ৰাতিপুৱা শুই উঠিয়েই এই কেইটা কাম নকৰিব ? সবিশেষ জানক | Lifestyle Tips in Assamese : These Things You Should Avoid After Waking Up Assam news - Assam Tv9

টোপনিৰ পৰা সাৰ পোৱাৰ পাছত আপুনি কি কি কাম কৰে ? সুস্বাস্থ্যৰ বাবে এই কেইটা কাম নকৰিব…

Edited By: 

Barasha Misra | Updated On: 06 Sep 2024 | 12:14 PM

ৰাতিপুৱা শুই উঠিয়ে কি কৰে? বৰ্তমান সময়ত বহুতে শুই উঠিয়ে মোবাইলটো হাতত লয় । তাৰ পাছত হে শৰীৰ চৰ্চা, চাহ খোৱা বা অন্যান্য কামবোৰ কৰে । কিছুমান কাম শুই উঠাৰ পাছত কৰিলে স্বাস্থ্যত বেয়া প্ৰভাৱ পৰিব পাৰে । গতিকে শুই উঠাৰ পাছত স্বাস্থ্যক ক্ষতি কৰাৰ কামৰ পৰা আঁতৰি থাকক । টোপনিৰ পৰা উঠাৰ পাছত আপোনাৰ কি কি কাম কৰাৰ অভ্যাস আছে ? ৰাতিপুৱা শুই উঠাৰ পাছত কি কি কৰিব নালাগে ?

1 / 8ৰাতিপুৱা শুই উঠিয়ে কি কৰে? বৰ্তমান সময়ত বহুতে শুই উঠিয়ে মোবাইলটো হাতত লয় । তাৰ পাছত হে শৰীৰ চৰ্চা, চাহ খোৱা বা অন্যান্য কামবোৰ কৰে ।

ৰাতিপুৱা শুই উঠিয়ে কি কৰে? বৰ্তমান সময়ত বহুতে শুই উঠিয়ে মোবাইলটো হাতত লয় । তাৰ পাছত হে শৰীৰ চৰ্চা, চাহ খোৱা বা অন্যান্য কামবোৰ কৰে ।

2 / 8

কিছুমান কাম শুই উঠাৰ পাছত কৰিলে স্বাস্থ্যত বেয়া প্ৰভাৱ পৰিব পাৰে । গতিকে শুই উঠাৰ পাছত স্বাস্থ্যক ক্ষতি কৰাৰ কামৰ পৰা আঁতৰি থাকক ।

3 / 8

টোপনিৰ পৰা উঠাৰ পাছত আপোনাৰ কি কি কাম কৰাৰ অভ্যাস আছে ? ৰাতিপুৱা শুই উঠাৰ পাছত কি কি কৰিব নালাগে ?

4 / 8

যদি আপুনি চকু মেলিয়ে মোবাইল ফোন চাবলৈ আৰম্ভ কৰে তেন্তে ইয়াৰ প্ৰভাৱ প্ৰথমতে আপোনাৰ চকু দুটাত পৰিব । গোটেই ৰাতি চকু দুটা জিৰণি লোৱাৰ পিছত মোবাইলৰ নীলা পোহৰ চকুত পৰিলে চকুৰ আৰ্দ্ৰতা হেৰাই যাব পাৰে। এই অভ্যাসে দিনৰ আৰম্ভণিতে ‘ষ্ট্ৰেছ হৰম’ন’ৰ নিঃসৰণ বৃদ্ধি কৰে।

5 / 8

সাৰ পোৱাৰ পাছত খৰখেদাকৈ বিচনাৰ পৰা উঠাৰ অভ্যাস পৰিহাৰ কৰক । সাৰ পোৱাৰ পাছত দুই-তিনি মিনিট বিচনাত বহিব। তাৰ পাছত লাহে লাহে ভৰি দুখন মাটিত থব । টোপনিৰ সময়ত আমাৰ হৃদস্পন্দন কম হয়, ৰক্ত সঞ্চালন লেহেমীয়া হয়। সাৰ পোৱাৰ পাছত শৰীৰটো কাৰ্যক্ষম হ'বলৈ সময় লাগে ।

6 / 8

বহুতে সাৰ পোৱাৰ পিছত ব্ৰাছ নকৰাকৈ খাদ্য খোৱাৰ অভ্যাস কৰে। ইয়াৰ ফলত মুখৰ দুৰ্গন্ধ আৰু অন্যান্য দাঁতৰ ৰোগ হ’ব পাৰে।

7 / 8

বহুতে সাৰ পোৱাৰ পাছত চাহ বা কফি খায়। কিন্তু চাহ বা কফিত কেফেইন বেছি থাকে। ৰাতিপুৱা খালী পেটত কেফেইন শৰীৰত প্ৰৱেশ কৰিলে পাচন প্ৰক্ৰিয়াত প্ৰভাৱ পৰিব পাৰে।

8 / 8

বহুতে সময় ৰাহি কৰিবলৈ ব্ৰেকফাষ্ট নকৰাকৈ ওলাই যায়। পুষ্টিবিদসকলৰ মতে জলপানেই আটাইতকৈ গুৰুত্বপূৰ্ণ। ৰাতিপুৱা একো নাখালে ওজন বৃদ্ধি হ'ব পাৰে । সুস্বাস্থ্যৰ বাবে ৰাতিপুৱা ব্ৰেকফাষ্ট নকৰাকৈ নাথাকিব ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...