Happy Raksha Bandhan: আজি পবিত্ৰ ৰাখী বন্ধন, এই দিনটোত দূৰত থকা ভাতৃ-ভগ্নীক দিয়ক শুভেচ্ছা

আজি উদযাপন কৰা হৈছে ৰাখীবন্ধন উৎসৱ (Rakhi festival 2025)। ৰীতি-নীতিৰে (Raksha Bandhan Rituals) ভগ্নীয়ে ভাতৃৰ হাতত ৰাখী বান্ধি এই দিনটো পালন কৰিছে। ভাতৃ-ভগ্নীসকলৰ বাবে ৰাখীবন্ধন এক গুৰুত্বপূৰ্ণ উৎসৱ।

Happy Raksha Bandhan: আজি পবিত্ৰ ৰাখী বন্ধন, এই দিনটোত দূৰত থকা ভাতৃ-ভগ্নীক দিয়ক শুভেচ্ছা

কাইলৈ পবিত্ৰ ৰাখী বন্ধন

Updated On: 

09 Aug 2025 09:37 AM

Raksha Bandhan Wishes & Quotes : ৰাখী বন্ধন হৈছে ভাতৃত্ব আৰু স্নেহৰ এক ঐতিহ্যবাহী উৎসৱ, যিটো ভাৰত আৰু দক্ষিণ এছিয়াৰ বহু ঠাইত উলহ-মালহেৰে পালন কৰা হয়। ইয়াৰ অৰ্থ হৈছে “ৰাখী” মানে ৰক্ষা কৰা আৰু “বন্ধন” মানে বন্ধন বা গঁঠা। ৰাখী বন্ধনৰ কিছু নিয়ম আছে। যেনে, ৰাখী পিন্ধাৰ সময়ত ভাতৃয়ে পূব দিশে মুখ কৰি বহিব লাগে। বিপৰীত দিশে অৰ্থাৎ পশ্চিম ফালে মুখ কৰি বহি ৰাখী পিন্ধাব লাগে ভগ্নীয়ে। নতুন পোছাক, গহণা, টকা বা আন কোনো উপহাৰ দিয়ে ভাতৃয়ে ভগ্নী নাইবা বায়েকক।

যদি আপোনাৰ ভাতৃ-ভগ্নী দূৰত থাকে তেন্তে এই বিশেষ বাৰ্তা প্ৰেৰণ কৰি ৰাখীবন্ধনৰ শুভেচ্ছা জনাব পাৰে।

  1.  ভাগ্যশালী সেইসকল ভগ্নী, যাৰ মূৰত ভাতৃৰ হাত থাকে। কাজিয়াৰ পৰা মৰমেৰে আলপৈচান ধৰালৈ… সেয়ে ভাতৃ–ভগ্নীৰ এই সম্পৰ্কত অটুট মৰম থাকে। ৰাখীবন্ধনৰ শুভেচ্ছা…
  2. জনম জনমৰ সম্বন্ধ আমাৰ বিশ্বাস আৰু মৰমেৰে ভৰা, ব’লা ইয়াক মৰমৰ এনাজৰীৰে বান্ধো..ৰাখীৰ মৰমৰ বান্ধোনত। Happy Raksha Bandhan 2025
  3. যদিও দূৰত আছা তথাপিও হৃদয়ৰ ওচৰত থাকিবা… এই ৰাখীবন্ধন তোমাৰ বাবে বিশেষ হওঁক আৰু ই পৃথিৱীৰ সকলো সুখ কঢ়িয়াই আনক। ৰাখীবন্ধনৰ শুভেচ্ছা!
  4. কিছুমান সম্পর্কই জীৱনতটো জীপাল কৰি ৰাখে, তাৰ ভিতৰত ভাই – ভনীৰ সম্পর্কটো হ’ল শ্রেষ্ঠ। শুভ ৰাখীবন্ধন।
  5. মোৰ ভাতৃয়ে যেন সকলো সময়ত সুস্থ আৰু ভালে থাকে, জীৱনটো যেন হয় আনন্দময়..তাৰেই কামনা কৰোঁ। ৰাখীবন্ধনৰ শুভেচ্ছা।
পোকে খাইছে নেকি আপোনাৰ দাঁত? ঘৰুৱা পদ্ধতিৰে দূৰ কৰক এই সমস্যা
অসমীয়া নে সংস্কৃত... হনুমান চালিছা কোনটো ভাষাত পঢ়িলে ভাল ফলাফল পোৱা যায়?
এঞ্জেল নম্বৰ! বাৰে বাৰে ১১১, ২২২, ৩৩৩ দেখাৰ অৰ্থ কি জানেনে, জানক...
আহিব দুৰ্ভাগ্য! সূৰ্যাস্তৰ পাছত ধাৰলৈ নিদিব এই ৫ বস্তু...