Morning Walk: পুৱা খালী ভৰিৰে নিয়ৰত খোজ কাঢ়িলে শৰীৰৰ কি কি লাভ হয়? জানক…

Morning Walk: পুৱা খোজকাঢ়িলে শৰীৰে বিভিন্ন উপকাৰ লাভ কৰে। যাৰ বাবে পুৱা খোজ কঢ়া একাংশৰ অভ্যাস। পিছে আপুনি জানেনে, যদি আপুনি নিয়ৰ পৰি থকা ঘাঁহত খোজ কাঢ়ে তেন্তে স্বাস্থ্যৰ বহু লাভ হয়।

Morning Walk: পুৱা খালী ভৰিৰে নিয়ৰত খোজ কাঢ়িলে শৰীৰৰ কি কি লাভ হয়? জানক...

খোজকঢ়া

Published: 

13 Dec 2025 | 05:57 PM

যদি আপুনি পুৱাৰ আৰম্ভণি ভালদৰে কৰে তেন্তে দিনটো ভালে যায়। কোৱা হয়, পুৱা খোজ কাঢ়িলে (Morning Walk) ভাল। ই স্বাস্থ্যৰ বিভিন্ন উপকাৰ সাধন কৰে। বৰ্তমান শীতকাল পৰিছে। এই সময়চোৱাত পুৱাৰ ভাগত নিয়ৰ পৰা দেখা যায়। আপুনি জানেনে, নিয়ৰত খোজ কাঢ়িলে স্বাস্থ্যৰ বিভিন্ন লাভ হয়? যদি পুৱা নিয়ৰ পৰি থকা ঘাঁহত খালী ভৰিৰে খোজ কাঢ়ে তেন্তে ইয়াৰ উপকাৰ কেইটামান দিনৰ ভিতৰতে দেখিবলৈ পাব। মানসিক স্বাস্থ্যৰ পৰা ই শাৰীৰিক স্বাস্থ্যলৈ উপকাৰী।

কি হয়

পুৱা খালী ভৰিৰে ঘাঁহত খোজ কাঢ়িলে ভৰি দুখন পৃথিৱীৰ প্ৰত্যক্ষ সংস্পৰ্শলৈ আহে। ইয়াৰ ফলত শৰীৰৰ শক্তিৰ ভাৰসাম্য ৰক্ষা হয় আৰু বহু ৰোগৰ পৰা হাত সাৰিব পাৰি। পুৱা খালী ভৰিৰে খোজ কাঢ়িলে দৃষ্টিশক্তি ভাল হয়, মানসিক স্বাস্থ্য উন্নত হয়, ৰক্ত সঞ্চালন ভাল হয়, ৰোগ প্ৰতিৰোধ ক্ষমতা ভাল হয়, মানসিক চাপ কমা আদিৰ লগতে বিভিন্ন দিশত সহায় কৰে।ই ভৰি ফুলা আৰু উচ্চ ৰক্তচাপৰ বাবেও উপকাৰী।

নিয়ৰত খোজ কঢ়াৰ উপকাৰ

যদি আপুনি পুৱা খালী ভৰিৰে নিয়ৰৰ ওপৰত খোজ কাঢ়ে তেন্তে এয়া ভাল। ই মানসিক চাপ কম কৰে,টোপনি ভাল হোৱাত সহায় কৰে, ৰক্ত সঞ্চালন উন্নত কৰে আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে। ইয়াৰোপৰি খোজ কাঢ়িলে ওজন নিয়ন্ত্ৰণত থাকে। খালী ভৰিৰে খোজ কাঢ়িলে শৰীৰে প্ৰাকৃতিক শক্তি লাভ কৰে। ইয়াৰোপৰি মন শান্ত হয়। গতিকে শৰীৰ আৰু মনৰ বাবে পুৱা খালী ভৰিৰে নিয়ৰৰ ওপৰত খোজ কঢ়া ভাল।

কেতিয়া আৰু কেনেকৈ খোজ কাঢ়িব

পুৱা সোনকালে উঠি নিয়ৰৰে তিতি থকা ঘাঁহত খালী ভৰিৰে খোজ কাঢ়িব। কমেও ১৫ ৰ পৰা ৩০ মিনিট সময় খোজ কঢ়া ভাল। শীতকাল বা গ্ৰীষ্মকালতো এয়া কৰি পাৰে। কিন্তু আপোনাৰ যদি কিবা বিশেষ ৰোগ আছে তেন্তে শীতকালত খোজ কঢ়াৰ পূৰ্বে বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰা ভাল।

 

অন্য খবৰ পঢ়কঃ প্ৰতিদিনে পুৱা খোজ কাঢ়িলে কি কি ৰোগ ঠিক হয়? জানক…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...