সাধাৰণভাৱে নল’ব! সঘনাই হৈ থকা ভৰিৰ বিষ হ’ব পাৰে এই গুৰুতৰ ৰোগৰ লক্ষণ, জানক সকলো…

আপোনাৰো প্ৰায়ে ভৰি বিষ হৈ থাকে নেকি? যদি থাকে এয়া সহজভাৱে লোৱা ঠিক নহয়। কিয়নো ই শৰীৰৰ কোনো সমস্যাৰ ইংগিত হ'ব পাৰে। গতিকে ইয়াৰ বিষয়ে জনা দৰকাৰ।

সাধাৰণভাৱে নলব! সঘনাই হৈ থকা ভৰিৰ বিষ হব পাৰে এই গুৰুতৰ ৰোগৰ লক্ষণ, জানক সকলো...

ভৰি বিষ

Published: 

15 Sep 2025 | 12:32 PM

আজিকালি বিভিন্ন সময়ত মানুহৰ বহু স্বাস্থ্যজনিত সমস্যাই দেখা দিয়ে। বহুতে ভৰিৰ বিষ বা জলা-পোৰাৰ সমস্যাত ভুগি থাকে। আপোনাৰো এই সমস্যা হৈ থাকে নেকি? যদি থাকে তেন্তে ইয়াক সাধাৰণভাৱে নল’ব। কিয়নো ই ডাঙৰ সমস্যাৰ সংকেত হ’ব পাৰে। বহুতে ইয়াক সাধাৰণ বুলি ভাবে আৰু কোনো চিকিৎসা গ্ৰহণ নকৰে। যাৰ বাবে ই পাছলৈ ডাঙৰ সমস্যা হৈ পৰে। যদি অনবৰতে ভৰি বিষ বা জলা-পোৰা হৈ থাকে তেন্তে ই গুৰুতৰ ৰোগৰ লক্ষণ হ’ব পাৰে। গতিকে অনবৰত ভৰিৰ বিষ হৈ থকাৰ কাৰণ বা ই কি ৰোগৰ লক্ষণ হ’ব পাৰে সেয়া তলত উল্লেখ কৰা হ’ল।

আগতে বৃদ্ধসকলে সাধাৰণতে ভৰিৰ বিষত ভুগিছিল। কিন্তু আজিকালি যুৱক-যুৱতীৰ ক্ষেত্ৰতো এই সমস্যা দেখা যায়। ৪০-৫০ বছৰ বয়সৰ মানুহেও এই বিষত ভোগে। ভিটামিন চিৰ অভাৱতো কেতিয়াবা এই সমস্যা হয়। কেতিয়াবা ইয়াৰ কাৰণ আভ্যন্তৰীণ আঘাতো হ’ব পাৰে।

কাৰণ

এই সন্দৰ্ভত সবিশেষ জনাইছে ছফদাৰজং হাস্পতালৰ কমিউনিটি মেডিচিন বিভাগৰ অধ্যাপক ডাঃ যুগল কিশোৰে। তেওঁ কয় যে, ডায়েবেছিৰ বাবেও ভৰিৰ ভিষ বা জলা-পোৰা হ’ব পাৰে। যদি ডায়েবেটিছ নিয়ন্ত্ৰণত নাথাকে তেন্তে ই স্নায়ুত প্ৰভাৱ পেলাবলৈ আৰম্ভ কৰে। এনে অৱস্থাত তেজত চুগাৰৰ মাত্ৰ বৃদ্ধি হ’লে স্নায়ু ফুলি উঠে আৰু ক্ষতি হ’বলৈ আৰম্ভ কৰে। এই অৱস্থাত নিউৰ’পেথী বুলি কোৱা হয়। এই অৱস্থাত জলা-পোৰা, জিনজিনাই থকা, ভৰিৰ অজ্ঞানতা বা বিষ হয়। প্ৰথমে সৰু স্নায়ুবোৰত এই সমস্যা হয়। যদি দীৰ্ঘদিন সমস্যা ঠিক নহয় তেন্তে পাছলৈ ভৰিত ঘাঁ, সংক্ৰমণ আদি হ’ব পাৰে।

অন্য কাৰণ

ভিটামিন চিৰ অভাৱ: যেতিয়া খাদ্যত ভিটামিন চিৰ অভাৱ হয় তেতিয়া স্নায়ুত প্ৰভাৱ পেলাবলৈ আৰম্ভ কৰে। যাৰ বাবে স্নায়ু দুৰ্বল হয়। ইয়াৰোপৰি ভিটামিন বি ১২ৰ অভাৱৰ ফলতো স্নায়ু দুৰ্বল হয়। যাৰ বাবে ভৰি বিষ, অজ্ঞানতা বা জিনজিননি অনুভৱ হ’ব পাৰে।

তেজৰ প্ৰবাহত সমস্যা- যেতিয়া ভৰিত সঠিকভাৱে তেজ প্ৰবাহিত নহয় তেতিয়া ভৰিৰ স্নায়ুবোৰ ফুলি উঠিব পাৰে। ইয়াৰ লগতে তীব্ৰ বিষ হ’ব পাৰে।

ছাইটিকা বিষ –  ছাইটিকাৰ বাবেও ভৰিৰ বিষ হ’ব পাৰে। মেৰুদণ্ডৰ পৰা ওলাই অহা স্নায়ুবোৰৰ ওপৰত ওজন বাঢ়ে, তাৰ পিছত ভৰিলৈকে স্নায়ুবোৰ প্ৰভাৱিত হয়। যাৰ বাবে বিষ বা জলা-পোৰা আদি হয়।

সংক্ৰমণ বা ছালৰ সমস্যা – ভেঁকুৰৰ সংক্ৰমণ, এলাৰ্জী আদিৰ বাবেও ফুলা বা জলা পোৰা হ’ব পাৰে।

অন্য সমস্যাঃ কেতিয়াবা অন্য কাৰণতো ভৰি বিষ হ’ব পাৰে। দীৰ্ঘদিন সমস্যা হৈ থাকিলে বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰা দৰকাৰ।

প্ৰতিকাৰৰ উপায়

  • ডায়েবেটিছ ৰোগীসকলে চুগাৰৰ মাত্ৰা নিয়ন্ত্ৰণ ৰাখক।
  • সুষম খাদ্য খাওক।
  • আৰামদায়ক কাপোৰ পৰিধান কৰক।
  • ব্যায়াম কৰক।
  • দৈনিক খোজ কাঢ়ক।
  • নিচাযুক্ত পদাৰ্থৰ পৰা আঁতৰত থাকক।
  • দীৰ্ঘদিন সমস্যা হৈ থাকিলে স্বাস্থ্য বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰক।

 

 

অন্য খবৰ পঢ়কঃ ভৰিৰ আঙুলি, তলুৱা আদিৰ বিষ হৈ থাকে নেকি? আওকান নকৰিব, হ’ব পাৰে এই সমস্যাৰ লক্ষণ…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...