ভেন্দিৰ পানীয়ে ওজন হ্ৰাস কৰে নেকি ? বিশেষজ্ঞৰ পৰা ইয়াৰ উপকাৰিতা আৰু অপকাৰিতা জানক
সঁচাকৈয়ে ই লাভজনক নেকি? ভেন্দিৰ পানীয়ে শৰীৰত কি কি উপকাৰ কৰে? ওজন হ্ৰাসৰ লগত ইয়াৰ সম্পৰ্ক আছেনে? বিশেষজ্ঞৰ পৰা জানক।

ভেন্দি পানীৰ উপকাৰিতাৰ বিষয়ে প্ৰায়ে প্ৰচাৰ হোৱা দেখা যায়। কোৱা হৈছে যে, ইয়াৰ পানী খালে ওজন কমোৱাত সহায়ক হয়। কিছুমানে বিশ্বাস কৰি ভেন্দিৰ পানী খাবলৈ আৰম্ভ কৰিছে। কিন্তু সঁচাকৈয়ে ই লাভজনক নেকি? ভেন্দিৰ পানীয়ে শৰীৰত কি কি উপকাৰ কৰে? ওজন হ্ৰাসৰ লগত ইয়াৰ সম্পৰ্ক আছেনে? বিশেষজ্ঞৰ পৰা জানক।
দিল্লীৰ ৰাজীৱ গান্ধী চিকিৎসালয়ৰ সহযোগী অধ্যাপক ডাঃ অজিত জৈনে বুজাইছে যে, ভেন্দিৰ পানীয়ে ওজন কমাবলৈ সহায় কৰিব পাৰে। তেজৰ চুগাৰ নিয়ন্ত্ৰণত ই উপকাৰী। ইয়াত আঁহ বেছি থাকে, যাৰ ফলত হজম শক্তি লেহেমীয়া হয় আৰু মুঠ কেলৰি গ্ৰহণ হ্ৰাস পায়। অৱশ্যে ই কোনো যাদুকৰী সমাধান নহয়।
ই কেনেকৈ ওজন কমোৱাত সহায় কৰে ?
ডাঃ জৈনে বুজাইছে যে, ভেন্দি খালে বা ইয়াৰ পানী খালে দীৰ্ঘ সময় নোখোৱাকৈ থাকিব পাৰি, ই পেট ভৰাই ৰাখে। ইয়াৰ ফলত সঘনাই খাদ্য খোৱাৰ হেঁপাহ কমি যায়। ভেন্দিৰ পানীত কেলৰিৰ পৰিমাণ অতি কম। ইয়াৰ পানী খোৱাৰ পাছত ভোক কমি যায়। ইয়াৰ ফলত খাদ্যৰ পৰিমাণ কমি যায়, যাৰ ফলত ওজন নিয়ন্ত্ৰণত সহায়ক হয়।
ডাঃ জৈনে কয় যে, ভেন্দিৰ পানী ওজন কমোৱাত সহায় কৰে যদিও ই সকলোৰে বাবে উপকাৰী নহয়। কাৰণ ভেন্দিৰ পানী সকলোৰে লগত খাপ নাখায়।
এই পানী কোনে পৰিহাৰ কৰিব লাগে?
পেটৰ সমস্যা বা বদহজম হোৱা লোকে ভেন্দি খোৱা বা ইয়াৰ পানী খোৱাৰ পৰা বিৰত থাকিব লাগে। ইউৰিক এচিডৰ মাত্ৰা অধিক আৰু বৃক্কত পাথৰ থকা লোকসকলেও যিকোনো ধৰণে ভেন্দি খোৱাৰ পৰা বিৰত থাকিব লাগে। যিহেতু ই চুগাৰ মাত্ৰা নিয়ন্ত্ৰণ কৰে, গতিকে শৰ্কৰাৰ পৰিমাণ কম থকাসকলৰ বাবে ভেন্দিৰ পানী ভাল নহয়। গতিকে এই পানী সকলোৰে বাবে উপযোগী নহয়।
চিকিৎসকৰ পৰামৰ্শ লোৱাটো অতি প্ৰয়োজনীয়
যদি আপুনি এই পানীৰ দ্বাৰা ওজন কমোৱাৰ কথা ভাবিছে তেন্তে প্ৰথমে চিকিৎসকৰ পৰামৰ্শ লওক। কাৰণ ভেন্দিৰ পানী কোনো যাদুকৰী পানীয় নহয়; কেৱল ইয়াক পান কৰিলেই ওজন কমি নাযায়। অন্যান্য খাদ্য আৰু ব্যায়ামৰ অতি প্ৰয়োজনীয়।