শীতকালত নাক সোপা মাৰি ধৰে নেকি? এই পাঁচটা উপায়ে দিব আপোনাক সকাহ

যদি কাৰোবাৰ চৰ্দি লাগি নাক সোপা মাৰি ধৰি, তেন্তে তেওঁ যথেষ্ঠ অসুবিধা পায়। যাৰ বাবে ভালকৈ উশাহ-নিশাহ ল'ব নোৱাৰে। ইয়াৰ পৰা সকাহ পাবলৈ কিছুমান ঘৰুৱা উপায় অতি ফলপ্ৰসূ।

শীতকালত নাক সোপা মাৰি ধৰে নেকি? এই পাঁচটা উপায়ে দিব আপোনাক সকাহ
Updated On: 

27 Jan 2025 | 11:57 PM

শীতকালত চৰ্দিৰ সমস্যা আটাইতকৈ বেছি হয় আৰু নাক বন্ধ হৈ পৰে। নাক বন্ধ হৈ গ’লে মানুহৰ উশাহ-নিশাহ লোৱাতো অসুবিধাৰ সৃষ্টি হয়। শুই থকাৰ সময়ত এই সমস্যাটোৱে আৰু বেছি কষ্ট দিয়ে। আচলতে চৰ্দি হ’লে কফ জমা হয়, আৰু নাক বন্ধ হৈ পৰে। শুকান বতাহে এই সমস্যা আৰু অধিক বৃদ্ধি কৰে। নাক বন্ধ হৈ পৰাৰ পৰা মুক্তি পাবলৈ ঘৰুৱা উপায় অতি ফলপ্ৰসূ।

বহুতে চৰ্দিৰ পৰা পৰিত্ৰাণ পাবলৈ ঔষধ খায়, কিন্তু তৎক্ষণাত সকাহ পোৱাটো কঠিন। আজিকালি বন্ধ হৈ যোৱা নাক পৰিষ্কাৰ কৰা স্প্ৰে’বোৰো বজাৰত উপলব্ধ হৈছে যদিও, ই অভ্যাস হৈ পৰে। গতিকে বন্ধ নাক খুলিবলৈ সহজ টিপছ জানো আহক।

লং আৰু গৰম পানীৰ ভাপ

ভাপে প্ৰাপ্তবয়স্কৰ লগতে শিশুৰ নাক বন্ধ হৈ পৰাৰ পৰা সকাহ দিয়ে। গৰম পানীত লং তেল দিব পাৰে বা ৭ৰ পৰা ৮টা লং পিহি পানীত ভৰাই তাৰ পৰা ভাপ ল’ব পাৰে।

সৰিয়হৰ তেল অতি ফলপ্ৰসূ

নাক বন্ধ হৈ হ’লে নাকত সৰিয়হৰ তেল এটোপাল বা দুটোপাল দি কিছু সময় শুই থাকিব লাগে। ইয়াৰ বাবে নাক খোল খাবলৈ আৰম্ভ কৰে।

এই চাহ দিনে দুই-তিনিবাৰ খাব লাগে

ঠাণ্ডাৰ পৰা সকাহ পাবলৈ ৬-৭ টা তুলসীৰ পাত, ২-৩ টা লং, আধা ইঞ্চি আদাৰ টুকুৰা, ৩-৪ টা জালুক ভালদৰে একাপ পানীত উতলাই লওক। এই পানী খালে ঠাণ্ডা আৰু ডিঙিৰ বিষ কমি যায় আৰু লগতে চৰ্দিৰ সকলো সমস্যা আঁতৰিব।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...