জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হ’লে কি কি লক্ষণে দেখা দিয়ে? জানক চিকিৎসকৰ পৰা…

Japanese encephalitis symptoms: যোৱা কেইটামান দিনৰ পৰা ৰাজ্যত বৃদ্ধি পাইছে জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত ৰোগীৰ সংখ্যা। গতিকে ইয়াৰ বিষয়ে সজাগ হৈ থকা প্ৰয়োজন। এই ৰোগ হ'লে কিছুমান লক্ষণে দেখা দিয়ে।

জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হলে কি কি লক্ষণে দেখা দিয়ে? জানক চিকিৎসকৰ পৰা...

মহৰ কামোৰত অতিষ্ঠ হৈছে নেকি?

Updated On: 

13 Jul 2025 | 09:30 PM

ৰাজ্যত বৃদ্ধি পাইছে জাপানীজ এনকেফেলাইটিছ (Japanese encephalitis)ত আক্ৰান্ত ৰোগীৰ সংখ্যা। বিগত সময়চোৱাত এই ৰোগত আক্ৰান্ত হৈ বহু লোকে প্ৰাণ হেৰুওৱাৰ উপৰি এতিয়া চিকিৎসাধীন হৈ আছে বহুতে। এই ৰোগ সাধাৰণতে মহে কামোৰাৰ ফলত হয়। গতিকে এই ৰোগক লৈ সকলোৱে সাৱধানতা অৱলম্বন কৰা দৰকাৰ। এই ৰোগ কেনেকৈ হয়, ইয়াৰ লক্ষণ কি এই সকলোবোৰ এই লেখাটোত উল্লেখ কৰা হ’ল।

কিমান বিপদজনক

স্বাস্থ্য বিশেষজ্ঞৰ মতে, জাপানীজ এনকেফেলাইটিছ ভাইৰাছ (JEV)এটা ফ্লেভিভাইৰাছ আৰু ই মহ (Culex tritaeniorhynchus)ৰ দ্বাৰা বিয়পে। প্ৰতি বছৰে সমগ্ৰ বিশ্বতে প্ৰায় ১ লাখ এই ৰোগত আক্ৰান্ত হয়। এই ৰোগ যথেষ্ট বিপজ্জনক আৰু ইয়াৰ মৃত্যুৰ হাৰ ৩০ শতাংশ। এই ৰোগে মগজুত প্ৰভাৱ পেলায় আৰু গুৰুতৰ ক্ষেত্ৰত মৃত্যু পৰ্যন্ত হ’ব পাৰে। যদি এই জ্বৰ মগজু পাই তেন্তে মগজুৰ অন্য সমস্যাৰ লগতে স্নায়ু ক্ষতিগ্ৰস্ত হয়।

কেনেকৈ সংক্ৰমিত হয়

দিল্লীৰ জিটিবি হাস্পতালৰ চিকিৎসা বিভাগৰ ডাঃ অজিত কুমাৰে কয় যে, জাপানীজ এনকেফেলাইটিছ জ্বৰ সাধাৰণতে শিশুৰ ক্ষেত্ৰত বেছিকৈ দেখা যায়। কিন্তু প্ৰাপ্তবয়স্ক লোকো আক্ৰান্ত হয়। এনকেফেলাইটিছ পানীত থকা চৰাই আৰু জন্তু (গাহৰি)ৰ পৰা বিয়পে। এইবোৰত JE ভাইৰাছ থাকে। মহে যেতিয়া এই চৰাই বা প্ৰাণীবোৰক কামোৰে আৰু তাৰ পিছত মানুহ এজনক কামোৰে তেতিয়া সেই লোকজন জাপানীছ এনকেফেলাইটিছ ভাইৰাছত আক্ৰান্ত হয়। সংক্ৰমিত হোৱাৰ পিছত মৃদু জ্বৰ হয়। ইয়াৰ পিছত মূৰৰ বিষৰ লগতে বমি আৰু অন্য লক্ষণেও দেখা দিব পাৰে।

তেওঁ কয় যে, যদি এনকেফেলাইটিছ হয় তেন্তে সেয়া চিকিৎসাজনিত জৰুৰীকালীন অৱস্থা। ইয়াৰ বাবে তৎকালীন চিকিৎসাৰ প্ৰয়োজন। বৰ্তমান এই ৰোগৰ এন্টিভাইৰেল চিকিৎসাৰ ব্যৱস্থা নাই। লক্ষণৰ ভিত্তিতহে চিকিৎসা কৰা হয়। এই সময়ছোৱাত এই জ্বৰে যাতে মগজুত কোনো প্ৰভাৱ নপৰে তাৰ বাবে প্ৰয়াস কৰা হয়। কাৰণ ই এবাৰ মগজুক আক্ৰমণ কৰিলে ৰোগীৰ জীৱন ৰক্ষা কৰাটো অতি কঠিন হ’ব পাৰে।

ইয়াৰ লক্ষণসমূহ

  • সাধাৰণ জ্বৰ বা তীব্ৰ জ্বৰ হ’ব পাৰে
  • মূৰৰ বিষ
  • ভ্ৰম
  • ডিঙি জঠৰ হোৱা
  • ক’মা
  • পক্ষাঘাত
  • আচৰণ পৰিবৰ্তন
  • পেশীৰ বিষ
  • পোহৰ আৰু শব্দৰ প্ৰতি সংবেদনশীল
  • খোজকঢ়াত সমস্যা
  • বমি
  • ভাগৰুৱা আদি

পৰিত্ৰাণৰ উপায়

ডাঃ অজয় কুমাৰে কয় যে, জাপানীজ এনকেফেলাইটিছ প্ৰতিৰোধৰ ভেকচিন আছে। ইয়াক জাপানীজ এনকেফেলাইটিছ ভাইৰাছৰ ভেকচিন বুলি কোৱা হয়। এই ভেকচিন লোৱাৰ পিছত এনকেফেলাইটিছত আক্ৰান্ত হোৱাৰ সম্ভাৱনা ৮০ৰ পৰা ৯০ শতাংশ হ্ৰাস পায়। এই ভেকচিনৰ দুটা ড’জ লব লাগে। প্ৰথম ড’জ ৯ মাহত আৰু দ্বিতীয়টো ১৬ৰ পৰা ২৪ মাহত দিব লাগে। প্ৰতিটো শিশুৱে জন্মৰ পিছত এই ভেকচিন ল’ব লাগে। ইয়াৰোপৰি-

  • মহৰ পৰা আঁতৰি থাকক
  • ইয়াৰ টিকাকৰণৰ ব্যৱস্থা আছে
  • পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই
  • যদি এনে লক্ষণে দেখা দিছে তেন্তে চিকিৎসকৰ পৰামৰ্শ লওক।

 

অন্য খবৰ পঢ়কঃ যক্ষ্মা ৰোগৰ প্ৰাৰম্ভিক লক্ষণসমূহ কি কি জানেনে? জানক চিকিৎসকৰ পৰা…

 

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...