প্ৰতিদিনে গা ধোৱা প্ৰয়োজনীয় নহয়! সপ্তাহত কিমান দিন নোধোৱাকৈ থাকিব পাৰি, ক’লে বিশেষজ্ঞই…

মানুহৰ ছালত বিভিন্ন সমস্যাই দেখা দিয়ে। আপোনাৰ ছাল বেছি শুকান নেকি? ইয়াৰ কাৰণ আপোনাৰ গা ধুৱা অভ্যাস হ'ব পাৰে। কিয়নো সকলোৰো ছাল বেলেগ বেলেগ হয়।

প্ৰতিদিনে গা ধোৱা প্ৰয়োজনীয় নহয়! সপ্তাহত কিমান দিন নোধোৱাকৈ থাকিব পাৰি, কলে বিশেষজ্ঞই...

সদায় গা ধুৱা

Updated On: 

08 Aug 2025 15:20 PM

মানুহৰ জীৱনশৈলীৰ এক গুৰুত্বপূৰ্ণ অংশ গা ধোৱা। বহুতে ভাবে যে পৰিষ্কাৰ-পৰিচ্ছন্নতা, সতেজতা আৰু ভাল স্বাস্থ্যৰ বাবে সদায় গা ধোৱা প্ৰয়োজন। কিন্তু এই ক্ষেত্ৰত ছালৰ বিশেষজ্ঞ বা ডাৰ্মটলজিষ্টসকলৰ কিছু অন্য মত আছে। ছাল বিশেষজ্ঞৰ মতে, প্ৰতিদিনে গা ধোৱা প্ৰয়োজনীয় নহয়। অৱশ্যে সকলোৰে ক্ষেত্ৰত একে নহ’ব পাৰে। গা ধোৱা বিষয়টো মানুহৰ ছালৰ ধৰণ, জীৱনশৈলী আৰু বতৰৰ ওপৰত নিৰ্ভৰ কৰে।

বিশেষজ্ঞসকলৰ মতে,  প্ৰতিদিনে গা ধোৱা জৰুৰী নহয়। ছালৰ স্বাস্থ্য ভালে ৰাখিবলৈ আমি গা ধোৱাৰ সময়ত কিছুমান বিশেষ পদ্ধতি অৱলম্বন কৰা দৰকাৰ। আপোনাৰ ছালৰ প্ৰকাৰ, জীৱনশৈলী, বতৰ আদিৰ ওপৰত নিৰ্ভৰ কৰি এয়া পদক্ষেপ ল’ব লাগে।  বেছিকৈ গা ধুলে ছালৰ প্ৰাকৃতিক সুৰক্ষাৰ ক্ষতি হ’ব পাৰে। আমেৰিকাৰ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়কে ধৰি বহু চিকিৎসা প্ৰতিষ্ঠানে কয় যে যিসকল লোকে বেছিকৈ শাৰীৰিক কাৰ্যকলাপ নকৰে বা ঠাণ্ডা ঠাইত বাস কৰে তেওঁলোকৰ বাবে সপ্তাহত ২ৰ পৰা ৩ বাৰ গা ধুলেই যথেষ্ঠ।

দৈনিক গা ধুই ছালত কি প্ৰভাৱ পেলায়?

বিশেষজ্ঞসকলৰ মতে, প্ৰতিদিনে গা ধুলে আমাৰ ছালৰ প্ৰাকৃতিক তেলৰ স্তৰ কমি যাব পাৰে। এই স্তৰটোৱে আমাৰ ছালখনক বেক্টেৰিয়া, ধূলি আৰু প্ৰদূষণৰ পৰা ৰক্ষা কৰাত সহায় কৰে। যেতিয়া বাৰে বাৰে কোনোৱে গা ধুৱে তেতিয়া এই স্তৰটো পাতল হৈ যায়। যাৰ ফলত শুকান, খজুৱতি, এলাৰ্জিৰ দৰে সমস্যাৰ সৃষ্টি হ’ব পাৰে। বিশেষকৈ যিসকলৰ ছাল সংবেদনশীল বা শুকান, তেওঁলোকে দৈনিক চাবোন ব্যৱহাৰ কৰিব নালাগে। ইয়াৰোপৰি কোমল সামগ্ৰীৰে গা চাফা কৰিব লাগে।

গৱেষণা আৰু বিশেষজ্ঞসকলে কি কয়?

বহু গৱেষণাৰ পৰা দেখা গৈছে যে বেছিকৈ গা ধোৱাৰ ফলত শৰীৰৰ মাইক্ৰ’বায়’মৰ ভাৰসাম্যও নষ্ট হ’ব পাৰে । এইবোৰে ছালৰ স্বাস্থ্য ভাল কৰি ৰখাত সহায় কৰে।

কেতিয়া গা ধুব লাগে

  •  গৰম আৰু আৰ্দ্ৰ বতৰৰ ঠাইত বাস কৰা লোকে,
  • ব্যায়াম কৰিলে,
  • যদি বাহিৰত কাম কৰে,
  • বাহিৰলৈ যায়,
  • ঘাম ওলায়
  • লেতেৰা কাম কৰিলে আদি।

ইয়াৰোপৰি যদি আপুনি সংক্ৰমণ বা ছালৰ সংক্ৰমণৰ পৰা ৰক্ষা পাব বিচাৰিছে তেন্তে দৈনিক গা ধুব পাৰে। অৱশ্যে ইয়াৰ অৰ্থ এয়া নহয় যে,  প্ৰতিবাৰেই চাবোন ব্যৱহাৰ কৰিব। আপুনি সাধাৰণ পানীৰেও শৰীৰ চাফা কৰিব পাৰে। বেছিকৈ চাবোক, স্ক্ৰাবৰ লগালে ছালৰ ক্ষতি হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়।

গা ধুব মন নগ’লে কি কৰিব

আজিকালি মানুহে পৰিষ্কাৰ-পৰিচ্ছন হৈ থাকিবলৈ নতুন নতুন পদক্ষেপ গ্ৰহণ কৰে। মানুহে দৈনিক কেৱল অত্যাৱশ্যকীয় অংশ যেনে বাহুৰ তলৰ অংশ, ব্যক্তিগত অংশ আৰু মুখ ধুই থাকে। ইয়াৰ ফলত শৰীৰ ঠাণ্ডা হৈ থাকে আৰু পৰিষ্কাৰ হৈ থাকে। উল্লেখ কৰা প্ৰয়োজন যে, স্বাস্থ্য ভালে ৰাখিবলৈ পৰিষ্কাৰ-পৰিচ্ছন্নতা প্ৰয়োজন।

 

অন্য খবৰ পঢ়কঃ শৰীৰৰ কোন কোন অংগক প্ৰভাৱিত কৰে TB য়ে? জানক ইয়াৰ প্ৰাৰম্ভিক লক্ষণসমূহ…

দুপৰীয়া বা নিশা আহাৰ খোৱাৰ পিছত চাহ খায় নেকি? জানেনে আপোনাৰ শৰীৰত কেনে প্ৰভাৱ পৰিব পাৰে?
ধনেৰে ভৰিব আপোনাৰ ঘৰ, মাথোঁ জন্মাষ্টমীৰ পূৰ্বে ঘৰলৈ আনক এইসমূহ সামগ্ৰী
ভাৰতীয়সকলে কিয় থাইলেণ্ড ভ্ৰমণ কৰি ভাল পায়? ৫টা ডাঙৰ কাৰণ প্ৰকাশ
ভাৰতীয় জাতীয় পতাকাৰ তিনিটা ৰঙৰ প্ৰকৃত অৰ্থ কি? জানোঁ আহক...