শৰীৰত কলেষ্টেৰল বাঢ়িছে নেকি ? এই ৫ টা লক্ষণক আওকাণ নকৰিব…

এই লক্ষণসমূহ চকু, ছাল আৰু উশাহ-নিশাহৰ লগত জড়িত যদিও মানুহে ইয়াক আওকাণ কৰে। যদি এই লক্ষণসমূহ সময়মতে চিনাক্ত হয়, তেন্তে এটা ডাঙৰ সমস্যাৰ পৰা হাত সাৰিব পৰা যায়।

শৰীৰত কলেষ্টেৰল বাঢ়িছে নেকি ? এই ৫ টা লক্ষণক আওকাণ নকৰিব...

কলেষ্টেৰল বৃদ্ধিৰ লক্ষণ

Published: 

05 Jul 2025 | 12:16 AM

কলেষ্টেৰল স্বাস্থ্যৰ বাবে বিপদজনক। যদি ইয়াৰ লক্ষণসমূহ সময়ত চিনাক্ত কৰিব নোৱাৰে তেন্তে গুৰুতৰ হৃদৰোগ আৰু ষ্ট্ৰোকৰ আশংকা বৃদ্ধি পাব পাৰে । পৰিৱৰ্তিত জীৱনশৈলী, ফাষ্ট ফুড আৰু ৱৰ্কআউট নকৰাৰ বাবে মানুহৰ মাজত উচ্চ কলেষ্টেৰলৰ দৰে সমস্যা বৃদ্ধি পাবলৈ ধৰিছে । কলেষ্টেৰল বৃদ্ধিৰ বাবে হৃদৰোগৰ সম্ভাৱনা বহুগুণে বৃদ্ধি পায় । কিন্তু স্বাস্থ্যৰ কোনো ডাঙৰ জৰুৰীকালীন অৱস্থা নোহোৱালৈকে বেছিভাগ মানুহেই এই সমস্যাক গুৰুত্বসহকাৰে নলয়।

আপুনি জানেনে যে, শৰীৰে আপোনাক আগতীয়াকৈ কিছু সংকেত দিবলৈ আৰম্ভ কৰে যে, আপোনাৰ তেজত কলেষ্টেৰলৰ পৰিমাণ স্বাভাৱিকতকৈ অধিক বৃদ্ধি পাইছে। এই লক্ষণসমূহ চকু, ছাল আৰু উশাহ-নিশাহৰ লগত জড়িত যদিও মানুহে ইয়াক আওকাণ কৰে। যদি এই লক্ষণসমূহ সময়মতে চিনাক্ত হয়, তেন্তে এটা ডাঙৰ সমস্যাৰ পৰা হাত সাৰিব পৰা যায়।

দিল্লীৰ পাটপাৰগঞ্জ মেক্স হাস্পতালৰ ডাঃ মীনাক্ষী জৈনে কয় যে, যদি শৰীৰত কলেষ্টেৰলৰ পৰিমাণ বৃদ্ধি পাইছে, তেন্তে কলেষ্টেৰলৰ তেজৰ পৰীক্ষা বা ‘লিপিড প্ৰফাইল’ কৰাটোৱেই উত্তম। এই পৰীক্ষাসমূহৰ দ্বাৰা আপুনি আপোনাৰ ভাল কলেষ্টেৰল আৰু বেয়া কলেষ্টেৰলৰ পৰিমাণ জানিব পাৰে। কিন্তু পৰীক্ষা অবিহনেও গম পাব পাৰে যে, শৰীৰত কলেষ্টেৰলৰ পৰিমাণ বাঢ়িছে। কাৰণ যেতিয়া কলেষ্টেৰল বৃদ্ধি পায় তেতিয়া শৰীৰে এনে কিছুমান সংকেত দিবলৈ আৰম্ভ কৰে, যিয়ে আপোনাক সতৰ্ক কৰি দিব পাৰে।

ইয়াৰ লক্ষণবোৰ

চকুৰ চাৰিওফালে হালধীয়া ৰঙৰ দাগ দেখা দিয়া

যদি আপোনাৰ চকুৰ চাৰিওফালে হালধীয়া ৰঙৰ দাগ দেখা দিবলৈ আৰম্ভ কৰে, তেন্তে ই উচ্চ কলেষ্টেৰলৰ স্পষ্ট লক্ষণ হ’ব পাৰে। এইবোৰ সৰু সৰু জমা হোৱা চৰ্বিৰ গোট, যিবোৰ ছালত দেখা দিবলৈ আৰম্ভ কৰে। এয়া কলেষ্টেৰল বৃদ্ধিৰ লক্ষণ।

কৰ্নিয়াৰ চাৰিওফালে বগা আঙঠি গঠন

যদি আপোনাৰ চকুৰ কৰ্নিয়া (ক’লা ছানি)ৰ চাৰিওফালে বগা বা পাতল ধোঁৱা-বৰণৰ আঙঠি গঠন হৈছে, তেন্তে ইয়াক ‘আৰ্কাছ চেনিলিছ’ বোলা হয়। যদি এই লক্ষণসমূহ যুৱক-যুৱতীৰ ক্ষেত্ৰত দেখা যায়, তেন্তে বুজিব যে শৰীৰত কলেষ্টেৰল বৃদ্ধি পাইছে। ধৰা পৰিলে পৰীক্ষা কৰাওক।

খোজ কঢ়াৰ সময়ত বুকুৰ বিষ

যদি আপুনি লাহে লাহে খোজ কঢ়াৰ পিছতো বুকুত গধুৰতা বা বিষ অনুভৱ কৰে, তেন্তে এইটো হৃদযন্ত্ৰত পৰ্যাপ্ত পৰিমাণৰ তেজ যোগান নোপোৱাৰ লক্ষণ হ’ব পাৰে, যিটো ব্লক আৰু উচ্চ কলেষ্টেৰলৰ বাবে হ’ব পাৰে।

উশাহ লোৱাত কষ্ট পোৱা

যদি আপুনি কিছুমান সৰু সৰু কাম কৰে আৰু সোনকালে ভাগৰুৱা বা উশাহ-নিশাহৰ কষ্ট অনুভৱ কৰে, তেন্তে ই শৰীৰৰ অক্সিজেন যোগানত প্ৰভাৱ পেলোৱাৰ লক্ষণ হ’ব পাৰে, যিটো কলেষ্টেৰলৰ সৈতে জড়িত ধমনী বন্ধ হোৱাৰ বাবে হ’ব পাৰে। এনে পৰিস্থিতিত তৎক্ষণাত পৰীক্ষা কৰাব লাগে।

আঙুলি নীলা হোৱা

যদি আপোনাৰ আঙুলিবোৰ প্ৰায়ে নীলা বা ঠাণ্ডা অনুভৱ হয়, তেন্তে ই ইংগিত দিয়ে যে শৰীৰৰ অংগসমূহলৈ তেজৰ যোগান সঠিকভাৱে পোৱা নাই, ইয়াৰ এটা কাৰণ হ’ব পাৰে কলেষ্টেৰলৰ বাবে তেজৰ ধমনী সংকুচিত হোৱা।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব