পুৱা সোনকালে সাৰ পালে কি কি ৰোগ ভাল হয়? জানক সকলো…

Morning Wakeup: আগৰ দিনত মানুহে সোনকালে উঠিছিল। কিন্তু আজিকালি ব্যস্ত জীৱনশৈলীৰ বাবে বহু মানুহে দেৰিকৈ উঠা দেখা যায়। কিন্তু এটা কথা জানেনে। পুৱা সোনকালে সাৰ পালে শৰীৰৰ বহু সমস্যা হ্ৰাস পায়?

পুৱা সোনকালে সাৰ পালে কি কি ৰোগ ভাল হয়? জানক সকলো...

পুৱা সাৰ পোৱাৰ লাভ

Published: 

14 Nov 2025 | 06:57 AM

আজিকালি ব্যস্ততাৰ বাবে মানুহৰ জীৱনশৈলীৰ পৰিৱৰ্তন হৈছে। এনে অৱস্থাত বহু মানুহে দেৰিকৈ শুৱে আৰু দেৰিকৈ উঠে। ই মানুহৰ জীৱনৰ লগতে স্বাস্থ্যত বেয়া প্ৰভাৱ পেলায়। কিন্তু পুৱা সোনকালে উঠা শৰীৰৰ লগতে স্বাস্থ্যৰ বাবে ভাল। পুৱাৰ শান্ত পৰিৱেশ আৰু বিশুদ্ধ বায়ুই মনক শান্তি প্ৰদান কৰে। লগতে কাম কৰাৰ ক্ষমতা বৃদ্ধি পায়। ইয়াৰোপৰি পুৱা সোনকালে উঠিলে বিভিন্ন সমস্যাৰ পৰা মুক্তি লাভ কৰা যায়। গতিকে, পুৱা উঠিলে কি কি সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰি সেইসমূহ তলত উল্লেখ কৰা হ’ল-

মানসিক স্বাস্থ্যঃ পুৱা সোনকালে উঠাৰ ফলত মানসিক শান্তি লাভ কৰা যায়। ই অৱসাদ হ্ৰাস কৰাত সহায় কৰে। পুৱা উঠি যোগ বা অন্য শাৰীৰিক কাৰ্যকলাপ কৰিলে মনোযোগ বৃদ্ধি পায় তথা মন শান্ত হয়।

হৃদযন্ত্ৰঃ হৃদযন্ত্ৰৰ সমস্যাত ভোগা লোকসকলেও পুৱা সোনকালে উঠিব লাগে। পুৱা সোনকালে উঠাৰ ফলত ব্লাড প্ৰেচাৰ নিয়ন্ত্ৰণত থাকে আৰু হৃদযন্ত্ৰৰ ৰোগৰ আশংকা কম হৈ থাকে।

হজম শক্তিঃ পুৱা সোনকালে উঠি কুহুমীয়া পানী খোৱা ভাল। ইয়াৰ ফলত কৌষ্ঠ্যকাঠিন্য, গেছ, এচিডিটি আদিৰ দৰে পেটৰ লগত জড়িত বিভিন্ন সমস্যাৰ দ্বাৰা সকাহ পোৱা যায়। লগতে পেটৰ পৰা বেয়া পদাৰ্থ বাহিৰ হয়।

উপকাৰ

নিশা সময়মতে শুই পুৱা সোনকালে উঠিলে দিনটো ইতিবাচক অনুভৱ কৰা যায়। লগতে শৰীৰৰ এনাৰ্জি বুষ্ট হয়। ইয়াৰোপৰি পুৱা ব্যায়াম বা যোগ কৰিলে শৰীৰ সুস্থ হৈ থকাৰ বাবে সহায়ক হয়। যোগে মন শান্ত কৰাৰ লগতে শৰীৰক শক্তি প্ৰদান কৰাত সহায় কৰে। পুৱাৰ পৰিৱেশটো শান্ত। গতিকে ছাত্ৰ-ছাত্ৰীৰ বাবেও পুৱাৰ সময়খিনি ভাল বুলি গন্য কৰা হয়।

 

অন্য খবৰ পঢ়কঃ আজি শিশু দিৱসঃ জানক এই দিনটোৰ ইতিহাস, মহত্ব আদি সকলো…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...