Lungs Infection: হাওঁফাওঁৰ সংক্ৰমণ হ’লে শৰীৰে কি কি ইংগিত দিয়ে, জনালে চিকিৎসকে…
Lungs Infection: হাওঁফাওঁৰ সংক্ৰমণ এক ডাঙৰ সমস্যা। হাওঁফাওঁৰ সংক্ৰমণ হ'লে বিভিন্ন লক্ষণে দেখা দিয়ে। কিন্তু বহুতে এইবোৰ সাধাৰণ বুলি আওকাণ কৰে। কিন্তু ইয়াৰ বিষয়ে জনা দৰকাৰ।

হাওঁফাওঁৰ সংক্ৰমণ
হাওঁফাওঁৰ সংক্ৰমণ (Lungs Infection) এক ডাঙৰ সমস্যা। যেতিয়া বেক্টেৰিয়া, ভাইৰাছ বা ভেঁকুৰৰ বাবে হাওঁফাওঁ প্ৰদাহ বা সংক্ৰমণ হয় তেতিয়া তাক হাওঁফাওঁৰ সংক্ৰমণ বুলি কোৱা হয়। এই সংক্ৰমণে হাওঁফাওঁৰ কামত প্ৰভাৱ পেলায় আৰু শ্বাস-প্ৰশ্বাসত সমস্যা আহিব পাৰে। শিশু, ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল, ডায়েবেটিছত আক্ৰান্তসকলৰ মাজত এই ৰোগৰ আশংকা বেছি। ইয়াৰোপৰি ধূমপান কৰা আৰু অনবৰত প্ৰদূষিত বায়ুৰ সংস্পৰ্শত থকাসকলৰো এই সমস্যা হয়। যেতিয়া এই সমস্যা হয় তেতিয়া বিভিন্ন লক্ষণে দেখা দিয়ে। ইয়াৰ বিষয়ে জনা দৰকাৰ।
কাৰণ
বেক্টেৰিয়া বা ভাইৰাছৰ বাবে হাওঁফাওঁৰ সংক্ৰমণ হ’ব পাৰে। কেতিয়াবা চৰ্দি, জ্বৰ আদি হাওঁফাওঁ হৈ পালে সংক্ৰমণ হ’ব পাৰে। ইয়াৰোপৰি ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল, ধূমপান কৰা, প্ৰদূষিত ঠাইত থকা আদিৰ ফলত হাওঁফাওঁৰ সংক্ৰমণ হ’ব পাৰে। লগতে ডায়েবেটিছ, হৃদৰোগ, হাপানী আদি ৰোগীৰ এই সংক্ৰমণৰ সম্ভাৱনা বেছি।
লক্ষণ
যেতিয়া হাওঁফাওঁত সংক্ৰমণ হয় তেতিয়া বিভিন্ন লক্ষণে দেখা দিয়ে। এই সন্দৰ্ভত সবিশেষ জনাইছে লেডী হাৰ্ডিং হাস্পতালৰ ডাঃ এল এইচ ঘোটেকাৰে। তেওঁ কয় যে, হাওঁফাওঁৰ সংক্ৰমণৰ লক্ষণসমূহ সাধাৰণ হ’ব পাৰে। কিছুমান সাধাৰণ লক্ষণ যেনে- স্থায়ী কাহ, শ্লেষ্মা বা কফ, মৃদু জ্বৰ, ভাগৰ, উশাহ-নিশাহ লোৱাত সমস্যা আদি। ইয়াৰোপৰি কিছুমান ক্ষেত্ৰত বুকুত বিষ, তীব্ৰ জ্বৰ, হাড় বা পেশীৰ বিষ, ডিঙিত জ্বলা-পোৰা আদি হ’ব পাৰে। ইফালে গুৰুতৰ সংক্ৰমণৰ ভিতৰত আছে উশাহ-নিশাহত অসুবিধা, হৃদস্পন্দন দ্ৰুত, ছাল নীলা বা শেতা পৰা, অনবৰত জ্বৰ আদি হ’ব পাৰে। দীৰ্ঘদিন এনে লক্ষণ দেখা দিলে বিশেষজ্ঞৰ পৰামৰ্শ ল’ব লাগে।
পৰিত্ৰাণৰ উপায়
- মাস্ক পৰিধান কৰিব।
- ধূমপান ত্যাগ কৰক।
- ভাল খাদ্য খাওক।
- ভাল জীৱনশৈলী।
- ঘৰ পৰিষ্কাৰ কৰি ৰাখিব।
- ব্যায়াম কৰিব।
অন্য খবৰ পঢ়কঃ শীতকালত ডায়েবেটিছ ৰোগীয়ে নকৰিব এই ভুল! জানক এইমছৰ চিকিৎসকৰ পৰা…