চাউল-দাইলত কেতিয়াও নালাগে পোক! মাত্ৰ পাত্ৰটোত থৈ দিয়ক এই ২টা পাত…

বহুতে ঘৰত কেইবাদিনৰ বাবে চাউল, দাইল বা অন্য সামগ্ৰী জমা কৰি ৰাখে। কিন্তু বহু সময়ত এইবোৰত ক'লা ক'লা পোক উঠা দেখা যায়। কিন্তু ঘৰুৱা উপায়ৰ দ্বাৰা এই সমস্যাৰ সমাধান পাব পাৰে।

চাউল-দাইলত কেতিয়াও নালাগে পোক! মাত্ৰ পাত্ৰটোত থৈ দিয়ক এই ২টা পাত...

চাউল

Published: 

08 Oct 2025 | 09:23 PM

প্ৰায় সকলোৱে ঘৰত চাউল জমা কৰি থৈ দিয়ে। ভাৰতত বেছিকৈ ভাতৰ প্ৰচলন বেছি, যাৰ বাবে মানুহে কেইবাটাও দিনৰ বাবে চাউল জমা কৰি থৈ দিয়া দেখা যায়। চাউলৰ লগতে দাইল, আটা আদিও বহু দিনৰ বাবে ৰাখে। কিন্তু বৰষুণৰ বতৰত চাউল, আটা, দাইল আদিত পোক ধৰা দেখা যায়। যাৰ বাবে বহু সময়ত খাদ্য সামগ্ৰী নষ্ট হৈ যায় আৰু পেলাই দিবলগীয়া হয়। ইয়াৰ বাবে বহুতে টান ঢাকনৰ পাত্ৰ ব্যৱহাৰ কৰে যদিও পোকে খোৱা দেখা যায়। কিন্তু এনে কিছুমান উপায় আছে যাৰ দ্বাৰা আপুনি এই সমস্যাৰ পৰা পৰিত্ৰাণ পাব।

চাউলত পোক

চাউল ৰখা বাচনত বেছিভাগ সময়তে সৰু সৰু পোক ধৰা দেখা নিশ্চয় পাইছে। ক’লা ক’লা পোকবোৰে চাউলৰ মাজত ঘূৰি ফুৰে। বহুতে ৰন্ধাৰ সময়ত পোকবোৰ আঁতৰ কৰি ভাত বনাই যদিও কেতিয়াবা চাউল বা আটা সম্পূৰ্ণৰূপে নষ্ট হৈ যায়। এনে অৱস্থাত চাউল কেইবাবাৰো ধুব লাগে। তাৰ পাছতো কিন্তু পোক থাকি যায়। যাৰ বাবে ভাতত কেতিয়াবা পোক পোৱা যায়।

উপায়

যদি আপুনি এই পোকবোৰৰ পৰা সমস্যাত পৰিছে তেন্তে কেইটামান পাতে আপোনাক সমস্যাৰ পৰা সকাহ দিব পাৰে। প্ৰায় সকলোৰে ঘৰত থাকে তেজপাত। এই তেজপাত আপুনি কেইটামান দিনৰ বাবে চাউল থোৱা পাত্ৰটোত চাউলৰ সৈতে মিহলাই থ’ব। যদি এনেকৈ থয় তেন্তে কেতিয়াও চাউলত পোক নালাগে। তেজপাতত এক বিশেষ ধৰণৰ গোন্ধ থাকে যিয়ে পোক-পৰুৱাৰ বংশবৃদ্ধিত বাধা দিয়ে।

কেতিয়া ব্যৱহাৰ কৰিব

যেতিয়া আপুনি বজাৰৰ পৰা গেলামালৰ সামগ্ৰী আনে তেতিয়া এই পাত ব্যৱহাৰ কৰিব। চাউল বা দাউলৰ পাত্ৰটোত দুটা বা তিনিটা তেজপাত দিব। যদি এমাহতকৈও অধিক দিন আপুনি সামগ্ৰী ব্যৱহাৰ কৰা নাই তেন্তে পাত কেইটা আঁতৰাই দি নতুন পাত দিব। ইয়াৰ লগতে আপুনি কেইটামান লং দিব পাৰে। এই উপায় ব্যৱহাৰ কৰিলে চাউল বা অন্য খাদ্য সামগ্ৰীক পোক ধৰাৰ সমস্যা আৰু নাথাকিব।

 

অন্য খবৰ পঢ়কঃ দাঁত পোকে খোৱাৰ কাৰণ আৰু লক্ষণ কি? জানক চিকিৎসকৰ পৰা…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...