চুগাৰ কেনেকৈ নিয়ন্ত্ৰণত ৰাখিব? এই ঘৰুৱা উপায়ে দিব পাৰে ডাঙৰ সমাধান, জানক সকলো…

দেশত বৃদ্ধি পাইছে ডায়েবেটিছ ৰোগীৰ সংখ্যা। এই ৰোগ সম্পূৰ্ণ ঠিক কৰিব নোৱাৰি যদিও ইয়াক নিয়ন্ত্ৰণত ৰাখিব পাৰি। কিছুমান ঘৰুৱা উপায়ৰ দ্বাৰা আপুনি চুগাৰ নিয়ন্ত্ৰণত ৰাখিব পাৰে।

চুগাৰ কেনেকৈ নিয়ন্ত্ৰণত ৰাখিব? এই ঘৰুৱা উপায়ে দিব পাৰে ডাঙৰ সমাধান, জানক সকলো...

বাবা ৰামদেৱ

Published: 

28 Aug 2025 13:42 PM

বৰ্তমান দেশত চুগাৰৰ ৰোগীৰ সংখ্যা যথেষ্ঠ বৃদ্ধি পাইছে, যাৰ বাবে ইয়াক ডায়েবেটিছৰ ৰাজধানী বুলি কোৱা হয়। যুৱক-যুৱতীৰ পৰা বৃদ্ধলৈকে বহুতে এই ৰোগত আক্ৰান্ত হোৱা দেখা যায়। এই ৰোগ দুই প্ৰকাৰৰ বুলিব পাৰি। জিনীয় কাৰণত হোৱা ডায়েবেটিছৰ টাইপ-১ ডায়েবেটিছ বুলি কোৱা হয়। ইয়াৰ বিপৰীতে জীৱনশৈলী, খাদ্য,মেদবহুলতা আদিৰ বাবে হোৱা ডায়েবেটিছক টাইপ-২ ডায়েবেটিছ বুলি কয়।

এই ৰোগ সম্পূৰ্ণ আৰোগ্য কৰিব নোৱাৰি। কিন্তু নিয়ন্ত্ৰণত ৰাখিব পাৰি। ইয়াৰ বাবে জীৱনশৈলী সলনি কৰাৰ লগে খাদ্যভাসৰ ওপৰত গুৰুত্ব দিয়া প্ৰয়োজন। কিন্তু শেহতীয়াকৈ পতঞ্জলিৰ প্ৰতিষ্ঠাপক তথা যোগগুৰু বাবা ৰামদেৱে নিজৰ ইনষ্টাগ্ৰামত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে। য’ত তেওঁ ডায়েবেটিছ নিয়ন্ত্ৰণৰ বিষয়ে উল্লেখ কৰিছে।

জাম আৰু বীজ

বাবা ৰামদেৱৰ মতে,  জাম আৰু তাৰ বীজটো ডায়েবেটিছ ৰোগীৰ বাবে অত্যন্ত ভাল। ই ঔষধতকৈ কম নহয়। ই হজম শক্তি ভাল কৰাত সহায় কৰে। ইয়াৰোপৰি ই শৰীৰৰ অগ্নাশয়ৰ বিটা কোষ সক্ৰিয় কৰাত সহায় কৰে, যিয়ে ইনচুলিন উৎপাদনত ডাঙৰ ভূমিকা পালন কৰে। জাম আৰু ইয়াৰ বীজ খোৱাৰ ফলত এই চুগাৰ নিয়ন্ত্ৰণত থাকিব পাৰে।

কেনেকৈ খাব

ভিডিঅ’টোত বাবা ৰামদেৱে কয় যে, ডায়েবেটিছ ৰোগীয়ে একেলগে কেইবাটাও জাম খাব পাৰে। ইয়াৰোপৰি যদি আৰু অধিক ভাল ফল বিচাৰে তেন্তে ইয়াৰ গুটি বা বীজ খাব পাৰে। ইয়াৰ বাবে বীজটো গুড়ি কৰি সেৱন কৰিব পাৰে। তেওঁ কয় যে, প্ৰথমে আপুনি জামৰ গুটিবোৰ ধুই লওক। পাছত ইয়াক শুকাবলৈ ৰ’দত দিব। ইয়াৰ লগতে এটা তিতা কেৰেলা সৰু সৰুকৈ কাটি ৰ’দত দিব। এইসমূহ শুকোৱাৰ পাছত কলা জিৰা, চিৰাইতা আদি শুকাই ল’ব। পাছত ইয়াক মিহি কৰি গুড়া প্ৰস্তুত কৰিব। পাছত ইয়াক খাব পাৰে।

তেওঁ আৰু কয় যে, ই গুড়িয়ে অগ্নাশয় সক্ৰিয় কৰাত সহায় কৰে। ইয়াৰ লগতে ই হজম শক্তি উন্নত কৰে। আম আৰু জামৰ বতৰ একেই। কিন্তু আম হজম কৰিবলৈ অলপ সময় লাগে। কিন্তু জামে আমো হজম কৰিব পাৰে। কিয়নো ই হজমৰ বাবে উপকাৰী।

আৰু কি কি কৰিব

ইয়াৰোপৰি খাদ্য, জীৱনশৈলী পৰিবৰ্তন কৰিব ডায়েবেটিছ নিয়ন্ত্ৰণ কৰিব পাৰি। প্ৰতিদিনে ব্যায়াম বা অলপ সময় খোজ কাঢ়িব লাগে। ইয়াৰোপৰি তিতা কেৰেলা আৰু আমলখিৰ ৰস উপকাৰী বুলি কোৱা হয়। ইয়াৰোপৰি  বহু ঘৰুৱা উপায় আছে যিয়ে ডায়েবেটিছ নিয়ন্ত্ৰণত ৰখাত সহায় কৰে।

উল্লেখ কৰা প্ৰয়োজন যে, যিকোনো ব্যৱস্থা গ্ৰহণ কৰাৰ আগত বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰা দৰকাৰ। কিয়নো সকলোৰে শৰীৰ বেলেগ বেলেগ। যদি আপোনাৰো এই সমস্যা আছে তেন্তে বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰক।

 

অন্য খবৰ পঢ়কঃ দূৰৈৰ বস্তুবোৰ কেতিয়াবা ধোঁৱা ধোঁৱা দেখে নেকি? ই কিহৰ লক্ষণ, জানক বিশেষজ্ঞৰ পৰা…

প্ৰস্ৰাৱৰ পাছত পানী খাই নেকি? হ'ব পাৰে ডাঙৰ সমস্যা, জানক...
চজিনা পাতৰো আছে অসামান্য গুণ, দূৰ কৰিব পাৰে দেহৰ এনে চিন্তনীয় সমস্যা
এই ভিটামিনৰ অভাৱত দাঁতত পোক লাগে, জানক...
মাত্ৰ কেইটামান শব্দই সলনি কৰিব পাৰে আপোনাৰ ভাগ্য! জানক সকলো...