Christmas Wishes 2025: এইদৰে সকলোলৈ প্ৰেৰণ কৰক পবিত্ৰ বৰদিনৰ শুভেচ্ছা…

Merry Christmas: বৰদিনে কেৱল অপৰিসীম আনন্দ কঢ়িয়াই অনাই নহয়, এই পবিত্ৰ উৎসৱে আপোনজনক সংযোগ কৰা শীতকালীন উৎসৱ। এই বিশেষ অনুষ্ঠানত আপুনি আপোনাৰ পৰিয়াল আৰু বন্ধু-বান্ধৱীলৈ বিশেষ বাৰ্তা প্ৰেৰণ কৰি বৰদিনৰ শুভেচ্ছা জনাব পাৰে।

Christmas Wishes 2025: এইদৰে সকলোলৈ প্ৰেৰণ কৰক পবিত্ৰ বৰদিনৰ শুভেচ্ছা...

বৰদিনৰ শুভেচ্ছা

Updated On: 

24 Dec 2025 17:09 PM

Christmas wishes in Assamese: ডিচেম্বৰ মাহটো আৰম্ভ হোৱাৰ লগে লগে সকলোৱে বৰদিন আৰু নৱবৰ্ষ উদযাপনৰ বাবে উত্তেজিত হৈ পৰে। বিশেষকৈ সৰু ল’ৰা-ছোৱালী সকলোৱে বৰদিনক লৈ উৎসাহিত। ৰঙীন উপহাৰ,সাজ-সজ্জা, কেক আদিৰে উদযাপন কৰা এটা বিশেষ দিন। বৰ্তমান ভাৰতকে ধৰি সমগ্ৰ বিশ্বতে বৰদিন আৰু নৱবৰ্ষৰ আগমনৰ প্ৰস্তুতি চলি আছে। বহুতে বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ সৈতে বৰদিন উদযাপন কৰে আৰু তাৰ পিছত নতুন বছৰ উদযাপন কৰে। ২৫ ডিচেম্বৰৰ বিশেষ দিনটোত সমগ্ৰ বিশ্বই পালন কৰে বৰদিন।

বৰদিন উপলক্ষে মানুহে বহু আয়োজন কৰে আৰু এই বিশেষ দিনটোত বন্ধু-বান্ধৱী আৰু পৰিয়ালৰ লোকক লগ কৰি উপহাৰ দিবলৈ যায়। কেৱল এয়াই নহয়, এই বিশেষ দিনটোক অধিক স্মৰণীয় কৰি তুলিবলৈ বহুতে আত্মীয়-স্বজন আৰু বন্ধু-বান্ধৱীৰ সৈতে ফুৰিবলৈ যোৱাৰ পৰিকল্পনাও কৰে। কিন্তু যিসকলে কৰ্ম বা আন ব্যৱসায়ৰ বাবে আপোনজনক লগ কৰিবলৈ অক্ষম হৈ পৰে। তেওঁলোকে প্ৰিয়াজনলৈ ভাল লগা শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰে।

বৰদিনৰ শুভেচ্ছা বাৰ্তা

  • মেৰী খ্ৰীষ্টমাছ! আশাকৰোঁ আপোনাৰ বৰদিন আনন্দময় আৰু স্মৰণীয় হ’ব।
  • এই বৰদিনে আপোনাৰ জীৱনত সুখ, হাঁহি আৰু ভাল মুহূৰ্ত কঢ়িয়াই আনক।
  • প্ৰিয় বন্ধু, বৰদিনৰ এই আনন্দত আপুনি সদায় সুখী হৈ থাকক।
  • মেৰী খ্ৰীষ্টমাছ! আপোনাৰ জীৱনটো ৰঙীন আৰু মধুৰ মুহূৰ্তেৰে পৰিপূৰ্ণ হওক।
  • নতুন বছৰে আপোনালোকৰ বাবে সুখ আৰু সফলতা কঢ়িয়াই আনক।
  • আপোনাৰ পৰিয়ালৰ সৈতে হাঁহি আৰু মৰমেৰে ভৰা সুখৰ মুহূৰ্তবোৰ কটাওক। মেৰী খ্ৰীষ্টমাছ!
  • এই বৰদিনৰ দিনটোত আপোনালোক সকলোকে অপৰিসীম মৰম আৰু সুখৰ কামনা কৰিলোঁ।
  • বৰদিনৰ এই উৎসৱে আপোনাৰ জীৱনটো আনন্দ আৰু সুখেৰে ভৰাই তোলক।
  • এই বৰদিনত আপোনাৰ জীৱনৰ নতুন আৰম্ভণি হওক।
  • আজি  এই পবিত্ৰ বৰদিনত আপোনাৰ বাবে হাঁহি আৰু আনন্দৰে ভৰা জীৱন কামনা কৰিলোঁ।
  • বৰদিনৰ দিনটো আনন্দৰ পোহৰেৰে আপোনাৰ জীৱন আলোকিত হওক।
  • নতুন বছৰ আগমণৰ প্ৰাকক্ষণ এই বৰদিনত সম্পৰ্কবোৰ শক্তিশালী হওক।
  • এই আনন্দময় বৰদিনটো আপোনাৰ আপোনজনৰ সৈতে কটাওক। মেৰী খ্ৰীষ্টমাছ!

লগতে পঢ়ক: বৰদিন কেতিয়া? এই দিনটোৰ ইতিহাস, মহত্ব, কেনেকৈ পালন কৰা হয় সকলো জানক…

শনি দেৱৰ পূজাত নকৰিব এই ৩ টা বস্তুৰ ব্যৱহাৰ, নহ’লে পৰিব বিপদত!
দৈনিক ব্ৰাছ কৰাৰ পিছতো মুখৰ দুৰ্গন্ধ ওলাই নেকি?
শীতকালত চুগাৰ বৃদ্ধি কৰে এই ৫ খাদ্যই! জানক সকলো...
এই সমস্যা থকা লোকে ভুলতো খাব নালাগে অমিতা! জানক...
গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া
অসমত বৰ্তমান ৪০শতাংশ বাংলাদেশী মূলৰ লোক আছেঃ মুখ্যমন্ত্ৰী
খেৰণিৰ পৰিস্থিতি অতি স্পৰ্শকাতৰঃ মুখ্যমন্ত্ৰী
গুৱাহাটীৰ গেটৱে’ ঘাট টাৰ্মিনেলত মুখ্যমন্ত্ৰী শৰ্মা