শীতকালত ৰাতিপুৱা খোজকাঢ়িলে কি কি সমস্যা হ’ব পাৰে? সাৱধান হওক…

শীতকালত ৰাতিপুৱা উঠাটো বৰ কষ্টকৰ। ঠাণ্ডা আৰু ঘন কুঁৱলীৰ মাজতো ফুৰিবলৈ যোৱা মানুহো আছে। কিন্তু ঘন কুঁৱলীত ফুৰিবলৈ যোৱাটো লাভজনক নে নহয় বুলি বহুতৰে প্ৰশ্ন উত্থাপন হয়। শীতকালত খোজ কঢ়াৰ ক্ষতিৰ বিষয়ে ইয়াত জানো আহক।

শীতকালত ৰাতিপুৱা খোজকাঢ়িলে কি কি সমস্যা হব পাৰে? সাৱধান হওক...

শীতকালত খোজকাঢ়িব যোৱা

Published: 

05 Jan 2026 | 07:14 AM

বহুতে ৰাতিপুৱা খোজ কাঢ়ি ভাল পায়। শীতকালতো তেওঁলোকে এই অভ্যাস ত্যাগ নকৰে। ওচৰৰ পাৰ্ক বা আন মুকলি ঠাইত ফুৰিবলৈ যায়। অৱশ্যে শীতকালত ৰাতিপুৱা সোনকালে খোজ কাঢ়িলে সুস্থ কৰি তোলাৰ পৰিৱৰ্তে অসুস্থ হ’ব পাৰে। আচলতে শীতকালৰ ঠাণ্ডা বতাহ আৰু আৰ্দ্ৰতাই আপোনাক অসুস্থ কৰি তুলিব পাৰে। আজি এই প্ৰতিবেদনত আমি আপোনালোকক ক’ম যে ইয়াৰ পৰা কেনেকৈ হাত সাৰিব পাৰি।

স্বাস্থ্য বিশেষজ্ঞসকলে প্ৰায়ে কয় যে, খোজ কঢ়াটো স্বাস্থ্যৰ বাবে অতি উত্তম। চিকিৎসা বিশেষজ্ঞসকলেও দৈনিক খোজ কাঢ়িব লাগে বুলি পৰামৰ্শ দিয়ে। মৰ্নিং ৱাকে কেৱল ওজন কমাবলৈ সহায় কৰাই নহয় বহু সমস্যা ৰোধ কৰে। হৃদযন্ত্ৰ আৰু ডায়েবেটিছ ৰোগীৰ বাবে খোজ কঢ়াটো অতি উপকাৰী বুলি কোৱা হয়। অৱশ্যে গৰমৰ দিনত ৰাতিপুৱা সোনকালে সাৰ পোৱাটো সকলোৰে বাবে অতি সহজ। কিন্তু শীতকালত ৰাতিপুৱা উঠাটো বৰ কষ্টকৰ। ঠাণ্ডা আৰু ঘন কুঁৱলীৰ মাজতো ফুৰিবলৈ যোৱা মানুহো আছে। কিন্তু ঘন কুঁৱলীত ফুৰিবলৈ যোৱাটো লাভজনক নে নহয় বুলি বহুতৰে প্ৰশ্ন উত্থাপন হয়। শীতকালত খোজ কঢ়াৰ ক্ষতিৰ বিষয়ে ইয়াত জানো আহক।

-ৰাতিপুৱা সোনকালে খোজ কাঢ়িবলৈ যোৱাৰ পৰিৱৰ্তে ৰাতিপুৱা ৭ বজাৰ পিছত খোজ কাঢ়িবলৈ যাব লাগে।সূৰ্যৰ পোহৰত খোজ কঢ়াটো আপোনাৰ স্বাস্থ্যৰ বাবে উপকাৰী।

-খোজ কঢ়াৰ সময়ত সদায় জোতা পিন্ধিব লাগে। শৰীৰৰ উত্তাপে আপোনাক ঠাণ্ডা অনুভৱ কৰাত বাধা দিব।

-খোৰাৰ পিছত ঠাণ্ডা পানী খাব নালাগে। লগতে ঠাণ্ডা খাদ্য খোৱাৰ পৰা বিৰত থাকিব।

-ৰাতিপুৱা শিৰাত তেজৰ সোঁত কমি যায়, যাৰ ফলত দৌৰা বা ব্যায়াম কৰাৰ সময়ত হাৰ্ট বা ব্ৰেইন এটেক হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়।

-যদি আপোনাৰ হৃদৰোগ আছে তেন্তে মৰ্নিং ৱাক বা আন কোনো ধৰণৰ ব্যায়ামৰ পৰা বিৰত থাকক। ঘন কুঁৱলীৰ মাজত খোজ কঢ়াৰ ফলত বুকুৰ বিষ হ’ব পাৰে।

-একে সময়তে কুঁৱলীৰ মাজত খোজ কঢ়াটো উচ্চ ৰক্তচাপ ৰোগীৰ বাবে ক্ষতিকাৰক। কুঁৱলীৰ মাজত খোজ কাঢ়িলে হাঁপানীৰ দৰে ৰোগ হ’ব পাৰে। ইয়াৰ লগতে ব্ৰেইন ষ্ট্ৰোকৰ আশংকাও থাকে।

লগতে পঢ়ক: দৈনিক ৩০ মিনিট খোজকাঢ়িলে কি কি লাভ হয়? চিকিৎসকৰ পৰা জানক…

(এই খবৰটো গৱেষণা আৰু অনুমানৰ ওপৰত ভিত্তি কৰি কৰা হৈছে। কোনো সিদ্ধান্ত লোৱাৰ আগতে চিকিৎসকৰ পৰামৰ্শ লওক।)

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...