ৰাতিপুৱা শুই উঠিয়েই এই কেইটা কাম নকৰিব ? সবিশেষ জানক | Lifestyle Tips in Assamese : These Things You Should Avoid After Waking Up Assam news - Assam Tv9

টোপনিৰ পৰা সাৰ পোৱাৰ পাছত আপুনি কি কি কাম কৰে ? সুস্বাস্থ্যৰ বাবে এই কেইটা কাম নকৰিব…

Updated On: 

06 Sep 2024 12:14 PM

ৰাতিপুৱা শুই উঠিয়ে কি কৰে? বৰ্তমান সময়ত বহুতে শুই উঠিয়ে মোবাইলটো হাতত লয় । তাৰ পাছত হে শৰীৰ চৰ্চা, চাহ খোৱা বা অন্যান্য কামবোৰ কৰে । কিছুমান কাম শুই উঠাৰ পাছত কৰিলে স্বাস্থ্যত বেয়া প্ৰভাৱ পৰিব পাৰে । গতিকে শুই উঠাৰ পাছত স্বাস্থ্যক ক্ষতি কৰাৰ কামৰ পৰা আঁতৰি থাকক । টোপনিৰ পৰা উঠাৰ পাছত আপোনাৰ কি কি কাম কৰাৰ অভ্যাস আছে ? ৰাতিপুৱা শুই উঠাৰ পাছত কি কি কৰিব নালাগে ?

1 / 8ৰাতিপুৱা শুই উঠিয়ে কি কৰে? বৰ্তমান সময়ত বহুতে শুই উঠিয়ে মোবাইলটো হাতত লয় । তাৰ পাছত হে শৰীৰ চৰ্চা, চাহ খোৱা বা অন্যান্য কামবোৰ কৰে ।

ৰাতিপুৱা শুই উঠিয়ে কি কৰে? বৰ্তমান সময়ত বহুতে শুই উঠিয়ে মোবাইলটো হাতত লয় । তাৰ পাছত হে শৰীৰ চৰ্চা, চাহ খোৱা বা অন্যান্য কামবোৰ কৰে ।

2 / 8

কিছুমান কাম শুই উঠাৰ পাছত কৰিলে স্বাস্থ্যত বেয়া প্ৰভাৱ পৰিব পাৰে । গতিকে শুই উঠাৰ পাছত স্বাস্থ্যক ক্ষতি কৰাৰ কামৰ পৰা আঁতৰি থাকক ।

3 / 8

টোপনিৰ পৰা উঠাৰ পাছত আপোনাৰ কি কি কাম কৰাৰ অভ্যাস আছে ? ৰাতিপুৱা শুই উঠাৰ পাছত কি কি কৰিব নালাগে ?

4 / 8

যদি আপুনি চকু মেলিয়ে মোবাইল ফোন চাবলৈ আৰম্ভ কৰে তেন্তে ইয়াৰ প্ৰভাৱ প্ৰথমতে আপোনাৰ চকু দুটাত পৰিব । গোটেই ৰাতি চকু দুটা জিৰণি লোৱাৰ পিছত মোবাইলৰ নীলা পোহৰ চকুত পৰিলে চকুৰ আৰ্দ্ৰতা হেৰাই যাব পাৰে। এই অভ্যাসে দিনৰ আৰম্ভণিতে ‘ষ্ট্ৰেছ হৰম’ন’ৰ নিঃসৰণ বৃদ্ধি কৰে।

5 / 8

সাৰ পোৱাৰ পাছত খৰখেদাকৈ বিচনাৰ পৰা উঠাৰ অভ্যাস পৰিহাৰ কৰক । সাৰ পোৱাৰ পাছত দুই-তিনি মিনিট বিচনাত বহিব। তাৰ পাছত লাহে লাহে ভৰি দুখন মাটিত থব । টোপনিৰ সময়ত আমাৰ হৃদস্পন্দন কম হয়, ৰক্ত সঞ্চালন লেহেমীয়া হয়। সাৰ পোৱাৰ পাছত শৰীৰটো কাৰ্যক্ষম হ'বলৈ সময় লাগে ।

6 / 8

বহুতে সাৰ পোৱাৰ পিছত ব্ৰাছ নকৰাকৈ খাদ্য খোৱাৰ অভ্যাস কৰে। ইয়াৰ ফলত মুখৰ দুৰ্গন্ধ আৰু অন্যান্য দাঁতৰ ৰোগ হ’ব পাৰে।

7 / 8

বহুতে সাৰ পোৱাৰ পাছত চাহ বা কফি খায়। কিন্তু চাহ বা কফিত কেফেইন বেছি থাকে। ৰাতিপুৱা খালী পেটত কেফেইন শৰীৰত প্ৰৱেশ কৰিলে পাচন প্ৰক্ৰিয়াত প্ৰভাৱ পৰিব পাৰে।

8 / 8

বহুতে সময় ৰাহি কৰিবলৈ ব্ৰেকফাষ্ট নকৰাকৈ ওলাই যায়। পুষ্টিবিদসকলৰ মতে জলপানেই আটাইতকৈ গুৰুত্বপূৰ্ণ। ৰাতিপুৱা একো নাখালে ওজন বৃদ্ধি হ'ব পাৰে । সুস্বাস্থ্যৰ বাবে ৰাতিপুৱা ব্ৰেকফাষ্ট নকৰাকৈ নাথাকিব ।

নিশা আহাৰ গ্ৰহণৰ পিছত কৰক এই ৪টা বিশেষ কাম, আপোনাৰ ওজন হ্ৰাসৰ চেষ্টা হ’ব সফল
গুপ্তাংগৰ সংক্ৰমণ হ'লে কি কি সমস্যাই দেখা দিয়ে? জানক কেনেকৈ দূৰ কৰিব এই সমস্যা
ছাল সতেজ আৰু উজ্জ্বল কৰে জলফাই, আপুনি জানেনে জলফাইৰ উপকাৰিতাৰ বিষয়ে?
খোৱাৰ পিছত পেটৰ সমস্যা? এই ঘৰুৱা উপায়ৰে তৎক্ষণাত উপশম পাব
বৰদিন উদযাপন মন্ত্ৰী অতুল বৰাৰ
ন্যায় বিচাৰি জুবিন ক্ষেত্ৰলৈ দৌৰ...
বৈভৱ সূৰ্যবংশীলৈ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ...
পশ্চিম কাৰ্বি আংলঙত সেনা-আৰক্ষীৰ ফ্লেগ মাৰ্চ...