অনবৰতে দুৰ্বল আৰু ভাগৰুৱা অনুভৱ হৈ থাকে নেকি? তেন্তে হ’ব পাৰে শৰীৰৰ এই সমস্যা, জানক…

শৰীৰ সুস্থ কৰি ৰাখিবলৈ পুষ্টিকৰ উপাদানৰ প্ৰয়োজন। যেতিয়া শৰীৰত পুষ্টিকৰ উপাদানৰ অভাৱ হয় তেতিয়া বিভিন্ন সমস্যাই দেখা দিয়ে। কেতিয়াবা মানুহে অনবৰতে ভাগৰুৱা আৰু দুৰ্বল অনুভৱ কৰে।

অনবৰতে দুৰ্বল আৰু ভাগৰুৱা অনুভৱ হৈ থাকে নেকি? তেন্তে হব পাৰে শৰীৰৰ এই সমস্যা, জানক...

ভাগৰুৱা

Published: 

14 Aug 2025 14:25 PM

শৰীৰ সুস্থ হৈ থাকিবলৈ পুষ্টিকৰ উপাদানৰ প্ৰয়োজন। কিয়নো পুষ্টিকৰ উপাদানে শৰীৰ শক্তিশালী কৰি ৰখাত সহায় কৰে। যেতিয়া শৰীৰত পুষ্টিকৰ উপাদানৰ অভাৱ হয় তেতিয়া বিভিন্ন স্বাস্থ্যজনিত সমস্যাই দেখা দিয়ে। গতিকে স্বাস্থ্যজনিত সমস্যা দূৰ কৰিবলৈ বা সুস্থ হৈ থাকিবলৈ শৰীৰক পুষ্টিকৰ উপাদানৰ যোগান ধৰা প্ৰয়োজন।

শৰীৰৰ বাবে প্ৰয়োজনীয় এনে এক পুষ্টিকৰ উপাদান মেগনেছিয়াম। বিভিন্ন হেলথ ৰিপোৰ্টে দাবী কৰে যে মেগনেছিয়ামে ৩০০ তকৈ বেছি শৰীৰৰ কাৰ্যত সহায় কৰে। কিন্তু বহুসময়ত প্ৰায়ভাগ মানুহৰে শৰীৰত মেগনেছিয়ামৰ অভাৱ হোৱা দেখা যায়। যেতিয়া শৰীৰত মেগনেছিয়াৰ অভাৱ হয় তেতিয়া কিছুমান লক্ষণে দেখা দিয়ে। গতিকে ইয়াৰ বিষয়ে জনা দৰকাৰ। আপুনি ঘৰুৱা পদ্ধতি বা কিছুমান খাদ্যৰ জৰিয়তে মেগনেছিয়ামৰ অভাৱ দূৰ কৰিব পাৰে। অৱশ্যে আপোনাৰ যদি অন্য কোনো স্বাস্থ্যজনিত সমস্যা আছে তেন্তে ইয়াৰ ক্ষেত্ৰত বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰা ভাল।

লক্ষণ

মেগনিয়ামৰ সমস্যা সন্দৰ্ভত চিকিৎসক তথা গৱেষক জেনিন ব’ৰিঙে নিজৰ ইউটিউব চেনেলত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে। য’ত তেওঁ কৈছে যে শৰীৰত মেগনেছিয়ামৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে। তেওঁ কয় যে, মেগনেছিয়ামৰ অভাৱ হ’লে অনবৰতে দুৰ্বল আৰু ভাগৰুৱা অনুভৱ হৈ থাকে। ইয়াৰোপৰি কিছুমান লক্ষণে দেখা দিয়ে। তলত সবিশেষ উল্লেখ কৰা হ’ল-

  • পাচনতন্ত্ৰত সমস্যা
  • বাৰে বাৰে কৌষ্ঠ্যকাঠিন্যৰ সমস্যা
  • পেটত গেছ, এচিডিটি
  • মাংসপেশী বিষ
  • চকু কপা
  • হৃদযন্ত্ৰ ধপধপনি
  • হাত-ভৰি ঠাণ্ড আদি
    চিকিৎসকগৰাকীয়ে কয় যে, এই লক্ষণ লাহে লাহে বাঢ়ি যায় আৰু পাছত স্বাস্থ্যসম্পৰ্কীয় ডাঙৰ সমস্যাৰ সৃষ্টি কৰে। গতিকে দীৰ্ঘদিন ধৰি এনে সমস্যাসমূহ দেখা দিলে স্বাস্থ্য পৰীক্ষা কৰাব লাগে।

অভাৱ দূৰ কৰিবলৈ কি কি খাব লাগে

  • সেউজীয়া শাক-পাচলি
  • বাদাম
  • কাজু, ৰঙালাউৰ গুটি, সুৰুযমুখী ফুলৰ গুটি আদি।
  • ৰাজমা।
  • মচুৰ দাইল
  • ব্ৰাউন ৰাইচ
  • অটছ.
  • কিন্নোৱা
  • কল,
  • ডাৰ্ক চকলেট,
  • এভাকোডা আদি।

ইয়াৰোপৰি চিন্তাৰ ফলত মেগনেছিয়ামৰ অভাৱ হ’ব পাৰে। গতিকে চিন্তা কম কৰিব লাগে। ইয়াৰোপৰি কেফেইন সীমিত পৰিমাণে খাব লাগে। যদি ইয়াৰ পাছতে স্বাস্থ্য ভাল নহয় তেতিয়া বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰা ভাল। চিকিৎসকে দিয়া পৰামৰ্শ অনুসৰি ইয়াৰ পৰিপূৰক গ্ৰহণ কৰিব পাৰে।

 

অন্য খবৰ পঢ়কঃ বাৰে বাৰে মুখত শালমইনা ওলাই নেকি? তেন্তে খাওক এইসমূহ খাদ্য, দূৰ হ’ব সকলো সমস্যা…

দেশৰ স্বাধীনতাৰ সৈতে জড়িত অসমৰ ইতিহাসৰ এইসমূহ তথ্য জানেনে আপুনি?
ৰঙা নহয়! পূৰ্বতে কি আছিল লালকিল্লাৰ ৰং? কোনে কৰিছিল সলনি, জানক...
স্বাধীনতা দিৱস আৰু গণৰাজ্য দিৱসৰ মাজত কি কি পাৰ্থক্য আছে? জানক...
১৯৪৭চনত কিমান হিন্দু ভাৰতলৈ আহিছিল আৰু কিমান মুছলমান পাকিস্তানলৈ গৈছিল...