HIV symptoms: কোনো মহিলা HIV ত আক্ৰান্ত হ’লে কি কি লক্ষণে দেখা দিয়ে? জানক বিশেষজ্ঞৰ পৰা…
HIV Symptoms: বৰ্তমান দেশত বৃদ্ধি পাইছে এইচ আই ভি ৰোগীৰ সংখ্যা। যেতিয়া এই ৰোগ হয় তেতিয়া কিছুমান লক্ষণে দেখা দিয়ে। বহুতে ইয়াক সাধাৰণ বুলি আওকান কৰে যদিও ই সমস্যাৰ সৃষ্টি কৰিব পাৰে।

Hiv লক্ষণ
ৰাজ্যত বৃদ্ধি পাইছে HIV সংক্ৰমিত ৰোগীৰ সংখ্যা। HIV (Human Immunodeficiency Virus) এনে এক ৰোগ যিয়ে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল কৰি তোলে। শৰীৰত যিবোৰ কোষে ৰোগ প্ৰতিৰোধ ক্ষমতাত অৰিহনা যোগাই, সেই কোষবোৰ এই ভাইৰাছে দুৰ্বল কৰি তোলে। যদি ইয়াৰ চিকিৎসা সময়ত কৰা নহয় তেন্তে ই পাছলৈ এইডছ (Acquired Immunodeficiency Syndrome)লৈ পৰিণত হোৱাৰ সম্ভাৱনা থাকে। যাৰ পৰা হাত সৰাৰ সম্ভাৱনা অতি কম।
যেতিয়া এই ৰোগ হয় তেতিয়া বিভিন্ন লক্ষণে দেখা দিয়ে। গতিকে ইয়াৰ বিষয়ে জনা দৰকাৰ। মহিলাসকলৰ ক্ষেত্ৰত এইচ আই ভি হোৱাৰ কিছুমান বিশেষ কাৰণ থাকিব পাৰে। এই কাৰণসমূহ-
- অসুৰক্ষিত যৌন সম্পৰ্ক,
- সংক্ৰমিত ব্যক্তিৰ তেজ বা বেজীৰ সংস্পৰ্শ,
- গৰ্ভাৱস্থা বা স্তনপানৰ সময়ত মাতৃৰ পৰা শিশুলৈ,
- মহিলাৰ ক্ষেত্ৰত STI য়েও এই ৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে,
- নিষিদ্ধ দ্ৰব্যৰ ব্যৱহাৰ আদি।
লক্ষণ
যেতিয়া মহিলাৰ HIV হয় তেতিয়া শাৰীৰিক আৰু মানসিক দুয়োটা অৱস্থাৰে অৱনতি ঘটে। এনে অৱস্থাত সাধাৰণ কোনো ৰোগ হ’লে ই গুৰুতৰ হৈ পৰে। ইয়াৰোপৰি আজিও এই ৰোগৰ বিষয়ে মানুহ সজাগ নহয়। যাৰ বাবে ৰোগীক বহু ক্ষেত্ৰত পৰিয়াল বা সমাজে অৱহেলা কৰা দেখা যায়। এই ৰোগৰ চিকিৎসা আজীৱন হয়। চিকিৎসাৰ লগতে ৰোগীক মানসিক সমৰ্থনৰ প্ৰয়োজন হয়।
অনিয়মিত মাহেকীয়া, সঘনাই সংক্ৰমণ আৰু ভাগৰুৱা অনুভৱ আদি এই ৰোগৰ সাধাৰণ লক্ষণ। কিন্তু বহুতে এইবোৰ সাধাৰণ বুলি আওকান কৰে। এই ৰোগৰ কিছুমান লক্ষণ তলত উল্লেখ কৰা হ’ল-
- জ্বৰ,
- ভাগৰ,
- ডিঙিত চৰচৰণি,
- ফুলা আদি
সংক্ৰমণ বেছি হোৱাৰ পাছত লক্ষণ
- বাৰে বাৰে যোনিৰ সংক্ৰমণ,
- পেলভিক ইনফ্লেমেটৰী ডিজিজ (PID),
- মাহেকীয়াৰ ক্ষেত্ৰত সমস্যা,
- বাৰে বাৰে ডায়েৰিয়া হোৱা
- ছালত ফোহা ওলোৱা,
- ওজন কমি যোৱো কোনো কাৰণ নোহোৱাকৈ
- বেছি ঘাম ওলোৱা,
- শৰীৰত অনবৰত বিষ হোৱা,
- সন্তান নোহোৱা আদি।
পৰিত্ৰাণৰ উপায়
- অসুৰক্ষিত যৌন সম্পৰ্ক পৰিহাৰ কৰক।
- আনে ব্যৱহাৰ কৰা ব্লেড, বেজী আদি ব্যৱহাৰ নকৰিব।
- গৰ্ভাৱস্থাত HIV পৰীক্ষা কৰক।
- লক্ষণবোৰ দীৰ্ঘদিন ধৰি দেখা দিলে বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰক।
- অধিক জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ লওক।
অন্য খবৰ পঢ়কঃ পেটৰ বিষ, শৌচৰ ৰং সলনি…অগ্নাশয়ৰ কৰ্কট ৰোগ হ’লে কি কি লক্ষণে দেখা দিয়ে, জানক বিশেষজ্ঞৰ পৰা…