পুৱাৰ এই ৫ অভ্যাসে সলনি কৰিব পাৰে সকলো, জীৱনলৈ আহিব সুখ আৰু সফলতা…

Morning Habits: পুৱাৰ সময়খিনি সকলোৰে বাবে গুৰুত্বপূৰ্ণ। কোৱা হয়, পুৱা কিছুমান বিশেষ অভ্যাস গঢ় দিব পাৰিলে জীৱনত ইতিবাচক প্ৰভাৱ পৰে, যাৰ ফলত জীৱনত উন্নতিৰ পথ মুকলি হয়।

পুৱাৰ এই ৫ অভ্যাসে সলনি কৰিব পাৰে সকলো, জীৱনলৈ আহিব সুখ আৰু সফলতা...

পুৱাৰ অভ্যাস

Published: 

02 May 2025 07:04 AM

পুৱাৰ সময়খিনি সকলোৰে বাবে গুৰুত্বপূৰ্ণ। যদি পুৱাৰ সময়খিনিত কিছুমান বিশেষ অভ্যাস গঢ় দিয়া হয় তেতিয়া ই আমাৰ জীৱনত ইতিবাচক প্ৰভাৱ পেলায়। কোৱা হয়, দিনৰ আৰম্ভণি ভাল কামেৰে কৰিলে দিনটো শক্তি আৰু সুখী অনুভৱ কৰা হয়। দেখা যায়, যিসকল লোকে পুৱা উঠি ভাগৰুৱা বা নকৰাত্মক অনুভৱ কৰে তেনে লোকসকলৰ দিনটো একো কাম কৰিব মন নাযায়। গতিকে সকলোৱে পুৱাৰ সময়খিনি ভালদৰে পাৰ কৰা আৱশ্যক।

কিছুমান বিশেষ অভ্যাস আছে, যি গঢ় দিব পাৰিলে আপোনাৰ জীৱন ইতিবাচক হৈ পৰিব। জীৱন ইতিবাচক হৈ পৰিলে আপোনাৰ সফলতা বা সুখী হোৱাৰ পথো মুকলি হ’ব। এই লেখাটোত এনে কিছুমান অভ্যাসৰ কথা উল্লেখ কৰা হ’ল।

শব্দ

যোগ গুৰুৱে কোৱা অনুসৰি, পুৱা সাৰ পোৱাৰ লগে লগে চকু বন্ধ ৰাখি নিজৰ আশে-পাশে থকা শব্দ শুনাৰ চেষ্টা কৰিব লাগে। তাৰ পাছত লাহে লাহে চকু খুলি সূৰ্যৰ পোহৰ মুখত পৰিব দিব লাগে। লাহে লাহে সূৰ্যৰ পোহৰৰ সৈতে নিজক সংযোগ কৰাৰ চেষ্টা কৰিব লাগে। ইয়াক চেঞ্চুৰী এৱেকিং বুলি কোৱা হয়। পুৱা এনে কৰিলে আপোনাৰ চিৰোটোনিন হৰম’ন বাহিৰ হয় যাৰ ফলত আপোনাৰ মুড ঠিকে থাকে।

যোগ

প্ৰতিদিনে পুৱা উঠি অন্তত ১৫ মিনিট যোগাসন কৰিব লাগে। এই সময়চোৱাত আপুনি বিশেষকৈ ত্ৰাটক, পৰ্বতাসন আৰু ভস্ত্ৰিকা আসন কৰিব পাৰে। ত্ৰাটক আসনত আপুনি অলপ সময়ৰ বাবে পোহৰত মনোযোগ কেন্দ্ৰিত কৰিব পাৰে। ইয়াৰ ফলত ফোকাচ বাঢ়ে। ইয়াৰ পাছত পৰ্বতাসন কৰিব পাৰে, ইয়াৰ ফলত ডিঙি, কান্ধ, কঁকাল আদি সুস্থ হৈ থাকিব। তাৰ পাছত ভস্ত্ৰিকা আসন কৰিব পাৰে।

প্ৰেৰণাদায়ক কোটছ

প্ৰতিদিনে পুৱা উঠি প্ৰেৰণাদায়ক কোটচ বা কিতাপ পঢ়া উচিত। ইয়ে আমাৰ শীৰৰত ডোপামাইন হৰমন বাহিৰ কৰে। ই এক অনুভূতিজনক ভাল হৰম’ন, যিয়ে আপোনাৰ মুড ভাল কৰি আনন্দিত কৰি ৰখাত সহায় কৰে। ই আপোনাক ইতিবাচক চিন্তা কৰাত সহায় কৰে।

কাম

পুৱাৰ সময়চোৱাত মন ভালে থাকে। গতিকে এখন তালিকা প্ৰস্তুত কৰি পুৱা কিছুমান সৰু সৰু কাম কৰিব লাগে। যেনে গছত পানী দিয়া, ৰুম চাফা কৰা আদি। এই তালিকা সৰু হব লাগে যাতে ই আপোনাত চিন্তাত নেপেলায়।

খাদ্য আৰু প্ৰকৃতি

সদায় প্ৰকৃতিৰ ওচৰত থাকিব লাগে। পুৱা উঠি বাহিৰলৈ ওলাই গৈ কিছু ভাল বতাহ ল’ব চেষ্টা কৰিব লাগে। ইয়াৰোপৰি ভাল খাদ্যও জৰুৰী। সদায় পুৱাৰ খাদ্য খাব লাগে। কিয়নো শৰীৰে ভালদৰে শক্তি পালেহে আপোনাৰ মন শান্ত হৈ থাকিব। ইয়াৰোপৰি পুৱা উঠি খালী পেটত কুহুমীয়া পানী খোৱা ভাল।

 

অন্য খবৰ পঢ়কঃ প্লাষ্টিকৰ সামগ্ৰী ব্যৱহাৰ কৰে নেকি? এই ৰাসায়নিক পদাৰ্থই বৃদ্ধি কৰে হাৰ্ট এটেক, মেদবহুলতাৰ সম্ভাৱনা…

স্বামীৰ বাবে সৌভাগ্য কঢ়িয়াই আনে এই ৪ গুণৰ মহিলাই, জানক...
খালী পেটত চাহ খোৱা অভ্যাস আছে নেকি? হ’ব পাৰে এই ৩টা গুৰুতৰ সমস্যা...
জীৱনলৈ আহিব দুৰ্ভাগ্য! কেতিয়াও ব্যৱহাৰ নকৰিব আনৰ এইসমূহ বস্তু...
জীৱন হ'ব ধ্বংস, কেতিয়াও বিশ্বাস নকৰিব এইসকল লোকক!
বৃন্দাবনী বস্ত্ৰ বৰপেটালৈ অনা সন্দৰ্ভত কি ক'লে মুখ্যমন্ত্ৰীয়ে?
ৰাইজে যে কংগ্ৰেছক মাতিব তাৰ কোনো সম্ভাৱনা নাইঃ মুখ্যমন্ত্ৰী
বৰপেটাতো হব বৃহৎ উচ্ছেদঃ মুখ্যমন্ত্ৰী
দুৰ্বল নেকি জুবিন গাৰ্গৰ চাৰ্জশ্বীট? কি ক'লে মুখ্যমন্ত্ৰীয়ে...