আপোনাৰ হাতত দেখা দিছে নেকি এই ৭টা লক্ষণ! হ’ব পাৰে এই ডাঙৰ ৰোগৰ সংকেত, জানক সকলো…

আজিকালি মানুহৰ বিভিন্ন স্বাস্থ্যজনিত সমস্যাই দেখা দিয়ে। বহু সমস্যাৰ সংকেত আমাক শৰীৰে দিয়ে। আনকি আমাৰ হাতখনেও শাৰীৰিক সমস্যাৰ সংকেত দিব পাৰে।

আপোনাৰ হাতত দেখা দিছে নেকি এই ৭টা লক্ষণ! হব পাৰে এই ডাঙৰ ৰোগৰ সংকেত, জানক সকলো...

হাত

Updated On: 

02 Sep 2025 | 05:36 PM

সকলো মানুহৰে স্বাস্থ্যৰ লগত জড়িত বিভিন্ন সমস্যাই দেখা দিয়ে। কেতিয়াবা লক্ষণ দেখা দিয় আৰু কেতিয়াবা নিদিয়ে। বহু সময়ত স্বাস্থ্যজনিত সমস্যা হ’লে শৰীৰে আমাক ইংগিত দিয়ে। কিন্তু মানুহে এইবোৰ আওকান কৰি চলে। গতিকে সময়মতে লক্ষণ জানিব পাৰিলে এই সমস্যাসমূহ পৰা পৰিত্ৰাণ পাব পাৰি। আমাৰ হাতেই দিব পাৰে শৰীৰত হৈ থকা কোনো বেমাৰৰ আগজাননী। বহুতে এইবোৰ সাধাৰণ বুলি ভাবিলে পাছলৈ সমস্যা হ’ব পাৰে।

এই ক্ষেত্ৰত সামাজিক মাধ্যমত জনাইছে নিউট্ৰেশ্যিয়ান লীমা মহাজনে। তেওঁ কয় যে, আমাৰ হাত বা হাতৰ আঙুলিয়ে শৰীৰৰ বিভিন্ন সমস্যাৰ সংকেত দিব পাৰে। যদি হাতৰ আঙুলি ফুলি উঠে বা দাগ দেখা দিয়ে তেন্তে ই কোনো ডাঙৰ ৰোগৰ লক্ষণ হ’ব পাৰে। ইয়াৰ বিষয়ে সবিশেষ তলত উল্লেখ কৰা হ’ল-

আঙুলিৰ পাছৰ অংশ ক’লাঃ আঙুলিৰ পাছৰ অংশ ক’লা পৰা হ’ব পাৰে ডাঙৰ সমস্যাৰ লক্ষণ। ই ইনচুলিন প্ৰতিৰোধ ক্ষমতা, প্ৰিডায়েবেটিছ, ডায়েবেটিছ, পিচিঅ’এছ বা ভিটামিন বি১২ৰ অভাৱৰ ফলত হ’ব পাৰে। এনে পৰিস্থিতিত চেনি, ৰিফাইন সামগ্ৰী খোৱাৰ পৰিমাণ কমাই দিব লাগে। যদি এনে লক্ষণে দেখা দিয়ে তেন্তে বিশেষজ্ঞৰ পৰামৰ্শ ল’ব পাৰে।

হাতৰ জিনজিননি: হাতত যদি জিনজিননি হৈ থাকে তেন্তে ই ভিটামিন বি১২ৰ অভাৱ, ডায়েবেটিছ, থাইৰয়ড, স্নায়ুৰ সমস্যা আদিৰ কাৰণে হ’ব পাৰে। এনে পৰিস্থিতিত ভিটামিন বি ১২ থকা খাদ্য যেনে গাখীৰ, দৈ, দাইল আদি খাব পাৰে। সমস্যা বেছি হ’লে বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰিব।

হাত ঠাণ্ডাঃ হাইপোথাইৰয়ডিজম, ৰক্তহীনতা, নিম্ন ৰক্তচাপ আদিৰ বাবে হাত ঠাণ্ডা হ’ব পাৰে। তেনে অৱস্থাত হিম’গ্লবিন আৰু থাইৰয়ড পৰীক্ষা কৰিব পাৰে। ইয়াৰোপৰি আইৰন আৰু আইডিন সমৃদ্ধ খাদ্য খাব লাগে।

হাত কঁপাঃ যদি হাত কঁপিবলৈ আৰম্ভ কৰে তেন্তে ইয়াৰ কাৰণ উদ্বেগ, হাইপাৰথাইৰয়ডিজম, তেজত চেনিৰ পৰিমাণ কম হোৱা আৰু অত্যধিক কেফেইন সেৱন হ’ব পাৰে।

আঙুলি ফুলাঃ হাইপোথাইৰয়ডিজম, অধিক ছডিয়াম সেৱন, অটোইম্যুন সমস্যা আৰু বাতবিষ আদিৰ বাবে হাতৰ আঙুলি ফুলিব পাৰে।

হাতৰ তলুৱা ৰঙাঃ যকৃতৰ সমস্যা, হৰম’ন সমস্যা, বাতবিষ, এলাৰ্জি আদিৰ বাবে এই সমস্যা হ’ব পাৰে।

নখত ৰেখাঃ নখত ৰেখা দিয়াৰ কাৰণ ভিটামিন বি ১২ৰ অভাৱ,ডিহাইড্ৰেশ্যন, বয়স বৃদ্ধি, পুষ্টিকৰ উপাদানৰ অভাৱ আদিৰ বাবে হ’ব পাৰে। এনেক্ষেত্ৰত পানী খাব লাগে আৰু ভিটামিন বি১২ থকা খাদ্য খাব লাগে।

 

গতিকে এই সমস্যাসমূহ যদি দীৰ্ঘদিন দেখা দি আছে তেন্তে এই ক্ষেত্ৰত বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে।

 

অন্য খবৰ পঢ়কঃ হৃদযন্ত্ৰত তেজ জমা হ’লে কি কি লক্ষণে দেখা দিয়ে? জানক বিশেষজ্ঞৰ পৰা…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...