পোক-পৰুৱাই সমস্যা দিছে নেকি? এই ঘৰুৱা উপায়ৰ দ্বাৰা লাভ কৰক সমাধান…

প্ৰায় সকলোৰে ঘৰত পোক-পৰুৱা থকা সাধাৰণ কথা। কিন্তু ইয়াৰ পৰিমাণ বেছি হ'লে সমস্যা হয়। অৱশ্যে কিছুমান ঘৰুৱা উপায়ৰ দ্বাৰা ইয়াৰ পৰা পৰিত্ৰাণ পাব পাৰে।

পোক-পৰুৱাই সমস্যা দিছে নেকি? এই ঘৰুৱা উপায়ৰ দ্বাৰা লাভ কৰক সমাধান...

পোক-পৰুৱা

Published: 

04 Nov 2025 | 10:26 AM

ঘৰত পোক-পৰুৱা থকা সাধাৰণ কথা। কিন্তু ইয়াৰ পৰিমাণ বেছি হ’লে অশান্তিত ভোগা যায়। বহুতে ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ বজাৰত লাভ কৰা কিছুমান কেমিকেলযুক্ত সামগ্ৰী ব্যৱহাৰ কৰে। পিছে কেতিয়াবা এইবোৰেও কাম নিদিয়ে। ইয়াৰোপৰি এইবোৰ কিছু পৰিমাণে বিষাক্ত হয় যি মানুহ, পোহনীয়া জীৱ-জন্তুৰ বাবে ক্ষতিকাৰক হ’ব পাৰে।

আপুনি জানেনে, পোক-পৰুৱাৰ এই সমস্যাৰ পৰা আপুনি ঘৰুৱা উপায়ে পৰিত্ৰাণ লাভ কৰিব পাৰে?  আজি এই লেখাটোত এনে এক ঘৰুৱা উপায় উল্লেখ কৰিম যাৰ দ্বাৰা আপুনি এই সমস্যাৰ সমাধান পাব পাৰে।

কি কি লাগিব

  • নহৰু
  • শুকান বা ৰঙা জলকীয়া
  • পানী

কেনেকৈ তৈয়াৰ কৰিব

ইয়াক প্ৰস্তুত কৰা অতি সহজ। ইয়াৰ বাবে প্ৰথমে নহৰুৰ ৫-৬টা ফুটা লৈ লওক। পাছত সেই নহৰুখিনি শুকান বা ৰঙা জলকীয়াৰ সৈতে ভালদৰে মিহলাই লওক। ইয়াৰ পাছত সেইখিনি ১ লিটাৰ পানীক মিহলাই দিয়ক। এই মিশ্ৰণখিনি অলপ উতলাই ল’ব। পাছত এইখিনি ঠাণ্ডা কৰি চেকি লওক আৰু বটলত ভৰাই লওক। এই মিশ্ৰণখিনি আপুনি স্প্ৰে হিচাপে ব্যৱহাৰ কৰিব পাৰে।

কেনেকৈ ব্যৱহাৰ কৰিব

এই ঘৰুৱা উপায়েৰে প্ৰস্তুত কৰা স্প্ৰে ঘৰৰ বিভিন্ন ঠাইত ছটিয়াই দিব পাৰে। বিশেষকৈ যি ঠাইত বেছিকৈ পোক-পৰুৱা ওলাই সেই ঠাইত দিব পাৰে। খিৰিকী, দুৱাৰ, পাকঘৰ, ডাষ্টবিন আদিৰ ওচৰতো দিব পাৰে। যদি বেলকনীত গছ আছে তাতো দিব। দিনত ইয়াৰ ব্য়ৱহাৰ ২-৩ বাৰকৈ কৰিব পাৰে।

কিয় ভাল

এই স্প্ৰে সম্পূৰ্ণ ঘৰুৱা। ইয়াত থকা নহৰুত এলিছিন নামৰ প্ৰাকৃতিক কম্পাউণ্ড থাকে যাৰ গোন্ধ পোক-পৰুৱাই ভাল নাপায়। যাৰ বাবে এইবোৰ আঁতৰি যায়। ইয়াৰোপৰি জলকীয়াত কেম্পাচইচিন থাকে যিয়ে মহ, মাখি, পোক-পৰুৱা আদিত অশান্তি দিয়ে। যাৰ বাবে এইবোৰ আঁতৰি যায়।

 

অন্য খবৰ পঢ়কঃ প্ৰায়ে গেছৰ সমস্যা হয় নেকি? এই সহজ ঘৰুৱা উপায়ে দিব সমাধান…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...