খাদ্য খোৱাৰ আগত নে পাছত? কেতিয়া আৰু কিমান পৰিমাণৰ পানী খাব লাগে, জানক আয়ুৰ্বেদৰ পৰা…

আয়ুৰ্বেদৰ মতে পানী কেৱল জীৱনৰ উৎস নহয়, ই ঔষধ হিচাপেও কাম কৰে। শৰীৰৰ পাচন শক্তিৰ ভাৰসাম্য ৰক্ষা, বিষাক্ত পদাৰ্থ বাহিৰ কৰা, মন-মগজুক শান্ত কৰি ৰখাত ই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

খাদ্য খোৱাৰ আগত নে পাছত? কেতিয়া আৰু কিমান পৰিমাণৰ পানী খাব লাগে, জানক আয়ুৰ্বেদৰ পৰা...

পানী

Updated On: 

23 Jun 2025 | 03:38 PM

এষাৰ কথা আছে-পানী হৈছে প্ৰাণীৰ প্ৰাণ! কিন্তু আয়ুৰ্বেদৰ মতে পানী কেৱল জীৱনৰ উৎস নহয়, ই ঔষধ হিচাপেও কাম কৰে। শৰীৰৰ পাচন শক্তিৰ ভাৰসাম্য ৰক্ষা, বিষাক্ত পদাৰ্থ বাহিৰ কৰা, মন-মগজুক শান্ত কৰি ৰখাত ই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। কিন্তু আপুনি জানেনে ভুল ধৰণে পানী খোৱাৰ ফলত আপোনাৰ স্বাস্থ্যৰ ক্ষতি হ’ব পাৰে?

আজিকালি ব্যস্ত জীৱনত মানুহে চিন্তা নকৰাকৈ পানী খায়। সেই পানী কেতিয়াবা বাহি হয়, কেতিয়াবা ঠাণ্ডা। কেতিয়াবা পানী খাদ্যৰ মাজত বা খাদ্য খোৱাৰ পাছত সেৱন কৰে। কিন্তু আয়ুৰ্বেদে এই সকলোবোৰ অভ্যাসক শৰীৰৰ ভাৰসাম্যৰ বিৰুদ্ধে বুলি গণ্য কৰে। আয়ুৰ্বেদিক গ্ৰন্থত খোৱাপানীৰ বহু নিয়মৰ উল্লেখ আছে, যেনে- কেনে পানী খোৱা উচিত, কি পাত্ৰত পানী ৰাখিহ লাগে, দিনটোৰ কোন সময়ত পানী খাব লাগে, খাদ্য খোৱাৰ আগত নে পাছত খাব লাগে আদি।

খোৱাপানীৰ শুদ্ধ নিয়ম বাবা ৰামদেৱে লিখা আয়ুৰ্বেদৰ গ্ৰন্থ ‘আয়ুৰ্বেদৰ বিজ্ঞান’ত উল্লেখ কৰা হৈছে। এই লেখাটোত ইয়াৰ বিষয়ে উল্লেখ কৰা হ’ল।

বিশুদ্ধ পানী

আয়ুৰ্বেদৰ মতে বৰষুণ, ঝৰ্ণা বা পৰিষ্কাৰ কুঁৱাৰ পানী সবাতোকৈ পৰিষ্কাৰ। এনে পানী পাতল, মিঠা, শীতল হয় যি শৰীৰৰ বাবে উপকাৰী। ৰ’দত ৰখা পানী (যেনে তাম বা মাটিৰ পাত্ৰত) স্বাস্থ্যৰ বাবেও অতি উপকাৰী, কাৰণ ই শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰাই শৰীৰ শীতল কৰে। আয়ুৰ্বেদত উল্লেখ আছে যে দ্বিতীয়জাত বৰষুণৰ পানীয়েই আটাইতকৈ প্ৰাকৃতিক।

কেতিয়া আৰু কিমান খাব লাগে

সঠিক সময়ত আৰু সঠিক পৰিমাণত পানী খোৱাটো অতি প্ৰয়োজনীয়। যেনে- অত্যধিক পানী খালে হজম শক্তি নষ্ট হ’ব পাৰে। আনহাতে কম পানী খোৱাৰ ফলত পাচনতন্ত্ৰতো প্ৰভাৱ পৰে। যদি শৰীৰৰ পৰা প্ৰস্ৰাৱ আৰু শৌচ সঠিকভাবে নহয় তেন্তে ই বিপদজনক হ’ব পাৰে। ইয়াৰ ফলত বহু ধৰণৰ ৰোগ হ’ব পাৰে।

আয়ুৰ্বেদত কোৱা হৈছে যে এবাৰতে বহুত পানী খোৱাৰ পৰিৱৰ্তে বাৰে বাৰে কম পৰিমাণে পানী খোৱা উচিত। ইয়াৰ ফলত শৰীৰত প্ৰয়োজনীয় পানী যোগান ধৰা হয় আৰু লগতে হজম শক্তিও ভাল হয়।

খাদ্য খোৱাৰ সময়ত

আয়ুৰ্বেদ মতে, খাদ্য খোৱাৰ প্ৰায় ৩০ মিনিট আগতে পানী খালে পাচনতন্ত্ৰ সক্ৰিয় হয়। ই ভোক নিয়ন্ত্ৰণ কৰে আৰু কোষ্ঠকাঠিন্য ৰোধ কৰে। খাদ্যৰ লগত অত্যধিক পানী খালে পাচনতন্ত্ৰত প্ৰভাৱ পৰে। অৱশ্যে কুহুমীয়া পানী খালে হজম শক্তিত সহায় হয়। আনহাতে, আহাৰ খোৱাৰ লগে লগে পানী খোৱাটো ভাল নহয়। ইয়াৰ ফলত বদহজম, এচিডিটি আদি হ’ব পাৰে। খাদ্য খোৱাৰ ৪৫ মিনিট পাছত পানী খাব লাগে।

ঠাণ্ডা পানী

ঠাণ্ডা পানী খোৱা আয়ুৰ্বেদত শৰীৰৰ বাবে অন্যতম মাৰাত্মক অভ্যাস বুলি গণ্য কৰে। ফ্ৰীজ বা ঠাণ্ডা পানী খোৱাৰ ফলত পাচনতন্ত্ৰত প্ৰভাৱ পৰে।ইয়াৰ ফলত বদহজম, গেছ, ভাগৰ আৰু অলসতা আদি সমস্যাৰ সৃষ্টি হয়। ঠাণ্ডা পানী সেৱন কৰিলেও শৰীৰত শ্লেষ্মা বেছি হয়, যাৰ ফলত চৰ্দি, কাহ আৰু ছালৰ ৰোগ বৃদ্ধি পাব পাৰে। খাদ্য গ্ৰহণৰ পাছত ঠাণ্ডা পানী খোৱা সবাতোকৈ বেয়া।

লেতেৰা পানী

সদায় পৰিষ্কাৰ পানী খাব লাগে। যদি পানীত ৰং, গোন্ধ আদি দেখা যায় তেন্তে ই খোৱাৰ বাবে উপকাৰী নহয়। ইয়াৰোপৰি সূৰ্যৰ পোহৰৰ পৰা আঁতৰত থকা পানী লেতেৰা বুলি গণ্য কৰা হয়। লেতেৰা পানীয়ে পেটৰ বিষ, ছালৰ ৰোগ, কোষ্ঠকাঠিন্য, পাচনতন্ত্ৰৰ সমস্যা, এলাৰ্জী, ভাগৰ আদি সমস্যাৰ সৃষ্টি কৰিব পাৰে। আয়ুৰ্বেদৰ মতে এনে পানী বিশুদ্ধ কৰিবলৈ ৰ’দত ৰাখিব লাগে, তাম বা ৰূপৰ পাত্ৰত ৰাখিব লাগে বা ফিল্টাৰ কৰিব লাগে।

গৰম পানী

আয়ুৰ্বেদত গৰম পানী উপকাৰী বুলি কোৱা হয়। গৰম পানী পাতল আৰু হজম শক্তি উন্নত কৰে। ই বদহজম, গেছ, পেট ফুলা, হিকটি, চৰ্দি আদি ৰোগ নোহোৱা কৰে।  এক চতুৰ্থাংশ পৰ্যন্ত উতলাই সেৱন কৰা পানী অধিক ভাল। কুহুমীয়া পানী খালে ত্ৰিদোষ (বাটা, পিত্ত, কফ)ৰ ভাৰসাম্য ৰক্ষা কৰি হাঁপানী, কাহ, জ্বৰত উপশম পোৱা যায়।  নিশা গৰম পানী খোৱা বিশেষভাবে উপকাৰী।

 

অন্য খবৰ পঢ়কঃ ভিটামিন E ৰ অভাৱৰ ফলত শৰীৰত কি কি সমস্যাৰ সৃষ্টি হয়? জানক চিকিৎসকৰ পৰা…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...