Mouth Ulcer Cause: মুখৰ ঘাঁৰ লগতে দেখা দিছে নেকি এই ৭টা লক্ষণ? সাৱধান! জানক ইয়াৰ আঁৰৰ কাৰণ…

Mouth Ulcer Cause: বহুতৰে বিভিন্ন সময়ত মুখত ঘাঁ হোৱা দেখা যায়। বিভিন্ন কাৰণত এই ঘাঁ হব পাৰে। কেতিয়াবা ঘাঁ হোৱা সাধাৰণ কথা। কিন্তু যদি বাৰে বাৰে হয় তেন্তে ইয়াক সাধাৰণভাৱে লব নালাগে।

Mouth Ulcer Cause: মুখৰ ঘাঁৰ লগতে দেখা দিছে নেকি এই ৭টা লক্ষণ? সাৱধান! জানক ইয়াৰ আঁৰৰ কাৰণ...

মুখৰ ঘাঁৰ কাৰণ

Published: 

30 Sep 2025 | 04:49 PM

মুখত ঘাঁ হোৱা সাধাৰণ কথা। পেটৰ সমস্যা, কোষ্ঠকাঠিন্য, আৰু বেছিকৈ ভজা খাদ্য খোৱা আদি বিভিন্ন কাৰণত মুখত ঘাঁ হ’ব পাৰে। কিন্তু সকলো সময়তে ই সাধাৰণ নহ’ব পাৰে। কেতিয়াবা ইয়াৰ আঁৰত অন্য কাৰণ থাকিব পাৰে। যদি মুখৰ ঘাঁৰ লগতে অন্য কিছুমান লক্ষণেও দেখা দিয়ে তেন্তে ইয়াক আওকান কৰিব নালাগে। কিয়নো ই চিন্তাৰ কাৰণ হ’ব পাৰে।

মুখৰ কৰ্কট ৰোগ

মুখৰ কৰ্কট ৰোগ এক গুৰুতৰ ৰোগ। মুখৰ ঘাঁৰ ফলত মুখৰ কৰ্কট ৰোগ হ’ব পাৰে। কাণ, নাক আৰু ডিঙিৰ বিশেষজ্ঞ ডাঃ ব্রায়ান বাৰ্কই কয় যে, মুখৰ কৰ্কট ৰোগৰ এনে বহু ৰোগী আছে যিয়ে দাঁতৰ চাৰিওফালে বিষ হোৱাৰ অভিযোগ কৰে। কেতিয়াবা ই মুখৰ কোষ বৃদ্ধি হোৱাৰ কাৰণ হ’ব পাৰে। কেতিয়াবা লক্ষণবোৰ দেখা নাযায়। কিন্তু সময়মতে যদি ইয়াক চিনাক্ত কৰিব পৰা যায় তেন্তে ইয়াৰ চিকিৎসা কৰিব পৰা যায়।

আওকান নকৰিব

যেতিয়া সাধাৰণ কাৰণৰ বাবে মুখৰ ঘাঁ হয় তেতিয়া ঔষধ লোৱাৰ পাছত ঠিক হৈ যায়। কিন্তু ঔষধ লোৱাৰ পাছতো যদি ঠিক নহয় তেন্তে ই ডাঙৰ সমস্যাৰ কাৰণ হ’ব পাৰে। দীৰ্ঘদিন মুখৰ ঘাঁ হলে ই কৰ্কট ৰোগৰ কাৰণ হ’ব পাৰে। গতিকে মুখৰ কৰ্কট ৰোগৰ কিছুমান এনে লক্ষণ আছে যাৰ বিষয়ে জনা দৰকাৰ। মুখত ঘাঁ হোৱাৰ লগতে যদি আন লক্ষণসমূহেও দেখা দিয়ে তেন্তে সাৱধান হৈ বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে।

আন লক্ষণসমূহ

  • দীৰ্ঘদিন ধৰি মুখৰ ঘাঁ।
  • কেইবাদিনো ধৰি মুখৰ বিষ।
  • দুপ্তাহতকৈ অধিক সময় ধৰি মুখত ঘাঁ।
  • ঘাঁৰ পৰা তেজ ওলোৱা।
  • মুখৰ বিভিন্ন অংশৰ ৰং সলনি হোৱা।
  • গালত গোটা বা টান কিবা ওলোৱা।
  • মুুখৰ বিভিন্ন অংশ অজ্ঞান হোৱা।
  • ডিঙিৰ সমস্যা আদি।

যদি দীৰ্ঘদিন ধৰি এই সমস্যাসমূহে দেখা দিয়ে তেন্তে এই ক্ষেত্ৰত বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰা ভাল।

 

অন্য খবৰ পঢ়কঃ যুৱক-যুৱতীসকলৰ নিতম্বৰ হাড় কিয় দুৰ্বল হৈ পৰে? জানক কাৰণ আৰু প্ৰতিকাৰৰ উপায়…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব