Dry Mouth Cause: নিশা বাৰে বাৰে মুখ শুকাই যায় নেকি? ই কি ৰোগৰ লক্ষণ, জানক বিশেষজ্ঞৰ পৰা…

আজিকালি মানুহৰ বহু ধৰণৰ স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হয়। কিছুমানৰ বাৰে বাৰে নিশা মুখ শুকাই যায়। কেতিয়াবা এনে হোৱা সাধাৰণ কথা। কিন্তু দীৰ্ঘদিন এনে হৈ থাকিলে ই চিন্তাৰ কাৰণ হ'ব পাৰে।

Dry Mouth Cause: নিশা বাৰে বাৰে মুখ শুকাই যায় নেকি? ই কি ৰোগৰ লক্ষণ, জানক বিশেষজ্ঞৰ পৰা...

মুখ শুকাই যোৱা

Published: 

05 Oct 2025 | 09:17 PM

আজিকালি মানুহৰ বিভিন্ন স্বাস্থ্যজনিত সমস্যাই দেখা দিয়ে। কিন্তু বহু স্বাস্থ্যজনিত সমস্যাৰ ইংগিত পূৰ্বতে পোৱা যায়। যিবোৰ বহুতে আওকান কৰি চলে। বহু মানুহৰ নিশা বাৰে বাৰে মুখ শুকাই যায়। চিকিৎসা ভাষাত ইয়াত জেৰষ্টোমিয়া বুলি কোৱা হয়। মুখত লেলাউটি উৎপাদন কম হ’লে মুখ আঠা আঠা লাগে। তেনে অৱস্থাত মুখ শুকান হৈ পৰে। টোপনিৰ সময়ত সাধাৰণতে লেলাউটি লেলাউটি উৎপন্ন হয়, কিন্তু এই সমস্যা যদি স্থায়ী পৰে তেতিয়া ই গুৰুতৰ ৰোগৰ কাৰণ হ’ব পাৰে।

পানীৰ অভাৱ, মুখ মেলি শুই থকা, কফি বা মদ অত্যধিক সেৱন, কিছুমান ঔষধৰ পাৰ্শ্বক্ৰিয়া আৰু হৰম’নৰ পৰিৱৰ্তনকে ধৰি বিভিন্ন কাৰণত এই সমস্যা হোৱাৰ সম্ভাৱনা থাকে। যেতিয়া মুখ বাৰে বাৰে শুকাই তেতিয়া মুখৰ দুৰ্গন্ধ, ঘাঁ, দাঁতৰ সমস্যা আদি হয়। কেতিয়াবা মুখ শুকোৱাৰ লগতে আন লক্ষণেও দেখা দিব পাৰে।

যদি বাৰে বাৰে নিশা মুখ শুকাই যায় তেন্তে ই কিছুমান ৰোগৰ লক্ষণ হ’ব পাৰে। তলত ইয়াৰ বিষয়ে উল্লেখ কৰা হ’ল-

  • ডায়েবেটিছ হ’লে মুখ বাৰে বাৰে শুকাই যায়। যেতিয়া শৰীৰত ব্লাড চুগাৰৰ মাত্ৰা বৃদ্ধি পাই তেতিয়া শৰীৰত পানীৰ অভাৱ হয়। ইয়াৰ ফলত মুখ শুকাব পাৰে।
  • থাইৰয়ডৰ সমস্যা থাকিলে মুখ বাৰে বাৰে শুকাব পাৰে।
  • শ্লিপ পনিয়াত আক্ৰান্ত লোকসকলে মুখ মেলি শুই থাকে। যাৰ বাবে বাৰে বাৰে মুখ শুকায়।
  • শ্বোগ্ৰেন চিণ্ড্ৰমৰ দৰে অটোইম্যুন ৰোগে লালাগ্ৰন্থিবোৰক প্ৰভাৱিত কৰে, যাৰ ফলত মুখ শুকান হ’ব পাৰে।
  • চৰ্দি হোৱাৰ সময়তো মুখ শুকাব পাৰে।
  • এলাৰ্জী বা অন্য সংক্ৰমণৰ সময়তো শুকাব পাৰে।
  • এন্টিহিষ্টামিন, এন্টিডিপ্ৰেছন, ৰক্তচাপ আদিৰ ঔষধ আদি খাই থাকিলেও মুখ শুকাব পাৰে।

পৰিত্ৰাণৰ উপায়

  • পৰ্যাপ্ত পৰিমাণে পানী খাওক।
  • শুৱাৰ পূৰ্ব মদ, কেফেইন পৰিহাৰ কৰক।
  • মুখ বন্ধ কৰি উশাহ লোৱাৰ অভ্যাস গঢ়ক।
  • দাঁত আৰু আঁলু ভালদৰে পৰিষ্কাৰ কৰক।
  • দীৰ্ঘদিন এই সমস্যা হৈ থাকিলে বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰক।

 

অন্য খবৰ পঢ়কঃ হৃদযন্ত্ৰৰ লগত জড়িত ৫ টা সাধাৰণ ৰোগ! ইয়াৰ লক্ষণ কি, জানক চিকিৎসকৰ পৰা…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব