এইসমূহ খাদ্য সামগ্ৰীৰ লগত কেতিয়াও নাখাব নেমু, হ’ব পাৰে সমস্যা….

আমাৰ শৰীৰৰ বাবে অত্যন্ত উপকাৰী এক খাদ্য দ্ৰৱ্য হৈছে নেমু। কিন্তু আপুনি জানেনে, কিছুমান খাদ্য আছে যিবোৰ খাদ্য নেমুৰ লগত ভালদৰে মিলি যায় যদিও ইয়াৰ বিপৰীতমুখী পাৰ্শ্বক্ৰিয়া হ’ব পাৰে। অৰ্থাৎ এই খাদ্য সামগ্ৰীসমূহৰ সৈতে নেমু খালে দেহত বিভিন্ন ধৰণৰ সমস্যা হ’ব পাৰে। এই বিষয়ে জানো আহক।

এইসমূহ খাদ্য সামগ্ৰীৰ লগত কেতিয়াও নাখাব নেমু, হ’ব পাৰে সমস্যা….

নেমু (প্ৰতিনিধিত্বমূলক ছবি)

Edited By: 

Trishna Kalita | Updated On: 21 Feb 2025 | 11:10 AM

নেমু আমাৰ শৰীৰৰ বাবে অত্যন্ত উপকাৰী। ঔষধি গুণেৰে ভৰপূৰ নেমুক আয়ুৰ্বেদত বিশেষ স্থান দি অহা হৈছে। নেমুত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে। শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবে এই ভিটামিন চি অতি প্ৰয়োজনীয়। শৰীৰৰ পৰা অপকাৰী পদাৰ্থ নিষ্কাষণ কৰাৰ ক্ষেত্ৰত নেমুৱে যথেষ্ট সহায় কৰে। সেয়ে চিকিৎসকে প্ৰতিদিনে আমাক নেমু খোৱাৰ পৰামৰ্শ দিয়ে। এই নেমু ভাতৰ লগত, আঞ্জাত দি, চৰবত বনাই, চালাড হিচাপে আদি বিভিন্ন ৰূপত খাব পাই।

কিন্তু আপুনি জানেনে, কিছুমান খাদ্য আছে যিবোৰ খাদ্য নেমুৰ লগত ভালদৰে মিলি যায় যদিও ইয়াৰ বিপৰীতমুখী পাৰ্শ্বক্ৰিয়া হ’ব পাৰে। অৰ্থাৎ এই খাদ্য সামগ্ৰীসমূহৰ সৈতে নেমু খালে দেহত বিভিন্ন ধৰণৰ সমস্যা হ’ব পাৰে। এই বিষয়ে জানো আহক-

১/ অমিতা

কিছুমান খাদ্যত নেমুৰ ৰস যোগ দিলে সোৱাদ বৃদ্ধি হোৱাৰ লগতে পুষ্টিও পোৱা যায়। কিন্তু অমিতাৰ ক্ষেত্ৰত তেনে প্ৰভাৱ দেখা নাযায়। বিশেষজ্ঞসকলৰ মতে অমিতাৰ লগত কেতিয়াও নেমু খাব নালাগে। নেমু আৰু অমিতাৰ প্ৰভাৱ আৰু পুষ্টিৰ মূল্য পৃথক। সেইবাবেই নেমু আৰু অমিতা একেলগে খালে শৰীৰৰ উপকাৰৰ পৰিৱৰ্তে ক্ষতি কৰিব পাৰে। ইয়াৰ উপৰিও অমিতা আৰু নেমু একেলগে খালে শৰীৰত দুৰ্বলতাই দেখা দিব পাৰে আৰু ৰক্তহীনতাও বৃদ্ধি পায়।

২/ বিলাহী

চাট, চালাড আনকি চাটনিতো নেমুৰ ৰস আৰু বিলাহী একেলগে ব্যৱহাৰ কৰা হয়। কিন্তু, এই দুয়োবিধ খাদ্য একেলগে খোৱাটো আপোনাৰ স্বাস্থ্যৰ বাবে অতি ক্ষতিকাৰক বুলি প্ৰমাণিত হ’ব পাৰে। নেমু-বিলাহী একেলগে খালে পাচনতন্ত্ৰত প্ৰভাৱ পৰে আৰু কোষ্ঠকাঠিন্য, এচিডিটিৰ দৰে সমস্যাৰ সৃষ্টি হ’ব পাৰে।

৩/ দুগ্ধজাত খাদ্য

আমি সকলোৱে জানো যে গাখীৰত নেমুৰ ৰস দিলে গাখীৰ দৈ হয়। ভাবি চাওকচোন একেলগে খালে পেটৰ কি হ’ব। গতিকে গাখীৰ আৰু গাখীৰৰ পৰা তৈয়াৰী সামগ্ৰীৰ লগত নেমু খাব নালাগে। নেমুত চাইট্ৰিক এচিড নামৰ এচিডিক পদাৰ্থ থাকে। ই গাখীৰৰ লগতে পাচনতন্ত্ৰত প্ৰভাৱ পেলাব পাৰে, যাৰ ফলত পাচনতন্ত্ৰৰ বিভিন্ন সমস্যা যেনে বদহজম আৰু অম্লতা বৃদ্ধি আদিৰ সৃষ্টি হয়।

৪/ দৈ

বিশেষজ্ঞসকলৰ মতে দৈ নেমুৰ লগত কেতিয়াও খাব নালাগে। দৈৰ সৈতে যিকোনো চাইট্ৰাছ ফল খালে শৰীৰত ক্ষতিকাৰক বিষাক্ত পদাৰ্থৰ পৰিমাণ বৃদ্ধি পায়। ইয়াৰ ফলত খজুৱতি, এলাৰ্জি, চৰ্দি আদি সমস্যাৰ সৃষ্টি হ’ব পাৰে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...