শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

যঁজা কল খালে কি হয় জীৱনত? হ’ব পাৰে নেকি কোনো ভয়াৱহ বিপদৰ আগমন, চাওক

আমাৰ সমাজত শুভ বা অশুভ ধাৰণা যঁজা কলৰ ক্ষেত্ৰতো দেখা যায়। আপুনিও হয়তো কেতিয়াবা কেতিয়াবা জ্যেষ্ঠজনৰ মুখৰ পৰা যঁজা কল নোখোৱাৰ পৰামৰ্শ শুনিবলৈ পাইছে। যঁজা কল খালে জীৱনলৈ কোনো চিন্তনীয় সমস্যা বা বিপদ নামি আহিব পাৰে বুলি কোৱা হয়। পিছে এই ধাৰণাৰ আঁৰৰ সত্য কি?

যঁজা কল খালে কি হয় জীৱনত? হ’ব পাৰে নেকি কোনো ভয়াৱহ বিপদৰ আগমন, চাওক
যঁজা কল খালে বিপদ ঘটে নেকি?Image Credit source: Unsplash
monjit-dutta
Monjit Dutta | Updated On: 02 Aug 2025 14:29 PM

আমাৰ সমাজত বহু কথাৰ প্ৰচলন হৈ আহিছে যাত্ৰাৰ সময়ত পথত এটা শালিকা দেখা, মেকুৰী সমুখেদি পাৰ হোৱা, ফেঁচাই কুৰুলিয়াই থাকিলে কোনো বিপদ ঘটিব পাৰে বুলি বয়োজ্যেষ্ঠ লোকসকলে সততে কোৱা শুনা যায় অৰ্থাৎ কিছুমান কথাক কেন্দ্ৰ কৰি শুভ বা অশুভ বিবেচনা কৰাৰ এক ধাৰণা পূৰ্বৰে পৰা প্ৰচলিত হৈ আহিছে অৱশ্যে এই ধাৰণাসমূহৰ কোনো বৈজ্ঞানিক ভিত্তি নাই। তথাপি প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি এনে কথাসমূহ বিশ্বাস কৰা হৈছে

এনে শুভ বা অশুভ ধাৰণা যঁজা কলৰ ক্ষেত্ৰতো দেখা যায় আপুনিও হয়তো কেতিয়াবা কেতিয়াবা জ্যেষ্ঠজনৰ মুখৰ পৰা যঁজা কল নোখোৱাৰ পৰামৰ্শ শুনিবলৈ পাইছে যঁজা কল খালে জীৱনলৈ কোনো চিন্তনীয় সমস্যা বা বিপদ নামি আহিব পাৰে বুলি কোৱা হয় পিছে এই ধাৰণাৰ আঁৰৰ সত্য কি?

অসমীয়াত এষাৰ কথা আছে, বিশ্বাসে মিলয় হৰি তৰ্ক বহু দূৰ এই দৃষ্টিকোণৰ পৰাই আঁৰৰ সঠিক কাৰণ উল্লেখ নকৰিলেও বহু লোকে যঁজা কল খোৱাটো অশুভ বুলি মত প্ৰকাশ কৰে। আনহাতে বহু লোকে পিছে যঁজা কল খোৱাৰ ফলত কোনো সমস্যা নহয় বুলি বিশ্বাস কৰে

সামাজিক ক্ষেত্ৰত যিকোনো শুভ অনুষ্ঠানত কল ব্যৱহাৰ কৰা প্ৰায়ে দেখা যায়। হিন্দু ধৰ্মাৱলম্বী লোকসকলেও দেৱদেৱীৰ পূজাত কলৰ ব্যৱহাৰ কৰে। এইক্ষেত্ৰত যঁজা কলৰো ব্যৱহাৰ পৰিলক্ষিত হয় ইয়াৰ বাহিৰেও প্ৰায়ে বিভিন্ন দেৱ-দেৱীক প্ৰসাদ হিচাপে কল আগবঢ়োৱা হয়। গতিকে বহুলোকে যঁজা কলক শুভ বুলিহে গণ্য কৰে

ধৰ্মীয় বিশ্বাস অনুসৰি যঁজা কল খোৱাটো বিশেষকৈ কিছু মহিলাৰ বাবে অশুভ বুলি কোৱা হয়। লগতে কোৱা হয় যে এগৰাকী মহিলাই যদি যঁজা কল খায়, তেতিয়া তেওঁৰ যমজ সন্তান জন্ম হ’ব পাৰে। এনে বিশ্বাসৰ বাবে প্ৰায়সংখ্যক পৰিয়ালৰ বয়োজ্যেষ্ঠসকলে গৰ্ভৱতী মহিলাক যঁজা কল খোৱাৰ পৰা বিৰত থাকিবলৈ পৰামৰ্শ দিয়ে।

অৱশ্যে এনে ধাৰণাৰ কোনো বৈজ্ঞানিক ভিত্তি নাই। আমি সৰুৰে পৰা পঢ়িবলৈ বা শুনিবলৈ পাইছে যে কল এবিধ পুষ্টিকৰ ফল কল খালে দেহে শক্তি লাভ কৰে বৈজ্ঞানিক দিশৰ পৰা কলৰ বিষয়ে এইদৰেই বাখ্যা কৰা হৈছে কলত প্ৰচুৰ পৰিমাণে কেলচিয়াম থাকে। কল খালে হাড়বোৰ খুব মজবুত হয়।

কল খালে শৰীৰে পুষ্টি লাভ কৰে। সেয়ে প্ৰতিদিনে এটাকৈ লেও কল খালে স্বাস্থ্যৰ ভাবে এই ভাল অভ্যাস হিচাপে বিবেচিত হয় অৱশ্যে কিছু কিছু ৰোগৰ ক্ষেত্ৰত কল খোৱাৰ ওপৰত চিকিৎসকে বাধা আৰোপ কৰিব পাৰে কিন্তু যঁজা কলৰ ক্ষেত্ৰতহে কোনো সমস্যা আহিব পাৰে, তাৰ কোনো নিশ্চিত তথ্য নাই