ভোগালীৰ ভোগ বিচাৰি গাঁৱলৈ ঢাপলিঃ মাঘ বিহুলৈ মাজত মাত্ৰ কেইটামান ক্ষণ বাকী…

Magh bihu 2025: কাইলৈ বিহুৰ উৰুকা। ইয়াকে লৈ ব্যস্ত প্ৰতিগৰাকী অসমীয়া। উৰুকা মানে ভোগ, উৰুকা মানে আনন্দ আৰু উৰুকা মানে একতা। সেয়ে ব্যস্ত সময়ৰ মাজতো প্ৰতিগৰাকী অসমীয়াই ভোগালীৰ ভোগ বিচাৰি গাঁৱলৈ ঢাপলি মেলিছে।

ভোগালীৰ ভোগ বিচাৰি গাঁৱলৈ ঢাপলিঃ মাঘ বিহুলৈ মাজত মাত্ৰ কেইটামান ক্ষণ বাকী...

মাঘ বিহু

Updated On: 

12 Jan 2025 | 08:32 PM

একুৰা জুইৰ চাৰিওফালে বহি আটায়ে বিভিন্ন কথা পাতিছে। মাজে মাজে পিঠা ভজাৰ গোন্ধ আহিছে। কোনোবাই মাছ বনাইছে, কোনোবাই আকৌ মাংস। ইয়াৰ মাজতে গৃহস্থই বাৰে বাৰে জেওৰাখনলৈ চাইছে, ডেকাহঁতে লৈ যোৱা নাইতো। মাজে সময়ে আকৌ কিছু আঁতৰৰ পৰা ৰং ধেমালীৰ শব্দ ভাঁহি আহিছে। কোনোবাই যদি হাঁহিছে, কোনোবাই আকৌ কোনে কি বনাইছে তাকে চাইছে, এয়া যেন উৰুকাৰ নিশা গাঁও এখনৰ অতি চিনাকী দৃশ্য।

কাইলৈ উৰুকা, লগে ভাগে এসাঁজ খোৱাৰ দিন। এই দিনটোত পেটে ভাতে খাবলৈ সকলোৰে হাতত কিবা অলপ থাকে, ভোগ যেন থাকে গাঁৱত। সেয়ে প্ৰতিগৰাকী অসমীয়াই ভোগ বিচাৰি ঢাপলি মেলিছে গাঁৱলৈ। ধন,সম্পদ,ঐশ্বৰ্য্য সকলোৰে উৰ্ধত এই ভোগালীৰ উৰুকা । প্ৰতিগৰাকী অসমীয়াৰ অতি হেঁপাহৰ এই উৰুকা, উৰুকা মানে যেন ভোগ, উৰুকা মানে আনন্দ আৰু উৰুকা মানে একতা।

ধান চপোৱাৰ পাছত সকলোৰে ভঁৰাল এতিয়া উভৈনদী হৈ পৰিছে, পুখুৰীত মাছ  ভৰি আছে। বজাৰৰ মাছে যেন দিব নোৱাৰে এই পুখুৰীৰৰ মাছৰ সোৱাদ। সেয়ে ভোগালী মানেই যেন গাঁও। ব্যস্ত সময়ৰ মাজতো প্ৰতিগৰাকী অসমীয়াই এই সময়ত মনত কৰিছে গাঁৱক, বিচাৰি গৈছে মাটিৰ গোন্ধ। সেয়ে আজি উদং হৈ পৰিছে মহানগৰীৰ বুকু।

চহৰৰ যান্ত্ৰিকতাৰ মাজত বিচাৰি পোৱা নাযায় গাঁৱৰ ভোগালীৰ আনন্দ, যাৰবাবে প্ৰতিগৰাকী অসমীয়া গাঁওমুখী হৈছে।  প্ৰতিটো বিহুৰ দৰে ভোগালী বিহুক লৈও বহু পৰম্পৰা প্ৰচলিত হৈ আহিছে। ধাননি পথাৰত সকলোৱে মিলি মেজি সাজে। অযুগ্ম সংখ্যাৰে মেজি সজাৰ আছে এন অন্য নিয়ম। পৰম্পৰা সলনি হ’লেও এতিয়াও গাঁৱত দেখিবলৈ পোৱা যায় মেজি, দেখা যায় পুখুৰী, বিলত মাছ ধৰা মানুহৰ ভিৰ।

চহৰত নাই বুলি ক’বলৈ হয়তো একো নাই। ৫০০ টকাত বিক্ৰী হয় মেজি, ১০০-২২০ টকাত বিক্ৰী হয় পিঠা লাড়ু, ৮০০-৯০০ ত বিক্ৰী হয় ডাঙৰ ডাঙৰ মাছ, কিন্তু এই বিলাসীকতাৰ মাজত ক’তো যেন গোন্ধ নাই নিজৰ মাটিৰ, কোনো যেন পৰশ নাই নিজৰ হাতৰ। সেয়ে হয়তো টকা- পইচা, লাস বিলাস থকাৰ পাছতো চহৰত বিচাৰি পোৱা নাযায় ভোগালীৰ মাদকতা।

ভোগালী বুলিবলৈ গাঁওখন যেন সকলো। এটা নিশাৰ ভোজভাতৰ বাবে ক’ত দিনৰ যেন আয়োজন। দিনৰ সাঁজ খাই ৰাতিৰ সাঁজলৈ চিন্তা কৰিবলগীয়া পৰিয়ালটোৱেও যেন কেনেবাকই গোটাইছে মাছ পুঠি, বনাইছে পিঠা লাড়ু। টকা- পইচা নাথাকিলেও ভোগত যেন কমা কৰা নাই কোনোৱে। মুঠতে সকলোৰে বিৰাট আয়োজন। নহ’বনো কিয়?  ভোগালী মানেই যেন ভোগ, আনন্দ।

বিহুৰ উৰুকাৰ দিনা জুইৰ ওচৰত বহি, ভেলাঘৰত ডেকাহঁতৰ আনন্দ  কৰা বা মেজিৰ উত্তাপ লোৱাৰ ছবি কেৱল গাঁৱতহে দৃশ্যমান। উৰুকাৰ দিনা ডেকাহঁতে ভেলাঘৰত কটায়। কিছুমান ঠাইত আকৌ নিশা জেওৰা,ঢেকি আদি চুৰ কৰাৰ নিয়ম আছে, কিছুমানে আকৌ বন্ধাকবি, শাক- পাচলি আদি চুৰি কৰি নিয়ে। এই দিনটোত যেন গৃহস্থৰো খং নুঠে। এয়া যেন চুৰি নহয়, এয়া  বিহুকলৈ ডেকাহঁতৰ আনন্দ।

এক কথাত ক’বলৈ হ’লে মাঘৰ বিহুত যে কোনো অসমীয়াৰ অভাৱ নাথাকে। দিনে নিশাই কষ্ট কৰি ভঁৰাল ভৰাই উদৰ পুৰাই খোৱাৰ সময় এয়া। কেইবাদিনো ধৰি মেজি বনাই জুইৰ উত্তাপ লোৱাৰ অনুভৱেই যেন সুকীয়া। নগৰীয়া জীৱনত সকলো আছে, কিন্তু নাই গাঁৱৰ মাটিৰ গোন্ধ, ভোগালীৰ আনন্দ। নগৰীয়া জীৱনৰ যান্ত্ৰিকতাত বিক্ৰী নহয় গাঁৱৰ মাটিৰ গোন্ধ, অসমীয়াৰ অস্তিত্ব।

ভোগালীৰ ভোগ থাকে গাঁৱত। সেয়ে সকলোৱে সময় উলিয়াই ঢাপলি মেলিছে গাঁৱলৈ, যিসকলে যাব পৰা নাই সেইসকলেও মনত কৰিছে পুৰণি দিনবোৰ। সেয়ে আগন্তুক দুটা বা তিনিটা দিন যেন উদং হৈ পৰিব গুৱাহাটী মহানগৰীৰ বুকু আৰু ভৰি পৰিব গাঁৱৰ ঘৰবোৰ…

 

অন্য খবৰ পঢ়কঃ মাঘ বিহুৰ শুভেচ্ছাঃ এনেদৰে আপোনজনক প্ৰেৰণ কৰক উৰুকা আৰু ভোগালীৰ শুভ বাৰ্তা…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...