Magh Bihu Wishes In Assamese: মেজিৰ অগ্নিশিখাই নাশ কৰক অপশক্তি… হেঁপাহৰ ভোগালী বিহুত আপোনজনক জনাওক শুভকামনা
আজি উৰুকা, নিশা সকলোৱে লগে ভাগে এসাঁজ খাই কৰিব আনন্দ। এই সময়ত কৃষকসকলে খেতি চপাই ভঁৰাল উপচাই ৰাখে বাবে এই বিহু ভোগালী বিহু ৰূপে প্ৰচলিত। সান্দহ, চিৰা, নানা ধৰণৰ পিঠা, লাডু, আখৈ, আদিৰে অসমীয়াৰ ঘৰ উপচি পৰে।

মাঘৰ বিহুক লৈ উখল-মাখল ৰাজ্য। জাতীয় উৎসৱ বিহুৱে অসমীয়া সমাজৰ ঐক্য আৰু মিলাপ্ৰীতিৰ ভাৱ অটুট ৰাখে। বিহুৰ সকলো কামেই সমূহীয়াভাৱে কৰা হয়, যিয়ে মানুহৰ মাজত ঐক্যভাৱ বৃদ্ধি কৰে। বিহুৰ জৰিয়তে অসমীয়া জাতিয়ে এক নিজস্ব পৰিচয় বহন কৰিছে। আজি ভোগালীৰ উৰুকা। অসমীয়াৰ প্ৰাণৰো প্ৰাণ বিহুত ইজনে সিজনক শুভকামনা জনোৱাটো এক পৰম্পৰা।
এই সময়ছোৱাত আপোনজনক জনাওক শুভকামনা…
- নিয়ৰ সৰা গধুলি.. মাঘৰ জাননী.. মেজিৰ তলৰ ধেমালি, ভোগালী বিহুৰ ওলগ জনালোঁ
- মেজিৰ অগ্নিশিখাই সমাজৰ পৰা সকলো অপশক্তি বিনাশ কৰি শুভ শক্তি সঞ্চাৰেৰে কঢ়িয়াই আনক অনাবিল সুখ-শান্তি আৰু অপৰিসীম সমৃদ্ধিৰ মধুৰ বাৰ্তা।
- ভোগালীৰ ভোগেৰে আৰু মেজিৰ উমেৰে সমৃদ্ধিশালী হওক সকলোৰে জীৱন। ভোগালীৰ ওলগ জনালোঁ।
- মেজিৰ জুইয়ে নাশ কৰক সকলো অপায়-অমংগল, সকলোৰে জীৱনত বোৱাই আনক শান্তিৰ নিজৰা। ভোগালীৰ ওলগ জনালোঁ।
- অসমীয়াৰ বাপতিসাহোন ভোগালী বিহুৰ শুভকামনা।
- সোণগুটিৰে উপচি পৰা ভঁৰাল ঘৰবোৰে কৃষিজীৱী ৰাইজৰ বুকুত জগাই তুলিছে নতুন আশা। সমূহ অসমবাসীক ভোগালী বিহুৰ ওলগ জনালোঁ।
- ঢেঁকীৰ মাত, আখলত পিঠা-পনা, ভেলাঘৰ বা মেজিঘৰত জ্যেষ্ঠ তথা অনুজসকলৰ ৰঙেৰে জীপাল সময়বোৰত অগ্নি দেৱতাৰ মন্ত্রপূত ধ্বনিয়ে কঢ়িয়ায় মাংগলিক শুভ বার্তা।
- ভোগালীৰ উলাহে সকলোৰে মনলৈ ন উদ্যম আৰু প্ৰাণলৈ কঢ়িয়াই আনক, তাৰেই কামনাৰে ভোগালীৰ ওলগ জনালোঁ।
- ৰং-ৰহইচ, পিঠা-পনাকে ধৰি চহকী ঐতিহ্যৰে সমৃদ্ধ ভোগালী বিহু আমাৰ জাতীয় জীৱনৰ অংশ। সকলোকে হেঁপাহৰ ভোগালী বিহুৰ শুভকামনা জনালোঁ।
লগতে পঢ়ক- বাৰে বাৰে হিকটি! এয়া শৰীৰৰ কি ৰোগৰ ইংগিত?