Morning Routine: দিনটো সুস্থ হৈ থাকিবলৈ পুৱা অনুসৰণ কৰক এই ৫টা ভাল অভ্যাস…

Morning routine: পুৱাৰ সময়খিনি সকলোৰে বাবে অতি গুৰুত্বপূৰ্ণ। কিছুমান ভাল অভ্যাসে আপোনাক দিনটো সুস্থ আৰু শক্তিশালী কৰি ৰাখিব পাৰে। ইয়াৰ বিষয়ে জনা দৰকাৰ।

Morning Routine: দিনটো সুস্থ হৈ থাকিবলৈ পুৱা অনুসৰণ কৰক এই ৫টা ভাল অভ্যাস...

পুৱাৰ অভ্যাস

Published: 

14 Oct 2025 | 06:32 AM

পুৱাৰ সময়খিনি সকলোৰে বাবে অতি গুৰুত্বপূৰ্ণ। এই সময়খিনিত যদি ভাল অভ্যাস অনুসৰণ কৰে তেন্তে দিনটো ভালদৰে পাৰ হয়, ইফালে যদি পুৱা ভাল অভ্যাস অনুসৰণ নকৰে তেন্তে দিনটো এলাহ আৰু শক্তিহীন অনুভৱ হ’ব পাৰে। পুৱাৰ কেইটামান বিশেষ অভ্যাসে আপোনাক দিনটো সুস্থ কৰি ৰখাত সহায় কৰে। তেনে কেইটামান উপায় তলত উল্লেখ কৰা হ’ল-

পুৱা সোনকালে উঠকঃ পুৱা সোনকালে উঠা স্বাস্থ্যৰ বাবে ভাল। ইয়াৰ বাবে আপুনি নিশা সোনকালে শুৱা প্ৰয়োজন। পুৱা সোনকালে উঠিলে দিনটোৰ কামবোৰ ঠিক মতে হয়। কিন্তু খৰখেদাকৈ কৰিলে কামত সমস্যাও আহিব পাৰে।

হাইড্ৰেটঃ সুস্থ হ’বলৈ শৰীৰ হাইড্ৰেট ৰখা অতি প্ৰয়োজন। এনে পৰিস্থিতিত আপুনি উঠিয়ে কুহুমীয়া পানী খাব পাৰে। তাৰ পাছত চাহ বা কফি খাব পাৰে। ইয়াৰ ফলত আপোনাৰ এনাৰ্জী বুষ্ট হয়। লগতে পাচনতন্ত্ৰ শক্তিশালী হয়।

ব্যায়ামঃ ব্যায়াম শৰীৰৰ বাবে ভাল। আপুনি পুৱা উঠি অলপ সময় ব্যায়াম কৰিব পাৰে। ইয়াৰোপৰি খোজ কঢ়া শৰীৰৰ বাবে ভাল। অন্তত পুৱা ৩০ মিনিট খোজ কাঢ়ক। এইখিনি সময়ত পুৱাৰ সতেজ বায়ু লাভ কৰিব।

যোগাসনঃ পুৱাৰ সময়ত আপুনি যোগাসন কৰিব পাৰে। দিনটো ভালে ৰাখিবলৈ মন সুস্থ কৰি ৰখা প্ৰয়োজন। গতিকে পুৱা অলপ সময় যোগাসন কৰক। লগতে মানসিক চাপ কম কৰাৰ চেষ্টা কৰাক।

ব্ৰেকফাষ্টঃ পুৱাৰ খাদ্যই আমাৰ শৰীৰত বহু প্ৰভাৱ পেলায়। পুৱা ভাল ব্ৰেকফাষ্ট খাব লাগে। বেছি চেনিযুক্ত, তেলজাত খাদ্য সামগ্ৰীৰ পৰা আঁতৰত থাকক। ইয়ে আপোনাৰ স্বাস্থ্যত প্ৰভাৱ পেলায়। গতিকে পুৱা স্বাস্থ্যসন্মত ব্ৰেকফাষ্ট খাব লাগে।

 

অন্য খবৰ পঢ়কঃ ফেটি লিভাৰৰ আশংকা হ্ৰাস কৰে এই ৫ বিধ শাক-পাচলিয়ে, জানক…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...