নিয়মিত কল খায় নেকি? ইয়াৰ ফলত দেহত কেনে প্ৰভাৱ পৰে জানেনে?

আমি দৈনন্দিন কল খোৱা উচিত নে? ইয়াৰ ফলত কোনো সমস্যা হ’ব পাৰে নেকি! এই বিষয়েও কেতিয়াবা আপোনাৰ মনত প্ৰশ্ন উদয় হ’ব পাৰে।

নিয়মিত কল খায় নেকি? ইয়াৰ ফলত দেহত কেনে প্ৰভাৱ পৰে জানেনে?

কলৰ এনে দিশৰ বিষয়ে জানেনে?

Updated On: 

14 Aug 2025 18:05 PM

কল এবিধ শক্তিদায়ক ফল। এয়া আমি সকলোৱে জানো। শৈশৱৰে পৰা আমাক বয়োজ্যষ্ঠসকলে কল খাবলৈ পৰামৰ্শ দি আহিছে। এনে পৰামৰ্শৰ নিশ্চয় কোনো কাৰণ নথকা নহয়। কলত দেহৰ উপকাৰী বহু পুষ্টিকৰ উপাদান থাকে। কল খালে সেয়ে দেহে যথেষ্ট শক্তি লাভ কৰে। তদুপৰি এই ফলবিধ সহজলভ্য আৰু সুলভ হোৱাৰ বাবে সকলোৱে গ্ৰহণ কৰিব পাৰে। পিছে আমি দৈনন্দিন কল খোৱা উচিত নে? ইয়াৰ ফলত কোনো সমস্যা হ’ব পাৰে নেকি! এই বিষয়েও কেতিয়াবা আপোনাৰ মনত প্ৰশ্ন উদয় হ’ব পাৰে।

প্ৰাকৃতিক কাৰ্বহাইড্ৰেট আৰু প্ৰাকৃতিক চেনি (গ্লুক’জ, ফ্ৰুক্ট’জ, চুক্ৰ’জ) কলত প্ৰচুৰ পৰিমাণে থাকে। এই উপাদানসমূহে অতি সোনকালে শক্তি প্ৰদান কৰে, গতিকে কঠোৰ পৰিশ্ৰম বা ব্যায়ামৰ আগত আৰু পিছত কল খালে যথেষ্ট উপকাৰিতা পোৱা যায়। কলত প্ৰচুৰ পৰিমাণে ফাইবাৰ থাকে, যি কোষ্ঠকাঠিন্য হ্ৰাস কৰাত সহায় কৰে।

ইয়াৰ উপৰিও কলত থকা পেক্টিনে পাচন প্ৰক্ৰিয়া মসৃণ কৰাৰ লগতে অন্ত্ৰত সুস্থ বেক্টেৰিয়াৰ বৃদ্ধিত সহায় কৰে। কল পটাছিয়ামৰ অন্যতম উত্তম উৎস। পটাছিয়ামে ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখে আৰু হাৰ্ট এটেক বা ষ্ট্ৰোকৰ সম্ভাৱনা হ্ৰাস কৰাত সহায় কৰে।

মানসিক স্বাস্থ্যৰ উন্নতি সাধন কৰাৰ ক্ষেত্ৰতো কল যথেষ্ট উপকাৰী। কলে ট্ৰিপট’ফেন নামৰ এমিনো এচিড প্ৰদান কৰে, যিয়ে শৰীৰত চেৰ’টনিন উৎপাদনত সহায় কৰে। ভাল মেজাজ বজাই ৰখা আৰু মানসিক চাপ হ্ৰাস কৰাত চেৰ’টনিনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

কলত থকা পটাছিয়াম আৰু মেগনেছিয়ামে পেশীবোৰ শক্তিশালী কৰি ৰখাত সহায় কৰে আৰু ক্ৰেম্প কমায়। ইয়াৰ উপৰিও কেলচিয়াম শোষণ বৃদ্ধি কৰে, যাৰ ফলত হাড় শক্তিশালী হয়। মাজে মাজে আৰু পৰিমিতভাৱে কল খালে বৃক্কৰ কাৰ্যক্ষমতা উন্নত হ’ব পাৰে, কিয়নো পটাছিয়ামে বৃক্ক সুস্থ কৰি ৰখাত সহায় কৰে।

অৱশ্যে কলৰ ফলত হ’ব পৰা সমস্যাৰ বিষয়ে জনাটোও প্ৰয়োজনীয়। এটা মজলীয়া আকাৰৰ কলত প্ৰায় ১০০–১২০ কেলৰি থাকে। প্ৰতিদিনে বেছিকৈ কল খালে ওজন বৃদ্ধি পাব পাৰে। যদিও কলৰ গ্লাইচেমিক সূচকাংক মধ্যমীয়া, তথাপি ডায়েবেটিছ ৰোগীয়ে বেছিকৈ কল খালে তেজৰ চেনিৰ মাত্ৰা বৃদ্ধি হ’ব পাৰে।

বেছিকৈ কল খালে তেজত পটাছিয়ামৰ মাত্ৰা বৃদ্ধি পাব পাৰে, যাৰ ফলত বৃক্কৰ সমস্যা বা হৃদযন্ত্ৰৰ সমস্যা হ’ব পাৰে। কলত থকা টাইৰামিন নামৰ যৌগ এটাই মাইগ্ৰেইনৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। কিছুমান মানুহে কল খালে এলাৰ্জীও হোৱা দেখা যায়।

প্ৰতিদিনে সাধাৰণতে ১–২টা মজলীয়া আকাৰৰ কল সুস্থ প্ৰাপ্তবয়স্ক লোকৰ বাবে নিৰাপদ আৰু উপকাৰী বিবেচিত হয়। ডায়েবেটিছ ৰোগীয়ে চিকিৎসক বা খাদ্য বিশেষজ্ঞৰ পৰামৰ্শ মতেহে কল খাব লাগে।

দেশৰ স্বাধীনতাৰ সৈতে জড়িত অসমৰ ইতিহাসৰ এইসমূহ তথ্য জানেনে আপুনি?
ৰঙা নহয়! পূৰ্বতে কি আছিল লালকিল্লাৰ ৰং? কোনে কৰিছিল সলনি, জানক...
স্বাধীনতা দিৱস আৰু গণৰাজ্য দিৱসৰ মাজত কি কি পাৰ্থক্য আছে? জানক...
১৯৪৭চনত কিমান হিন্দু ভাৰতলৈ আহিছিল আৰু কিমান মুছলমান পাকিস্তানলৈ গৈছিল...