শীতকালত নাক সোপা মাৰি ধৰে নেকি? এই পাঁচটা উপায়ে দিব আপোনাক সকাহ

যদি কাৰোবাৰ চৰ্দি লাগি নাক সোপা মাৰি ধৰি, তেন্তে তেওঁ যথেষ্ঠ অসুবিধা পায়। যাৰ বাবে ভালকৈ উশাহ-নিশাহ ল'ব নোৱাৰে। ইয়াৰ পৰা সকাহ পাবলৈ কিছুমান ঘৰুৱা উপায় অতি ফলপ্ৰসূ।

শীতকালত নাক সোপা মাৰি ধৰে নেকি? এই পাঁচটা উপায়ে দিব আপোনাক সকাহ
Updated On: 

27 Jan 2025 23:57 PM

শীতকালত চৰ্দিৰ সমস্যা আটাইতকৈ বেছি হয় আৰু নাক বন্ধ হৈ পৰে। নাক বন্ধ হৈ গ’লে মানুহৰ উশাহ-নিশাহ লোৱাতো অসুবিধাৰ সৃষ্টি হয়। শুই থকাৰ সময়ত এই সমস্যাটোৱে আৰু বেছি কষ্ট দিয়ে। আচলতে চৰ্দি হ’লে কফ জমা হয়, আৰু নাক বন্ধ হৈ পৰে। শুকান বতাহে এই সমস্যা আৰু অধিক বৃদ্ধি কৰে। নাক বন্ধ হৈ পৰাৰ পৰা মুক্তি পাবলৈ ঘৰুৱা উপায় অতি ফলপ্ৰসূ।

বহুতে চৰ্দিৰ পৰা পৰিত্ৰাণ পাবলৈ ঔষধ খায়, কিন্তু তৎক্ষণাত সকাহ পোৱাটো কঠিন। আজিকালি বন্ধ হৈ যোৱা নাক পৰিষ্কাৰ কৰা স্প্ৰে’বোৰো বজাৰত উপলব্ধ হৈছে যদিও, ই অভ্যাস হৈ পৰে। গতিকে বন্ধ নাক খুলিবলৈ সহজ টিপছ জানো আহক।

লং আৰু গৰম পানীৰ ভাপ

ভাপে প্ৰাপ্তবয়স্কৰ লগতে শিশুৰ নাক বন্ধ হৈ পৰাৰ পৰা সকাহ দিয়ে। গৰম পানীত লং তেল দিব পাৰে বা ৭ৰ পৰা ৮টা লং পিহি পানীত ভৰাই তাৰ পৰা ভাপ ল’ব পাৰে।

সৰিয়হৰ তেল অতি ফলপ্ৰসূ

নাক বন্ধ হৈ হ’লে নাকত সৰিয়হৰ তেল এটোপাল বা দুটোপাল দি কিছু সময় শুই থাকিব লাগে। ইয়াৰ বাবে নাক খোল খাবলৈ আৰম্ভ কৰে।

এই চাহ দিনে দুই-তিনিবাৰ খাব লাগে

ঠাণ্ডাৰ পৰা সকাহ পাবলৈ ৬-৭ টা তুলসীৰ পাত, ২-৩ টা লং, আধা ইঞ্চি আদাৰ টুকুৰা, ৩-৪ টা জালুক ভালদৰে একাপ পানীত উতলাই লওক। এই পানী খালে ঠাণ্ডা আৰু ডিঙিৰ বিষ কমি যায় আৰু লগতে চৰ্দিৰ সকলো সমস্যা আঁতৰিব।

কিদৰে চিনিব ৰাসায়নিক দ্ৰৱ্য ব্যৱহাৰেৰে পকোৱা কল? চাওক এই সহজ টিপছ্
কি কি কাৰণত আঁঠুৰ বিষ হয়? হ'ব পাৰে এই জটিল ৰোগ...
কিডনী সুস্থ ৰাখিবলৈ দৈনিক খাওক এই তিনিবিধ প্ৰাকৃতিক পানীয়
ডায়েবেটিছ ৰোগীয়ে কল খালে সমস্যাত পৰিব পাৰে নেকি! জানি লওক এতিয়াই
গুৱাহাটীৰ গেটৱে’ ঘাট টাৰ্মিনেলত মুখ্যমন্ত্ৰী শৰ্মা
‘মিছ গ্ল’বেল এছিয়া ২০২৫’ৰ খিতাপ অৰ্জন ষ্টেফী গগৈৰ
অখিল গগৈ সন্দৰ্ভত কি ক'লে মুখ্যমন্ত্ৰীয়ে...
বিজেপিয়ে কিমান আসন পাব বুলি ক'লে মুখ্যমন্ত্ৰীয়ে...