বৃক্কত পাথৰ হোৱাৰ ৩টা মুখ্য কাৰণ, জানক চিকিৎসকৰ পৰা…

Kidney Stone Cause: আজিকালি প্ৰায়ভাগ মানুহৰে বৃক্কত পাথৰ হোৱাৰ সমস্যা দেখা যায়। বৃক্কত পাথৰ হোৱাৰ বিভিন্ন কাৰণ থাকে। ইয়াৰোপৰি পাথৰ হ'লে কিছুমান লক্ষণেও দেখা দিয়ে।

বৃক্কত পাথৰ হোৱাৰ ৩টা মুখ্য কাৰণ, জানক চিকিৎসকৰ পৰা...

বৃক্কত পাথৰ হোৱাৰ কাৰণ

Published: 

05 Nov 2025 | 11:00 PM

আজিকালি বহু মানুহৰ বৃক্কৰ লগত জড়িত বিভিন্ন সমস্যা হোৱা দেখা যায়। বৃক্কত পাথৰ হোৱাও এক ডাঙৰ সমস্যা। বৃক্কৰ ভিতৰত জমা হোৱা খনিজ পদাৰ্থবোৰ যেতিয়া একেলগে লগ লাগি সৰু বা ডাঙৰ কঠিন ৰূপ ধাৰণ কৰে তেতিয়াই পাথৰ হোৱা বুলি কয়। প্ৰথম অৱস্থাত ই সৰু থাকে যদিও লাহে লাহে ডাঙৰ হৈ পৰে। যেতিয়া ইয়াৰ টুকুৰা প্ৰস্ৰাৱৰ নলীৰে বাহিৰ হয় তেতিয়া তীব্ৰ বিষ, প্ৰস্ৰাৱৰ সময়ত জলা-পোৰা, প্ৰস্ৰাৱত সমস্যা আদি হ’ব পাৰে।

প্ৰকাৰ

বৃক্কৰ পাথৰৰ প্ৰকাৰ মূলতঃ ৪ প্ৰকাৰৰ। সেইকেইটা- কেলচিয়াম পাথৰ, ইউৰিক এচিড পাথৰ, ষ্ট্ৰুভাইট পাথৰ, চিষ্টিন পাথৰ। প্ৰতিটো পাথৰৰ গঠন, কাৰণ আদি বেলেগ বেলেগ।

লক্ষণ

বৃক্কৰ পাথৰ হ’লে কিছুমান লক্ষণে দেখা দিয়ে। এই সন্দৰ্ভত সবিশেষ জনাইছে ছফদাৰজং হাস্পতালৰ নেফ্ৰ’লজী বিভাগৰ ডাঃ হিমাংশু বৰ্মাই। লক্ষণসমূহ হ’ল-

  • কঁকাল, বাহু বা তল পেটত তীব্ৰ বিষ। পুৱা বেছি বিষ হ’ব পাৰে।
  • বিষটো কেতিয়াবা অধিক তীব্ৰ বৈ পৰে।
  • প্ৰস্ৰাৱৰ সময়ত জলা-পোৰা
  • সঘনাই প্ৰস্ৰাৱ কৰা
  • প্ৰস্ৰাৱত তেজ অহা
  • প্ৰস্ৰাৱৰ পৰা দুৰ্গন্ধ
  • বমি আদি।

পাথৰ ডাঙৰ হ’লে

  • প্ৰস্ৰাৱৰ নলী বন্ধ হোৱা,
  • জ্বৰ,
  • হঠাতে ঠাণ্ডা লগা আদি। এই লক্ষণবোৰ দেখা দিলে লগে লগে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে।

কাৰণ

বৃক্কত পাথৰ হোৱাৰ বিভিন্ন কাৰণ থাকে। তিনিটা কাৰণ হ’ল-

  • কম পানী খোৱাঃ কম পানী খোৱাৰ ফলত প্ৰস্ৰাৱ গাঢ় হয় যিয়ে মিনাৰেল লগ কৰাত সহায় কৰে।
  • নিমখঃ অত্যধিত নিমখযুক্ত খাদ্যই শৰীৰত ছডিয়াম বৃদ্ধি কৰে। যাৰ বাবে বৃক্কৰ পৰা অধিক কেলছিয়াম নিৰ্গত হয়। এনে অৱস্থাত কেলছিয়ামে স্ফটিক গঠন কৰিব পাৰে।
  • উচ্চ মাত্ৰাৰ কেলচিয়াম আৰু অক্সালেটৰ দৰে খনিজ পদাৰ্থঃনুহৰ শৰীৰৰ বিপাকীয় প্ৰক্ৰিয়াত অধিক অক্সালেট বা ইউৰিক এচিড উৎপন্ন হয়, যিবোৰ জমা হৈ পাথৰ সৃষ্টি কৰিব পাৰে।

ইয়াৰোপৰি কিছুমান অন্য কাৰণ থাকিব পাৰে। যেনে পাৰিবাৰিক ইতিহাস, মেদবহুলতা, অত্যধিক মিঠা খোৱা, প্ৰেচচড খাদ্য, বেছি চাহ-কফি খোৱা, কম পটাছিয়ামযুক্ত খাদ্য, উচ্চ প্ৰটিনযুক্ত খাদ্য, প্ৰস্ৰাৱ ধৰি ৰখা, দীৰ্ঘদিন ঔষধ ব্যৱহাৰ কৰা আদি।

পৰিত্ৰাণৰ উপায়

  • পৰ্যাপ্ত পৰিমাণৰ পানী খাওক।
  • নিমখ কমকৈ খাওক।
  • প্ৰচেচড খাদ্য কমকৈ খাওক।
  • প্ৰস্ৰাৱ ধৰি নাৰাখিব।
  • অধিক জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ লোৱা উচিত।

 

অন্য খবৰ পঢ়কঃ নাইকীয়া হ’ব চৰ্দি-কাহৰ সমস্যা! মাত্ৰ কৰক এই ঘৰুৱা আৰু সহজ উপায়…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...