Lakshmi Puja Wishes: লক্ষ্মী পূজাৰ শুভ ক্ষণত সকলোকে এইদৰে জনাব পাৰে শুভেচ্ছা

লক্ষ্মী হৈছে ধন-ঐশ্বৰ্যৰ অধিষ্ঠাত্ৰী দেৱী। এই দিনটোত দেৱীৰ আৰাধনা কৰিলে ঘৰত ধন-সম্পত্তি তথা সুখ-সমৃদ্ধিৰে নদন-বদন হৈ পৰে বুলি বিশ্বাস কৰা হয় । মানুহে বিশ্বাস কৰে যে এই দিনটোতে মাতৃ লক্ষ্মী পৃথিৱীলৈ আহি নিজৰ ভক্তসকলৰ ওপৰত আশীৰ্বাদ বৰষুণ কৰে। এই লক্ষ্মী পূজাৰ শুভ ক্ষণত সকলোকে এইদৰে জনাব পাৰে শুভেচ্ছা...

Lakshmi Puja Wishes: লক্ষ্মী পূজাৰ শুভ ক্ষণত সকলোকে এইদৰে জনাব পাৰে শুভেচ্ছা

লক্ষ্মী পূজাৰ শুভ ক্ষণত সকলোকে এইদৰে জনাব পাৰে শুভেচ্ছা

Updated On: 

05 Oct 2025 | 02:48 PM

কাইলৈ ধন-ঐশ্বৰ্যৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মী পূজা। লক্ষ্মীক আদৰিবলৈ ৰাজ্যজুৰি ব্যাপক প্ৰস্তুতি। ঘৰে ঘৰে আয়োজন কৰা হয় লক্ষ্মী পূজা। সমান্তৰালকৈ বজাৰসমূহ ভৰি পৰিছে পূজাত প্ৰয়োজনীয় উপকৰণেৰে।

জনবিশ্বাস-মতে লক্ষ্মীপূজাৰ দিনা লক্ষ্মী দেৱী তেওঁৰ ভক্তসকলৰ ঘৰলৈ আহি তেওঁলোকক আশীৰ্বাদ দিয়ে। লক্ষ্মী দেৱীক আদৰিবলৈ ভক্তসকলে ঘৰ-দুৱাৰ পৰিষ্কাৰ কৰে, ফুল আৰু পোহৰেৰে নিজৰ ঘৰ আলোকিত কৰে, বিভিন্ন প্ৰকাৰৰ মিষ্টান্ন আৰু ভোগ ৰান্ধে। লক্ষ্মীপূজাত লক্ষ্মী-চৰিত আৰু পাঁচালী পাঠ কৰা হয়। ঠাই বিশেষে লক্ষ্মীপূজাৰ নীতি-নিয়মৰ পাৰ্থক্য পৰিলক্ষিত হয়।

লক্ষ্মী হৈছে ধন-ঐশ্বৰ্যৰ অধিষ্ঠাত্ৰী দেৱী। এই দিনটোত দেৱীৰ আৰাধনা কৰিলে ঘৰত ধন-সম্পত্তি তথা সুখ-সমৃদ্ধিৰে নদন-বদন হৈ পৰে বুলি বিশ্বাস কৰা হয় । মানুহে বিশ্বাস কৰে যে এই দিনটোতে মাতৃ লক্ষ্মী পৃথিৱীলৈ আহি নিজৰ ভক্তসকলৰ ওপৰত আশীৰ্বাদ বৰষুণ কৰে। এই লক্ষ্মী পূজাৰ শুভ ক্ষণত সকলোকে এইদৰে জনাব পাৰে শুভেচ্ছা…

  1. অনাগত দিনত আপোনাৰ ঘৰখন অধিক ঐশ্বৰ্যশালী আৰু সমৃদ্ধিশালী কৰি তোলাৰ বাবে অধিষ্ঠাত্ৰী দেৱী মাৰ শ্ৰীচৰণত নতশিৰে সেৱা যাচিলোঁ আৰু ৰাইজৰ মংগল কামনা কৰিলোঁ।
  2. সমূহ অসমবাসীক লক্ষ্মী পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন আৰু ঐশ্বৰ্যৰ অধিষ্ঠাত্ৰী দেৱী আই লক্ষ্মীয়ে সকলোৰে মংগল সাধন কৰক।
  3. মহালক্ষ্মীৰ আশীৰ্বাদে সকলোৰে জীৱনলৈ কঢ়িয়াই আনক সুখ আৰু সমৃদ্ধি। লক্ষ্মী পূজাৰ শুভেচ্ছা
  4. লক্ষ্মী পূজাৰ হিয়াভৰা শুভেচ্ছা জনালোঁ। লক্ষ্মী মাই আপোনাক সকলোৰে জীৱনলৈ কঢ়িয়াই আনক অফুৰন্ত সুখ- সমৃদ্ধি, ধন-ৰত্ন।
  5. ঔম: মহালক্ষ্মী নম:, লক্ষ্মী পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ।

 

 

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...