Uruka Special Food Recipe: উৰুকা বুলিলেই হাঁহৰ মাংস আৰু কোমোৰাৰ জুতি! কম সময়ত প্ৰস্তুত কৰক এই ৰেচিপি

আমাৰ জাতীয় জীৱনৰ সমৃদ্ধ লোকাচাৰ-পৰম্পৰা তথা ঐতিহ্যক প্ৰতিনিধিত্ব কৰা ভোগালী বিহুৱে। অসমৰ ভিন্ন প্ৰান্তত আৰম্ভ হৈছে ভোগালীক আদৰাৰ প্ৰস্তুতি। সকলোৱে মিলি সাজু কৰিছে ভেলাঘৰ আৰু মেজি ৷ উৰুকাৰ নিশা ভেলাঘৰত হাঁহে-মাহে তৃপ্তিৰে এসাঁজ নোখোৱালৈকে যেন ভোগালীৰ আনন্দ আধৰুৱা ৷

Uruka Special Food Recipe: উৰুকা বুলিলেই হাঁহৰ মাংস আৰু কোমোৰাৰ জুতি! কম সময়ত প্ৰস্তুত কৰক এই ৰেচিপি

উৰুকা বুলিলেই হাঁহৰ মাংস আৰু কোমোৰাৰ জুতি!

Updated On: 

09 Jan 2025 | 09:51 PM

ভোগৰ ভোগালীলৈ মাজত মাথোঁ কেইটামান দিন বাকী। পিঠা-লাড়ুৰ পৰা আৰম্ভ কৰি বিভিন্ন খাদ্যৰে ভৰি থাকে অসমীয়ালোকৰ ঘৰ। অসমীয়াৰ আখলত প্ৰস্তুত হয় বিধে বিধে ব্যঞ্জন। ভোগালীৰ উৰুকাত সকলোৱে বিধে বিধে ব্যঞ্জন প্ৰস্তুত কৰে। উৰুকা বুলিলেই যেন হাঁহ-কোমোৰাৰ জুতি। উৰুকাৰ নিশা সকলোৰে হাঁহ আৰু কোমোৰালৈ এবাৰ হ’লেও মনত কৰে। এই মাংস প্ৰস্তুতত অধিক সময় যায় বাবে বহুতৰে বনাবলৈ সময়ৰ অভাৱ হয়। কিন্তু এই পদ্ধতি অনুসৰণ কৰি কম সময়ত জুতি লগাই খাব পাৰিব হাঁহ-কোমোৰাৰ ব্যঞ্জন।

কোমোৰাৰ সৈতে হাঁহ কেনেকৈ বনাব?

অসমীয়া মানুহে হাঁহৰ মাংস খাই যথেষ্ঠ ভাল পায়। যেতিয়া ইয়াক কোমোৰাৰ সৈতে প্ৰস্তুত কৰা হয় তেতিয়া তাৰ সোৱাদ দুগুন হৈ পৰে। আজি জানক ইয়াক ৰন্ধাৰ সহজ উপায়-

আমাক উপকৰণত লাগিব

সৰিয়হ তেল আধা কাপ, কটা হাঁহৰ ৪০০ গ্ৰাম, সৰু কোমোৰা এটাৰ আধা ফাল, আদা,পিয়াজ সৰু দুটা, কেঁচা জলকীয়া, নহৰু ৮ ফুট, তেজপাত এখিলা, জিৰা গুৰি দুচামুচ, জালুক গুৰি এচামুচ,গৰম মচলা পেষ্ট এচামুচ, হালধি আৰু নিমখ সোৱাদ অনুসৰি।

ৰন্ধন প্ৰণালী:

  1.  ধুই লৈ পানী আঁতৰাই লোৱা মাংসখিনি হালধি নিমখ সানি ৰঙচুৱা হোৱাকৈ ভাজি লওক।
  2. কোমোৰা টুকুৰাবোৰো সেই তেলতে ভাজি উঠাই থওক।
  3. এতিয়া তেলত প্ৰথমে তেজপাত দি পেষ্ট কৰি থোৱা পিয়াজ, আদা, নহৰু, জলকীয়াখিনি ঢালি কম জুইত খুব ভালদৰে ভাজি লওক। এতিয়া আগতে ভাজি থোৱা মাংস আৰু কোমোৰাখিনি দি জোখ মতে নিমখ আৰু হালধি আৰু গৰম মচলা খিনিৰ বাহিৰে বাকীখিনি দি ভালদৰে ভাজক।
  4. ভালদৰে ভজা হোৱাৰ পিছত পানী দি ঢাকনি লগাই ১৫ মিনিট মান সিজিলৈ এৰি দিয়ক। আকৌ গৰম মচলাৰ পেষ্ট খিনি মিহলাই ঢাকনি লগাই ৫ মিনিট উতলাই নমাই দিয়ক।
  5. এইদৰে কম সময়তে প্ৰস্তুত হৈ পৰিব হাঁহ কোমোৰাৰ এখন সুস্বাদু ব্য়ঞ্জন।
ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...