শীতৰ বতৰত দেহৰ বাবে মহৌষধি এই প্ৰাকৃতিক ‘সম্পদ’, বাবা ৰামদেৱে দিছে নিজকে স্বাস্থ্যৱান কৰি ৰখাৰ উপায়

শীতৰ দিনত চৰ্দি, কাঁহ আৰু হাওঁফাওঁৰ সমস্যাৰ পৰা বাচি থাকিবলৈ কাকড়া সিংঘী হ’ল এবিধ অন্যতম আয়ুৰ্বেদিক ঔষধ। বাবা ৰামদেৱৰ পৰামৰ্শ অনুসৰি ই কেনেকৈ আপোনাৰ শৰীৰক গৰম আৰু শক্তিশালী কৰি ৰাখে, সেই বিষয়ে জানিবলৈ এই লেখাটো পঢ়ক।

শীতৰ বতৰত দেহৰ বাবে মহৌষধি এই প্ৰাকৃতিক ‘সম্পদ’, বাবা ৰামদেৱে দিছে নিজকে স্বাস্থ্যৱান কৰি ৰখাৰ উপায়

শীতৰ বতৰত বাবা ৰামদেৱৰ বিধান

Published: 

13 Jan 2026 | 01:35 PM

আয়ুৰ্বেদ শাস্ত্ৰত এনে কিছুমান প্ৰাকৃতিক ঔষধিৰ কথা উল্লেখ আছে, যিবোৰ আমাৰ স্বাস্থ্যৰ বাবে মহৌষধসদৃশ। তেনে এবিধ শক্তিশালী প্ৰাকৃতিক ঔষধি হ’ল ‘কাকড়া সিংঘী’ (Kakda Singhi)। যোগ গুৰু বাবা ৰামদেৱেও বিভিন্ন সময়ত ইয়াৰ আচৰিত উপকাৰিতাৰ বিষয়ে উল্লেখ কৰি আহিছে। শীতকালত ইয়াৰ ব্যৱহাৰ বিশেষভাৱে উপকাৰী বুলি কোৱা হয়। শীতকালত বিভিন্ন ঋতুভিত্তিক ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ কাকড়া সিংঘীৰ ব্যৱহাৰ অত্যন্ত লাভদায়ক বিবেচিত হয়।

কি এই কাকড়া সিংঘী

কাকড়া সিংঘী এবিধ প্ৰাকৃতিক আয়ুৰ্বেদিক ঔষধ, যি ‘কাকড়া’ নামৰ গছৰ পৰা নিৰ্গত আঠাৰ পৰা পোৱা যায়। আয়ুৰ্বেদত প্ৰাচীন কালৰে পৰা কাহ, হাপানি, চৰ্দি আৰু হাওঁফাওঁৰ সমস্যাৰ চিকিৎসাত ইয়াৰ ব্যৱহাৰ হৈ আহিছে। ই দেখিবলৈ মুগা বা ৰঙচুৱা-মুগা ৰঙৰ টান টুকুৰাৰ দৰে। এই কাকড়া সিংঘী কিছু উষ্ণ প্ৰকৃতিৰ হয় আৰু সেয়েহে ই শৰীৰত উষ্মতা প্ৰদান কৰে।

বাবা ৰামদেৱৰ মতে ইয়াৰ উপকাৰিতা

চৰ্দি-কাহৰ পৰা পৰিত্ৰাণঃ বাবা ৰামদেৱে উল্লেখ কৰা মতে, কাকড়া সিংঘীয়ে শৰীৰত জমা হোৱা কফ বাহিৰ কৰি দিয়াত সহায় কৰে। ই কাহ আৰু চৰ্দিৰ দৰে সমস্যাত অতি সোনকালে কাম কৰে।

শৰীৰ গৰম কৰি ৰাখেঃ শীতকালত বহু লোকৰ হাত-ভৰি ঠাণ্ডা হৈ থকাৰ সমস্যা থাকে। ইয়াৰ সেৱনে শৰীৰত তেজৰ সঞ্চালন উন্নত কৰে আৰু শৰীৰটো ভিতৰৰ পৰা গৰম কৰি ৰাখে।

দুৰ্বলতা দূৰ কৰি শক্তি বৃদ্ধি কৰেঃ শীতকালত প্ৰায়ে অনুভৱ হোৱা ভাগৰ আৰু এলেহুৱা ভাব দূৰ কৰিবলৈ কাকড়া সিংঘী অত্যন্ত উপকাৰী। ই শৰীৰক শক্তি প্ৰদান কৰি ভিতৰৰ পৰা শক্তিশালী কৰি তোলে।

হাওঁফাওঁৰ বাবে মহৌষধঃ শ্বাস-প্ৰশ্বাসৰ সমস্যা, এজমা বা পুৰণি কাঁহৰ বাবে ই অত্যন্ত ফলপ্ৰসূ বুলি বাবা ৰামদেৱে কয়। ই হাওঁফাওঁ মজবুত কৰাত সহায় কৰে।

কিদৰে সেৱন কৰিব?

কাকড়া সিংঘী যিকোনো আয়ুৰ্বেদিক দোকান বা অনলাইনত সহজে পোৱা যায়। ইয়াৰ গুড়ি বা চূৰ্ণ ব্যৱহাৰ কৰাটো অধিক সহজ। মৌৰ সৈতে এচামচ কাকড়া সিংঘীৰ চূৰ্ণ মিহলাই দৈনিক খাব পাৰে। মন কৰিব যে অধিক পৰিমাণে এই ঔষধ সেৱন কৰাটো অনুচিত। বয়স্কসকলৰ বাবে ২৫০ ৰ পৰা ৫০০ মিলিগ্ৰাম আৰু শিশুৰ বাবে ১০০ ৰ পৰা ১৫০ মিলিগ্ৰাম চূৰ্ণই যথেষ্ট।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...