International Labour Day 2025: ১ মে’ত কিয় ‘শ্ৰমিক দিৱস’ পালন কৰা হয়? ইয়াৰ ইতিহাস, তাৎপৰ্য, মহত্ব সকলো জানক…

প্ৰতি বছৰে ১ মে’ৰ দিনটো আন্তৰ্জাতিক শ্ৰমিক দিৱস হিচাপে পালন কৰা হয়। শ্ৰমিকৰ কৃতিত্ব উদযাপন আৰু শ্ৰমিকৰ শোষণ সম্পৰ্কে সজাগতা বিয়পাই দিয়াৰ উদ্দেশ্যে এই দিৱস পালন কৰা হয়।

International Labour Day 2025: ১ মে’ত কিয় ‘শ্ৰমিক দিৱস’ পালন কৰা হয়? ইয়াৰ ইতিহাস, তাৎপৰ্য, মহত্ব সকলো জানক...

International Labor Day

Updated On: 

01 May 2025 07:23 AM

প্ৰতি বছৰে ১ মে’ দিনটো আন্তৰ্জাতিক শ্ৰমিক দিৱস (International Labour Day) হিচাপে পালন কৰা হয়। শ্ৰমিক দিৱস হৈছে শ্ৰমিকসকলৰ সংগ্ৰাম আৰু অধিকাৰক সন্মান জনোৱা, তেওঁলোকৰ অৱদান আৰু কঠোৰ পৰিশ্ৰমক স্বীকৃতি দিয়াৰ এক অতি বিশেষ দিন। কঠোৰ পৰিশ্ৰমৰ জৰিয়তে সাধাৰণ মানুহৰ জীৱন সহজ কৰি তোলা সকলো শ্ৰমিকৰ বাবে এই দিৱস উচৰ্গা কৰা হৈছে। শ্ৰমিকৰ কৃতিত্ব উদযাপন আৰু শ্ৰমিকৰ শোষণ সম্পৰ্কে সজাগতা বিয়পোৱাৰ উদ্দেশ্যে এই দিৱস পালন কৰা হয়। সমগ্ৰ বিশ্বতে ১ মে’ত এই দিৱস পালন কৰা হয়। আন্তৰ্জাতিক শ্ৰমিক দিৱসক শ্ৰমিক দিৱস আৰু মে’ দিৱস আদি নামেৰেও জনা যায়।

শ্ৰমিক দিৱসে  চৰকাৰ আৰু প্ৰতিষ্ঠানসমূহক সোঁৱৰাই দিয়ে যে শ্ৰমিকসকল সুৰক্ষিত আৰু সন্মানিত হ’লেহে সমাজৰ উন্নয়ন সম্ভৱপৰ। এই প্ৰতিবেদনৰ জৰিয়তে জানো আহক কেতিয়া শ্ৰমিক দিৱস পালন কৰা হয়। ক’ৰ পৰা কোনে প্ৰথমে শ্ৰমিক দিৱস উদযাপন কৰিবলৈ আৰম্ভ কৰিলে আৰু এই দিৱসৰ গুৰুত্ব কি?

শ্ৰমিক দিৱসৰ ইতিহাস

১৮৮৯ চনত মাৰ্ক্সবাদী আন্তৰ্জাতিক সমাজবাদী কংগ্ৰেছে এক বৃহৎ আন্তৰ্জাতিক বিক্ষোভৰ আহ্বান জনাই প্ৰস্তাৱ গ্ৰহণ কৰে, য’ত তেওঁলোকে শ্ৰমিকসকলক দিনটোত ৮ ঘণ্টাতকৈ অধিক কাম কৰিবলৈ বাধ্য কৰাব নালাগে বুলি দাবী জনায়। ইয়াৰ পিছত ই বাৰ্ষিক অনুষ্ঠানত পৰিণত হয় আৰু ১ মে’ দিনটো শ্ৰমিক দিৱস হিচাপে পালন কৰিবলৈ আৰম্ভ কৰে।

১৮৮৬ চনত শ্ৰমিক দিৱসৰ ভেটি স্থাপন কৰা হয়, যেতিয়া আমেৰিকাৰ চিকাগো চহৰত এই দিৱস উদযাপনৰ দাবী উঠিছিল। সেই বছৰ শ্ৰমিকসকলে নিজৰ সন্মান আৰু অধিকাৰৰ বাবে ৰাজপথলৈ ওলাই আহিছিল।ইয়াৰ পূৰ্বে শ্ৰমিকসকলক শোষণ কৰা হৈছিল। তেওঁলোকক দিনটোত ১৫ ঘন্টা কাম কৰিবলৈ বাধ্য কৰাইছিল। যাৰ বাবে ১৮৮৬ চনতেই শ্ৰমিকসকলে একত্ৰিত হৈ নিজৰ অধিকাৰৰ বাবে মাত মাতিবলৈ আৰম্ভ কৰে। প্ৰতিবাদত তেওঁলোকে প্ৰতিদিনে ৮ ঘণ্টা কাম কৰাৰ লগতে দৰমহাযুক্ত ছুটীৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ জনায়।

ভাৰতত প্ৰথমবাৰৰ বাবে ১৯২৩ চনত, চেন্নাইত শ্ৰমিক দিৱস পালন কৰা হৈছিল। এই দিনটো হিন্দুস্তানৰ লেবাৰ কিষাণ পাৰ্টিয়ে পালন কৰে। আজিৰ দিনটোতে কমিউনিষ্ট নেতা মলয়াপুৰম চিংগাৰভেলু চেট্টিয়াৰেও শ্ৰমিকসকলৰ প্ৰচেষ্টা আৰু কৰ্মৰ প্ৰতীক হিচাপে এই দিনটো ৰাষ্ট্ৰীয় বন্ধ হিচাপে পালন কৰিবলৈ চৰকাৰক অনুৰোধ কৰে। এই দিনটোক ভাৰতত শ্ৰমিক দিৱস, কামগৰ দিৱস আৰু আন্তৰ্জাতিক শ্ৰমিক দিৱস বুলিও জনা যায়।

কি কথাত বিতুষ্ট চেন্নাইৰ অনুৰাগী! নায়কৰ দৰে খেলিও খলনায়কৰ দৰে ব্যৱহাৰ পালে নেকি কুৰাণে?
জিভাত বগা তৰপ পৰিছে নেকি? তেন্তে এই সহজ উপায়ৰ দ্বাৰা কৰক আঁতৰ...
অনবৰতে মন বেয়া লাগি থাকে নেকি? জানক ডিপ্ৰেছনৰ লক্ষণসমূহ...
গৰমৰ দিনত আপোনাৰ অত্যাধিক মূৰৰ বিষ হয় নেকি? কাৰণ জানক