November 7, 2025
TV9 ASSAM
বহু লোকে শীতকালত ডিঙিৰ বিষ আৰু ডিঙিৰ খজুৱতিৰ সমস্যাত ভুগিবলগীয়া হয়। চিকিৎসকৰ মতে, এনে বিষ টনচিলাইটিছ বা ফেৰিঞ্জাইটিছৰ ফলত হ’ব পাৰে।
শুকান কাহ, খালে ডিঙিত বিষ হ’ব পাৰে। এই সমস্যাৰ উপশম পাবলৈ কাহৰ ঔষধ খোৱাৰ পৰিৱৰ্তে বিষ নিৰাময়ৰ বাবে ঘৰুৱা ঔষধৰ ওপৰত নিৰ্ভৰ কৰিব পাৰে।
এই সমস্যাৰ পৰা উপশম পাবলৈ কি কি ঘৰুৱা উপায় গ্ৰহণ কৰিব পাৰে, জানোঁ আহক।
হালধিৰ গুড়ি বা কেঁচা হালধিৰ টুকুৰা আৰু আদা দি একাপ পানী উতলাই লওক। ৫-৭ মিনিট উতলাই চেকি লওক। এইবাৰ ইয়াত মৌ আৰু নেমুৰ ৰস মিহলাই খালে উপকাৰ পোৱা যায়।
একাপ পানী ভালদৰে উতলাই লওক। তাত পদিনা পাত দিব। এই পানীখিনি চেকি তাত মৌ আৰু নেমুৰ ৰস মিহলাই খাব পাৰে। ডিঙিৰ বিষ আৰু টনচিলৰ বিষৰ বাবে ই অতি উপকাৰী।
গাখীৰ একাপত অলপ হালধি মিহলাই লওক। ইয়াৰ পিছত গাখীৰ উতলাই গৰমে গৰমে পান কৰিব। এই হলুদ মিশ্ৰিত গাখীৰ টনচিল সংক্ৰমণ বা ডিঙিৰ বিষৰ ক্ষেত্ৰত অতি ফলপ্ৰসূ।
ডিঙিৰ বিষ বা টনচিলৰ সমস্যা হ’লে গ্ৰীণ টিত দুচামুচ মৌ মিহলাই খালে উপশম পাব পাৰে।
পঢ়িবলৈ ক্লিক কৰক