Morning Routine: পুৱাৰ ৫টা অভ্যাসে সলনি কৰিব জীৱন! আহিব সফলতা, হ’ব সুখী…

Morning Routine: আমাৰ সকলোৰে বাবে পুৱাৰ সময়খিনি অতি গুৰুত্বপূৰ্ণ। পুৱাৰ কিছুমান অভ্যাসে আমাৰ জীৱনলৈ ইতিবাচকতা কঢ়িয়াই আনে। যাৰ ফলত জীৱনত সফলতা আহে। গতিকে এই অভ্যাসৰ সহায়ত দিন আৰম্ভ কৰিব লাগে।

Morning Routine: পুৱাৰ ৫টা অভ্যাসে সলনি কৰিব জীৱন! আহিব সফলতা, হব সুখী...

পুৱাৰ অভ্যাস

Published: 

02 Jan 2026 | 06:41 AM

পুৱাৰ সময়খিনি আমাৰ সকলোৰে বাবে অতি গুৰুত্বপূৰ্ণ। যদি পুৱাৰ সময়খিনি ভালদৰে আৰম্ভণি কৰা নাযায় তেন্তে দিনটোত বিভিন্ন সমস্যা আহিব পাৰে। কিন্তু যদি পুৱাৰ আৰম্ভণি ভালদৰে কৰা হয় তেন্তে দিনটো ভালে যায় আৰু শক্তি অনুভৱ কৰা হয়। পুৱাৰ কিছুমান অভ্যাসে মানুহক বহু বেমাৰৰ পৰা দূৰত ৰখাত সহায় কৰে। কিছুমান এনে অভ্যাস আছে যিয়ে ইতিবাচক দিশত লৈ যায় আৰু সফলতা অনাত সহায় কৰে। গতিকে  কি কি অভ্যাস ভাল, কি কৰিলে মানুহৰ দিনটো ভালে যায় সেই সন্দৰ্ভত তলত উল্লেখ কৰা হ’ল।

৫টা অভ্যাস

দিনৰ আৰম্ভণিঃ পুৱা সাৰ পোৱাৰ লগে লগে প্ৰথমে বাহিৰ জগতখনলৈ চিন্তা যায়। যেনে, ফোন, বিভিন্ন খবৰ, মেছেজ আদি। কিন্তু ইয়াৰ পূৰ্বে ১০ মিনিট সময় নিজক দিয়ক। ভালদৰে বহক, উশাহ লওক আৰু চাৰিওফালৰ পৰিৱেশ চাওক। এনে কৰিলে আপোনাৰ মনটো শান্তি আৰু দিনটো অধিক স্পষ্ট ৰূপত দেখা পাব।

টোডো লিষ্ট তৈয়াৰ কৰকঃ টোডো লিষ্ট তৈয়াৰ কৰা ভাল। ইয়াৰ পূৰ্বে নিজৰ উদ্দেশ্য ঠিক কৰক। আপুনি কেনেকৈ জীৱনত আগবাঢ়িব বিচাৰে সেয়া ঠিক কৰক। ইয়াৰ দ্বাৰা সিদ্ধান্ত আৰু কাম অধিক স্পষ্ট তথা ফলপ্ৰসূ হ’ব।

শৰীৰ লৰচৰঃ পুৱাৰ সময়ত শৰীৰ লৰচৰ কৰা ভাল। এনে কৰিলে শৰীৰত তেজ চলাচল আৰু অক্সিজেনৰ প্ৰবাহ ভাল হয়। এনে কৰিলে দিনটো আপুনি অধিক শক্তি অনুভৱ কৰিব। ইয়াৰোপৰি পুৱা পাৰিলে ধ্যান, ব্যায়াম বা খোজ কাঢ়িব পাৰে।

পানীঃ পুৱা সাৰ পোৱাৰ পাছত ১-২ গিলাচ কুহুমীয়া পানী খাব পাৰে। বিশেষ সমস্যা নাথাকিলে নেমু পানী খাব পাৰে। ইয়াৰ পাছত ৫-১০ মিনিট ধ্যান কৰক। এনে কৰিলে শৰীৰ হাইড্ৰেট আৰু বিপাকীয় ক্ৰিয়া ভাল হ’ব। ইয়াৰোপৰি পুৱাৰ সময়ত ভাল খাদ্য খোৱা প্ৰয়োজন।

নিয়ন্ত্ৰণঃ কিছুমান বস্তু আমাৰ নিয়ন্ত্ৰণত নাথাকে। গতিকে পৰিণামৰ কথা বেছি চিন্তা নকৰিব। কিয়নো কিছুমান বস্তু আমাৰ নিয়ন্ত্ৰণৰ বাহিৰত। এনে কৰিলে মন শান্ত থাকিব আৰু দিনটো ভালে যাব। ইয়াৰোপৰি মন ইতিবাচক কৰিবলৈ পুৱা আপুনি গীতাৰ শ্লোক বা আন কোনো ইতিবাচক কথা শুনিব পাৰে।

 

অন্য খবৰ পঢ়কঃ শীতকালত প্ৰতিদিনে পালেং শাক খালে কি কি ৰোগ ভাল হয়? জানক…

 

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...