১৪ দিন একেৰাহে পুৱা খালী পেটত মেথি গুটি খালে কি কি ৰোগ ভাল হয়? জানক সকলো…

Methi Benefits: প্ৰায় সকলোৰে ঘৰত উপলব্ধ কিছুমান এনে বস্তু আছে যি মানুহৰ স্বাস্থ্যৰ বাবে বহু উপকাৰী। তেনে এবিধ মচলা হল মেথি গুটি। ই মচলাৰ লগতে বহু ৰোগৰ বাবে অতি ফলপ্ৰসূ।

১৪ দিন একেৰাহে পুৱা খালী পেটত মেথি গুটি খালে কি কি ৰোগ ভাল হয়? জানক সকলো...

মেথিৰ উপকাৰিতা

Updated On: 

17 Nov 2025 | 03:37 PM

প্ৰায় সকলোৰে পাকঘৰত উপলব্ধ এবিধ মচলা মেথি গুটি। পিছে কেৱল মচলা হিচাপেই নহয়, ই বিভিন্নো ৰোগৰ বাবে ফলপ্ৰসূ।মেথিৰ গুটি ঔষধতকৈ কম নহয়। যদি আপুনি একেৰাহে ১৪ দিন মেথিৰ গুটি খাই তেন্তে স্বাস্থ্যত বহু ইতিবাচক পৰিৱৰ্তন দেখিব পাব। ওজন হ্ৰাস কৰাৰ লগতে চুগাৰৰ মাত্ৰা নিয়ন্ত্ৰণ কৰালৈকে ই বিভিন্ন কাম কৰিব পাৰে। গতিকে মেথি গুটি কি ৰোগত ভাল, এয়া খালে কি হয় এই সকলোবোৰ এই লেখাটোত উল্লেখ কৰা হ’ল।

খালে কি হয়?

যদি আপুনি প্ৰতিদিনে পুৱা খালী পেটত এচামুত মেটি গুটি পানীৰ সৈতে খাই, বা নিশা পানীত মেথি গুটি তিয়াই থৈ সেই পানী পুৱা খাই তেন্তে ইয়াৰ ভাল প্ৰভাৱ দেখিবলৈ পাব। মাত্ৰ ১৪ দিন মেথি গুটি এনেকৈ সেৱন কৰিলে ইয়াৰ ফল দেখিবলৈ পাব। ই হজম শক্তি উন্নত কৰি এচিডিটিৰ সমস্যা হ্ৰাস কৰে। ইয়াৰোপৰি ই চুগাৰৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে। যি ডায়েবেটিছ ৰোগীৰ বাবে উপকাৰী। ইয়াৰোপৰি ই ৰক্তচাপ নিয়ন্ত্ৰণ কৰে। লগতে ছাল আৰু চুলি ধুনীয়া কৰে।

মেথিত কি থাকে, কি ৰোগত ভাল

মেথিত ফাইবাৰ প্ৰচুৰ পৰিমাণে থাকে। যিয়ে শৰীৰৰ বেয়া পদাৰ্থ বাহিৰ কৰাত সহায় কৰে। ইয়াত প্ৰ’টিন, আয়ৰণ, কেলছিয়াম, ফচফৰাচ, এন্টিঅক্সিডেন্টছ আদি থাকে। ই শৰীৰ শক্তিশালী কৰে লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে। ইয়াৰোপৰি ই ভাগৰ আৰু দুৰ্বলতা দূৰ কৰে।

মেথি গুটিত ভিটামিন এ, ভিটামিন চি, বি কমপ্লেক্স আদি থাকে। যি ছাল, চুলি,চকু, ৰোগ প্ৰতিৰোধ ক্ষমতা আদিৰ বাবে ভাল।
মেথি গুটি ডায়েবেটিছ, উচ্চ কলেষ্টেৰল, কৌষ্ঠকাঠিন্য, গাঁঠিক বিষ,হৰম’নৰ ভাৰসাম্যহীনতা আদি সমস্যা দূৰ কৰাত ফলপ্ৰসূ। মহিলাসকলৰ বাবে মেথি গুটি বিশেষ উপকাৰী। ই মাহেকীয়া নিয়মীয়া কৰাত সহায় কৰে আৰু পেটৰ বিষ কম কৰে।

 

(ওপৰোক্ত লেখাটোত কিছুমান সাধাৰণ তথ্য প্ৰদান কৰা হৈছে। যদি আপোনাৰ কিবা ৰোগ আছে তেন্তে এই ক্ষেত্ৰত বিশেষজ্ঞৰ পৰামৰ্শ লোৱা ভাল।)

অন্য খবৰ পঢ়কঃ প্ৰতিদিনে খালী পেটত গাজৰ খালে কম হ’ব পাৰে এইসমূহ সমস্যা! ৬ সপ্তাহতে পাব ফল, জানক সকলো…

 

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...