খাদ্য খোৱাৰ পাছতো পেট ফুলাৰ সমস্যা হৈ থাকে নেকি? এই ঘৰুৱা উপায়ৰ দ্বাৰা পাব সকাহ, জানক সকলো…

আজিকালি মানুহৰ স্বাস্থ্যৰ লগত জড়িত বিভিন্ন সমস্যাই দেখা দিয়ে। পেট ফুলা বা গেছৰ সমস্যাকে ধৰি বহুতৰ বিভিন্ন সমস্যা হয়। কিছুমান ঘৰুৱা উপায়ৰ দ্বাৰাও এনে সমস্যাৰ পৰা হাত সাৰিব পাৰি।

খাদ্য খোৱাৰ পাছতো পেট ফুলাৰ সমস্যা হৈ থাকে নেকি? এই ঘৰুৱা উপায়ৰ দ্বাৰা পাব সকাহ, জানক সকলো...

পেট ফুলাৰ সমস্যা

Published: 

07 Sep 2025 20:32 PM

আজিকালি মানুহৰ বিভিন্ন স্বাস্থ্যজনিত সমস্যাই দেখা দিয়ে। বহুতৰে পাচনতন্ত্ৰৰ লগত জড়িত সমস্যাৰো সৃষ্টি হয়। বহুতে খাদ্যত সেউজীয়া শাক-পাচলি বা আন পুষ্টিকৰ উপাদান গ্ৰহণ কৰে, কিন্তু তাৰ পাছতো পেট ফুলা, গেছ, পেটৰ বিষ আদি সমস্যাত ভোগা দেখা যায়। কিছুমানৰ যদি পুৱা শুই উঠাৰ পাছতে পেট ফুলা বা গেছৰ সমস্যা হয়  তেন্তে কিছুমানৰ আকৌ খাদ্য গ্ৰহণ কৰাৰ পাছতো এনে হয়। এনেক্ষেত্ৰত মানুহে বিভিন্ন ধৰণৰ ঔষধ সেৱন কৰিবলৈ আৰম্ভ কৰে। কিন্তু আপুনি জানেনে, আপুনি খাদ্যৰ তালিকাত কিছুমান বস্তু অন্তৰ্ভুক্ত কৰি এই সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰে?

এই সন্দৰ্ভত সামাজিক মাধ্যমত সবিশেষ জনাইছে ডাঃ জোছেফ ছলহাবে। তেওঁ ইনষ্টাগ্ৰামত এটা ভিডিঅ’ শ্বেয়াৰ কৰি কৈছে যে কেনেকৈ কিছুমান খাদ্য বস্তুই মানুহক পেট ফুলা সমস্যাৰ পৰা পৰিত্ৰাণ দিব পাৰে। তেওঁ কৈছে, যদি খাদ্য গ্ৰহণ কৰাৰ পাছত পেট ফুলাৰ সমস্যা হয় তেন্তে লো-ব্লোট শাক-পাচলি খাব লাগে।

কি কি শাক-পাচলি খাব লাগে

এই ক্ষেত্ৰত তেওঁ কেইবিধমান শাক-পাচলি খাদ্যত অন্তৰ্ভুক্ত কৰাৰ বাবে উপদেশ দিছে। এইসমূহ হ’ল- গাজৰ, আলু (বগা বা ৰঙা), মিঠা আলু, আদা, পালেং, আৰুগুলা, ৰোমেন লেটুছা, কালে(এক প্ৰকাৰ সেউজীয়া পাতৰ পাচলি), মূলা আদি। গতিকে এইবোৰে গেছ বেছি তৈয়াৰ নকৰে।

ইয়াৰোপৰি তেওঁ কয় যে, সকলোৰে শৰীৰ বেলেগ বেলেগ। যদি এইবোৰ খোৱাৰ পাছতো আপোনাৰ শৰীৰত সমস্যা হৈ থাকে তেন্তে বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰিব পাৰে।

ইয়াৰোপৰি আপুনি তলত দিয়া কিছুমান উপায় গ্ৰহণ কৰিব পাৰে-

শাৰীৰিক কাৰ্যকলাপঃ প্ৰতিদিনে শাৰীৰিক কাৰ্যকলাপ কৰা প্ৰয়োজনীয়। ব্যায়াম কৰিব পাৰে। ইয়াৰোপৰি অন্তত সদায় ১৫-২০ মিনিট খোজ কাঢ়িব লাগে।

হাইড্ৰেটঃ শৰীৰত পানীৰ অভাৱত পেট ফুলাৰ সমস্যা হ’ব পাৰে। এনে ক্ষেত্ৰত প্ৰতিদিনে পৰ্যাপ্ত পৰিমাণৰ পানী খাব লাগে।

ছোডিয়ামঃ বেছিকৈ নিমখ খালে পেট ফুলাৰ সমস্যা হ’ব পাৰে। এনে ক্ষেত্ৰত কম ছোডিয়াম থকা খাদ্য খাব লাগে। ইয়াৰোপৰি পেকেটৰ খাদ্য, বেছি নিমখীয়া খাদ্য আদিৰ পৰা আঁতৰি থাকিব লাগে।

খাদ্য গ্ৰহণৰ পাছতঃ খাদ্য গ্ৰহণ কৰাৰ লগে লগে মানুহে শুব বা বহিব নালাগে। এনে ক্ষেত্ৰত খাদ্য ভালদৰে হজম হ’ব নোৱাৰে। যাৰ বাবে খাদ্য গ্ৰহণ কৰাৰ প্ৰায় ১-২ ঘন্টা পাছত শুব লাগে। এই সময়ত শৰীৰে ভালদৰে খাদ্য হজম কৰি ল’ব পাৰে।

পেট ফুলা এক ডাঙৰ সমস্যা। যদি আপোনাৰ দীৰ্ঘদিন ধৰি এই সমস্যাই দেখা দি থাকে তেন্তে বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে।

 

অন্য খবৰ পঢ়কঃ ঘৰুৱা উপায়! এই পানীয়ই নিয়ন্ত্ৰণ কৰিব পাৰে ডায়েবেটিছ, জানক বিশেষজ্ঞৰ পৰা…

১০০ বছৰ পাছত পিতৃপক্ষ আৰু চন্দ্ৰগ্ৰহণৰ সংযোগ! এই ৰাশিৰ বাবে শুভ...
অত্যধিক বগা স্ৰাৱ হয় নেকি? আঁৰৰ কাৰণ জানি হ'ব আচৰিত!
শৰীৰত কলেষ্টেৰলৰ মাত্ৰা বাঢ়িলে কেনেকৈ জানিব ? ইয়াৰ ৬ টা লক্ষণ জানক
স্বাস্থ্য ভালে ৰাখিবলৈ প্ৰতিদিনে কিমান পৰিমাণৰ নিমখ খাব লাগে? জানক...