এনেকৈ চুলিত ব্যৱহাৰ কৰক ভেণ্ডি! হৈ পৰিব চিধা, দীঘল আৰু ধুনীয়া…

সকলোৱে বিচাৰে চিধা, দীঘল, ঘন আৰু ক'লা চুলি। ইয়াৰ বাবে বহুতে বহু সামগ্ৰী ব্যৱহাৰ কৰে। কিন্তু ঘৰত ব্যৱহাৰ থকা সামগ্ৰীৰেও আপুনি চুলি ধুনীয়া কৰি তুলিব পাৰে।

এনেকৈ চুলিত ব্যৱহাৰ কৰক ভেণ্ডি! হৈ পৰিব চিধা, দীঘল আৰু ধুনীয়া...

চুলি

Updated On: 

21 May 2025 | 07:59 PM

প্ৰায় সকলো মহিলাই দীঘল, ক’লা, চিধা আৰু ঘন চুলি বিচাৰে। কিন্তু বহুতে চুলিৰ লগত জড়িত বহু সমস্যাত ভোগা দেখা যায়। বহু মহিলাই পোন আৰু দীঘল চুলিৰ বাবে বিভিন্ন সামগ্ৰী ব্যৱহাৰ কৰে। কিছুমানে কেৰাটিন চিকিৎসা লয়, কিছুমানে ষ্ট্ৰেইট কৰে আৰু কিছুমানে ৰি বণ্ডিং আদি কৰা দেখা যায়। কিন্তু চুলিৰ লগত জড়িত চিকিৎসা বা সামগ্ৰী সকলোৱে চুলিৰ ক্ষতি কৰে। ষ্ট্ৰেইটনিং মেচিনৰ পৰা অহা গৰমৰ বাবে চুলি জ্বলি শুকান আৰু নিৰ্জীৱ হৈ পৰে। ৰাসায়নিক পদাৰ্থৰ উপস্থিতিয়ে চুলিৰ ক্ষতি কৰে। এনে পৰিস্থিতিত আপুনি ঘৰুৱা উপায় ব্যৱহাৰ কৰি চুলি চিধা কৰিব পাৰে।

প্ৰায় সকলো শাক-পাচলিৰ বজাৰতে ভেণ্ডি পোৱা যায়। কিন্তু ই খোৱাৰ উপৰিও আপোনাৰ চুলিৰ বাবে ডাঙৰ উপকাৰী হ’ব পাৰে। এই লেখাটোত ভেণ্ডিৰ ব্যৱহাৰৰ বিষয়ে উল্লেখ কৰা হ’ল। গতিকে আপুনি জানিব পাৰিব চুলিৰ অনিষ্ট নকৰাকৈ কেনেকৈ চুলি চিকচিকিয়া , কোমল আৰু চিধা কৰিব পাৰি।

ভেণ্ডিৰ হেয়াৰ মাস্ক

ভেণ্ডিত পোৱা বিজলুৱা পদাৰ্থটো এটা উত্তম বিকল্প। ইয়াৰ বাবে ৭-৮ টা ভেণ্ডি ভালকৈ ধুই কাটি লওক। পাছত কেৰাহীত পানী দি উতলাব। পানী খিনি ডাঠ হোৱাৰ পাছত অলপ উতলাই চেকনীৰে চেকি পানীখিনি উলিয়াই ল’ব। পাছত চুলিৰ গুড়িৰ পৰা চুলিৰ আগলৈ লগাৱক। ইয়াৰ প্ৰায় ৩০ মিনিট পাছত মূৰটো ধুই দিব। এনেকৈ আপুনি সপ্তাহত ২ বাৰ লগাব পাৰে। ইয়াৰ ফলত চুলি লাহি আৰু চিধা হৈ পৰিব।

ভেণ্ডি আৰু এলোভেৰা

ভেণ্ডিৰ জেল আৰু এলোভেৰা জেল মিহলাই লওক।পাছত চুলিত লগাই ৩০-৪০ মিনিট ৰাখি ধুই দিব। ই চুলিত হাইড্ৰেইট কৰাত সহায় কৰে। ইয়াৰ ফলত চুলি কোমল হৈ চিধা হোৱাত সহায় হয়। গৰমত এই মিশ্ৰণ লগালে চুলিৰ গুড়ি ঠাণ্ডাও হয়।

ভেণ্ডি আৰু নাৰিকল তেল

ভেণ্ডি আৰু নাৰিকল তেল চুলিৰ বাবে ভাল। ভেণ্ডি কেইটামান কাটি প্ৰথমে উতলাই লওক। লগতে তাত নাৰিকল তেল দিব। ইয়াৰ পাছত ইয়াক চেম্পু কৰাৰ পাছত কণ্ডিচনাৰৰ দৰে ব্যৱহাৰ কৰিব পাৰে। ১০ মিনিট লগাই ৰাখি ইয়াক ধুই দিব। ই চুলিক ডিটেংগল কৰে, ইয়াক প্ৰাকৃতিকভাবে জ্বিলিকাই তোলে আৰু ষ্ট্ৰেইট লুক দিয়ে। ইয়াৰ উপৰিও চুলি ফটা ৰোধ কৰে।

 

অন্য খবৰ পঢ়কঃ ফোহাৰ লগতে শুকান হৈ পৰিছে নেকি আপোনাৰ ছাল? তেন্তে হ’ব পাৰে এই ডাঙৰ ৰোগৰ লক্ষণ, জানক চিকিৎসকৰ পৰা…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...