Liver infection symptoms: যকৃতৰ সংক্ৰমণ হ’লে শৰীৰে দিয়ে ৬ টা সংকেত,জানক চিকিৎসকৰ পৰা…

আজিকালি প্ৰায়ভাগ মানুহে যকৃতৰ লগত জড়িত সমস্যাত ভোগে। এই সমস্যা হ'লে শৰীৰত কিছুমান লক্ষণে দেখা দিয়ে। ইয়াৰ বিষয়ে জনা দৰকাৰ।

Liver infection symptoms: যকৃতৰ সংক্ৰমণ হলে শৰীৰে দিয়ে ৬ টা সংকেত,জানক চিকিৎসকৰ পৰা...

যকৃত সংক্ৰমণৰ লক্ষণ

Published: 

25 Aug 2025 16:47 PM

আজিকালি বহু মানুহে যকৃতৰ লগত জড়িত সমস্যাত ভোগা দেখা যায়। বহুতৰে যকৃত বিকল হয়। কিন্তু আপুনি জানেনে কেনেকৈ যকৃতৰ সমস্যাৰ সৃষ্টি হয়? এই সমস্যা হ’লে শৰীৰে কি কি সংকেত দিয়ে? আচৰিত কথা এয়াই যে, এই লক্ষণবোৰ আমি সাধাৰণ বুলি আওকান কৰো। কিন্তু সাধাৰণ বুলি ভবা এই লক্ষণবোৰ যকৃত বিকলৰ লক্ষণ হ’ব পাৰে। প্ৰাৰম্ভিক অৱস্থাত প্ৰায়ভাগ যকৃতৰ সমস্যা হোৱা ৰোগীৰ এনে সংকেতে দেখা দিয়ে।

শৰীৰৰ এক গুৰুত্বপূৰ্ণ অংগ যকৃত। ই আমাৰ খাদ্য হজম কৰাত সহায় কৰাৰ লগতে শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰ কৰি তেজ পৰিষ্কাৰ কৰাত সহায় কৰে। ইয়াৰোপৰি ই বহু প্ৰয়োজনীয় ভিটামিন আৰু প্ৰটিন উৎপন্ন কৰে। যদি যকৃতৰ সমস্যা হয় তেন্তে শৰীৰত বিভিন্ন সমস্যাৰ সৃষ্টি হয়। এনে অৱস্থাত শৰীৰৰ কিছুমান লক্ষণে দেখা দিয়ে। গতিকে প্ৰাৰম্ভিক অৱস্থাত দেখা দিয়ে এই লক্ষণবোৰৰ পৰা সাৱধান হৈ চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে।

কৈলাশ হাস্পতালৰ জ্যেষ্ঠ চিকিৎসক মানস চেটাৰ্জীয়ে কয় যে, আমি সৰু সৰু দিশবোৰৰ ওপৰত গুৰুত্ব দি যকৃত সুস্থ কৰি ৰাখিব পাৰো। যকৃতৰ সমস্যা হ’লে প্ৰাৰম্ভিক অৱস্থাতে কিছুমান লক্ষণে দেখা দিয়ে। কিন্তু বহুতে ইয়াক আওকান কৰে।

ভাগৰ আৰু দুৰ্বলঃ ডাঃ মানস চেতাৰ্জীয়ে কয় যে, কোনো কাম নকৰাকৈ যদি ভাগৰ অনুভৱ কৰে তেন্তে এয়া যকৃতৰ সমস্যাৰ কাৰণ হ’ব পাৰে। ইয়াৰোপৰি শৰীৰ গধুৰ, গধুৰ লাগি থাকিব পাৰে। যেতিয়া যকৃতে ঠিকমতে কাম নকৰে তেতিয়া শৰীৰত বিহ জমা হ’বলৈ আৰম্ভ কৰে। যাৰ ফলত দুৰ্বল আৰু ভাগৰ লাগি থাকে।

ভোক নলগা আৰু পেটৰ সমস্যাঃ ভোক নলগা আৰু লাহে লাহে ভোক কমি যোৱা যকৃতৰ সমস্যাৰ আন এটা লক্ষণ হ’ব পাৰে। যকৃতৰ সমস্যা হ’লে পেট গধুৰ, খাবলৈ মন নোযোৱা, গেছৰ সমস্যা, বমি বমি ভাব আদি হ’ব পাৰে। কিয়নো যকৃতৰ সমস্যা হ’লে খাদ্য ভালকৈ হজম নহয়।

পেটৰ বিষ বা ফুলাঃ যদি পেটৰ ওপৰৰ অংশত সাধাৰণ বিষ বা হেঁচি ধৰা যেন অনুভৱ হয় তেন্তে ইয়াক সহজভাৱে নল’ব। এই অংশ লিভাৰৰ। এনে লক্ষণ লিভাৰ বা ফেটি লিভাৰৰ বাবে দেখা দিব পাৰে।

ছাল আৰু চকু হালধীয়াঃ যেতিয়া যকৃতৰ সংক্ৰমণ বাঢ়ি যায় তেতিয়া শৰীৰত বিলীৰুবিন নামৰ পিগমেন্ট জমা হয়। ইয়াৰ ফলত চকু বা ছাল হালধীয়া হয়। এক কথাত জণ্ডিছ হ’ব পাৰে । ইয়াৰোপৰি প্ৰস্ৰাৱ গাঢ় হোৱাও দেখা যায়।

খজুৱতিঃ যকৃতৰ ৰোগৰ ফলত শৰীৰত পিত্তৰ নিমখ জমা হয়। এনে অৱস্থাত ছালত খজুৱতি হয়। এলাৰ্জি নোহোৱাকৈও এই খজুৱতি হ’ব পাৰে।

ওজন কমাঃ যদি কোনো ডায়েট নকৰাকৈ ওজন হ্ৰাস পাই তেন্তে ই যকৃতৰ সমস্যাৰ লক্ষণ হ’ব পাৰে। কিয়নো খাদ্য ভালদৰে হজম নহয়, তেতিয়া ওজন কমে।

কাৰণ

মদ্যপান, তেল-মচলা অধিক খোৱা, দীৰ্ঘদিন ধৰি বিশেষজ্ঞৰ পৰামৰ্শ নোলোৱাকৈ ঔষধ খোৱা, মেদবহুলতা আদিৰ ফলতো এই সমস্যা হ’ব পাৰে।

গতিকে দীৰ্ঘদিন ধৰি যদি এই সমস্যাসমূহ দেখা দি আছে তেন্তে বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে।

 

 

অন্য খবৰ পঢ়কঃ উশাহ লোৱাত কষ্ট, পেশীৰ বিষ হৈ থাকে নেকি? ই কি সমস্যাৰ লক্ষণ, জানক বিশেষজ্ঞৰ পৰা…

কম দিনত ফলাফল পাব, এই সহজ ঘৰুৱা উপায়েৰে অকালতে চুলি পকা সমস্যা ৰোধ কৰক
বছৰৰ শেষৰটো চন্দ্ৰগ্ৰহণ শুভ এই ৰাশিৰ বাবে! জানক সকলো...
ছেপ্টেম্বৰ মাহটোৱে শুভ ফল লৈ আহিব এই ৩ ৰাশিৰ জীৱনলৈ...
সঘনাই জ্বৰ বা সংক্রমণ, দুৰ্বলতা অনুভৱ কৰে নেকি ? ব্লাড কেন্সাৰৰ প্ৰাৰম্ভিক লক্ষণ চিনাক্ত কৰক