শীতকালত হালধি মিহলি পানীৰ এনে গুণাৱলীৰ কথা জানেনে? বিশেষজ্ঞই দিছে গুণৰ সন্ধান

কোনো কোনো লোকে গাখীৰত হালধি মিহলাই বা কোনো লোকে পানীত হালধি মিহলাই সেৱন কৰে। চিকিৎসকৰ পৰামৰ্শ অনুসৰি আৰু শৰীৰৰ প্ৰয়োজন অনুসৰি সঠিক পৰিমাণত এই পানীয় সেৱন কৰিলে উপকাৰী বিবেচিত হ’ব পাৰে।

শীতকালত হালধি মিহলি পানীৰ এনে গুণাৱলীৰ কথা জানেনে? বিশেষজ্ঞই দিছে গুণৰ সন্ধান

হালধি মিহলি পানীৰ গুণ

Published: 

24 Oct 2025 17:23 PM

শীতকালীন সময়ছোৱাত বহু ৰোগৰ চিকাৰ হয় ব্যক্তিৰ দেহ বিশেষকৈ ভালদৰে যত্ন নললে ঋতুকালীন বহু ৰোগৰ সংক্ৰমণৰ সন্মুখীন লগা হয় এইক্ষেত্ৰত কিছুমান ঘৰুৱা প্ৰতিকাৰ আমাৰ দৈনন্দিন জীৱনৰ সহচৰ পাৰে আমাৰ সমাজত ভিন্ন সমস্যাৰ ক্ষেত্ৰত হালধি ব্যৱহাৰ কৰা হয় হালধি অত্যন্ত ঔষধি গুণেৰে ভৰপূৰ, স্বাস্থ্যৰ ক্ষেত্ৰতো অসংখ্য উপকাৰিতা প্ৰদান কৰে। সাধাৰণতে হালধি প্ৰায়ে খাদ্যৰ সোৱাদ তথা ৰং বৃদ্ধি কৰিবলৈ ব্যৱহাৰ কৰা হয়। অৱশ্যে কিছু লোকে গাখীৰত বা পানীৰ সৈতে হালধি মিলাই খোৱা দেখা যায়

হালধিত জিংক, মেংগানিজ আৰু কাৰকুমিনৰ লগতে এণ্টিঅক্সিডেণ্টি, এণ্টি-ইনফ্লেমেটৰী, এণ্টিমাইক্ৰ’বিয়াল গুণ থাকেএই উপাদানসমূহে অসংখ্য স্বাস্থ্য উপকাৰিতা প্ৰদান কৰেগতিকে প্ৰদাহ কমোৱাৰ বাবে প্ৰায়ে হালধি মিহলি গাখীৰ খোৱাৰ দ্বাৰা সুফল লাভ কৰিব পাৰিএই মশ্ৰণ মুখত লগালেও উপকাৰিতা লাভ কৰা যায়

কোনো কোনো লোকে গাখীৰত হালধি মিহলাই বা কোনো লোকে পানীত হালধি মিহলাই সেৱন কৰে। চিকিৎসকৰ পৰামৰ্শ অনুসৰি আৰু শৰীৰৰ প্ৰয়োজন অনুসৰি সঠিক পৰিমাণত এই পানীয় সেৱন কৰিলে উপকাৰী বিবেচিত হ’ব পাৰেবিশেষজ্ঞৰ পৰা ইয়াৰ উপকাৰিতাৰ বিষয়ে জানো আহক

আয়ুৰ্বেদ বিশেষজ্ঞ কিৰণ গুপ্তাই জানিবলৈ দিয়া মতে হালধি মিহলি পানী খালে দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয় ইয়াৰ দ্বাৰা কাহ, চৰ্দি, ফ্লু আদি প্ৰতিৰোধ কৰিব পাৰি আৰু শৰীৰৰ প্ৰদাহ হ্ৰাস পায়। অৱশ্যে হালধি মিহলি গাখীৰ বা পানী খাব নে নাখায়, সেয়া প্ৰতিজন ব্যক্তিৰ শৰীৰৰ প্ৰয়োজনীয়তাৰ ওপৰত নিৰ্ভৰ কৰে।

বিশেষজ্ঞসকলে আঙুলিয়াই দিয়ে যে হালধি মিহলি পানী কিয়, কিমান পৰিমাণে আৰু কিদৰে খাব সেয়া প্ৰতিজন ব্যক্তিৰ শৰীৰৰ প্ৰয়োজনীয়তাৰ ওপৰত নিৰ্ভৰ কৰে। হালধি মিহলি পানী খালে কিছু কিছু লোকৰ পেট গৰম হোৱাৰ দৰে সমস্যা হ’ব পাৰে, ইয়াৰ ফলত বিভিন্ন স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হয়

যিসকলে খাদ্যত নিয়মীয়াকৈ হালধি অন্তৰ্ভুক্ত কৰে, তেওঁলোকে পৃথককৈ হালধি মিহলি পানী খোৱাৰ প্ৰয়োজন নাই। অৱশ্যে কোনো বিশেষজ্ঞই যদি কোনো কাৰণত এই পানীয় পান কৰিবলৈ পৰামৰ্শ দিয়ে, মছলা আৰু তেল বেছি থকা খাদ্য খোৱাৰ পৰা বিৰত থাকিব লাগে। যিসকলৰ খাদ্যত নিয়মিত হালধিত অন্তৰ্ভুক্ত নহয়, তেওঁলোকে এই পানীয় পান কৰিব পাৰে।

মগজু চোকা কৰিবলৈ দৈনিক কৰক এই ৫টা কাম, কম সময়তে দেখিব ইতিবাচক প্ৰভাৱ
শনি দেৱৰ পূজাত ভুলতো নিদিব এইসমূহ সামগ্ৰী, শনি দোষ লাগিব আপোনাৰ!
কলডিল আপোনাৰ প্ৰিয় নে? আমাৰ শৰীৰৰ কি কি উপকাৰ সাধন কৰে জানো আহক
আপুনি জানেনে ওজন নিয়ন্ত্ৰণত ৰাখিবলৈ ৰাতিপুৱা কি কৰিব লাগে?