, ৰঙা পৰাৰ লগতে বিষ হয়। ইয়াৰ ফলত কেতিয়াবা জ্বৰ আৰু কেতিয়াবা ভাগৰুৱা অনুভৱ হয়।

ইউৰিক এচিড বৃদ্ধি

ইউৰিক এচিড বৃদ্ধিৰ ফলতো বিষ হ’ব পাৰে। যদি আপোনাৰ হঠাতে ভৰিৰ আঙুলি বা আঁঠুৰ তীব্ৰ বিষ আৰু ফুলা অনুভৱ কৰে তেন্তে ই ইউৰিক এচিড বৃদ্ধিৰ লক্ষণ হ’ব পাৰে।

চাইটিকা

যদি বিষটো কঁকালৰ পৰা আৰম্ভ হৈ উৰু, আঁঠু আৰু ভৰিলৈকে যায়, তেন্তে ই ছাইটিক নাৰ্ভত চাপৰ লক্ষণ হ’ব পাৰে। বহি থকা, বেঁকা বা থিয় হৈ থকাৰ সময়ত এই বিষ বাঢ়িব পাৰে।

স্নায়ু দুৰ্বল

কেতিয়াবা স্নায়ুত টান বা তেজ চলাচলৰ অভাৱৰ ফলতো বিষ হয়। বিশেষকৈ ডায়েবেটিছ ৰোগীৰ ক্ষেত্ৰত এই সমস্যাই দেখা দিয়ে, য’ত ভৰি দুখন অজ্ঞানতা, টিংটিং বা জ্বলা-পোৰা অনুভৱ হয়।

ভিটামিন ডিৰ অভাৱ

শৰীৰত ভিটামিন ডি আৰু কেলচিয়াৰ অভাৱ হোৱাৰ ফলতো হাড় দুৰ্বল গৈ পৰে আৰু ইয়াৰ ফলত গাঁঠিৰ বিষ আৰম্ভ হয়।দীৰ্ঘদিন ধৰি সূৰ্যৰ পোহৰ নোপোৱা আৰু পুষ্টিকৰ খাদ্য গ্ৰহণ নকৰাৰ ফলত এই সমস্যা হ’ব পাৰে।

গতিকে এনে সনস্যাসমূহ দেখা দিলে আৰু দীৰ্ঘদিন ধৰি আঁঠু, ভৰিৰ বিষ হৈ থাকিলে বিশেষজ্ঞৰ পৰামৰ্শ লোৱা প্ৰয়োজন।

 

অন্য খবৰ পঢ়কঃ একেৰাহে ডিঙি আৰু কঁকালৰ বিষ হৈ থাকে নেকি? ই কি ৰোগৰ লক্ষণ, জানক চিকিৎসকৰ পৰা…

IPLকৈও অধিক ধন লাভ কৰিব WTCৰ বিজয়ী দলে, ভাৰতে লাভ কৰিব ইমান পৰিমাণৰ ধন…
আপোনাৰ এনে দৈনন্দিন অভ্যাসে মাতি আনিব পাৰে বিপদ, লাহে লাহে কৰিব পাৰে হাওঁফাওঁৰ ক্ষতি
সঘনাই পেটৰ বিষ, গেছ হৈ থাকে নেকি? জানক ইয়াৰ কাৰণ...
যকৃতৰ সংক্ৰমণৰ লক্ষণসমূহ কি কি? এনেকৈ চিনাক্ত কৰক...